লাচিত বৰফুকন
লাচিত বৰফুকন 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 𑜏𑜤𑜂𑜫 (লা-চিত ফু-কন লুং) | |
---|---|
জন্ম | লা-চিত ২৪ নৱেম্বৰ, ১৬২২ |
মৃত্যু | ২৫ এপ্ৰিল, ১৬৭২ কলিয়াবৰ |
সমাধিস্থল | হোলোঙাপাৰ, যোৰহাট, অসম |
স্মৃতিচিহ্ন | লাচিত বৰফুকন সহিতে আহোম সৈন্যৰ প্ৰতিমূৰ্তি |
বাসগৃহ | গড়গাঁও, গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | অসমীয়া |
বংশদ্ভূত | টাই আহোম |
পেচা | বৰফুকন (ফু-কন লুং) |
সক্ৰিয় হৈ থকা সময় | ১৬৬৭-১৬৭২ চন |
সংস্থা | আহোম সেনা |
জনা যায় | শৰাইঘাটৰ যুদ্ধ |
উল্লেখযোগ্য কৰ্ম | ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ বৰফুকনৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰিছিল |
গৃহস্থান | গড়গাঁও |
পদবী | বৰফুকন |
পূৰ্বসূৰী | ঘোঁৰাকোঁৱৰ |
উত্তৰসূৰী | লালুকসোলা বৰফুকন |
ৰাজনৈতিক আন্দোলন | আলাবৈৰ ৰণ, শৰাইঘাটৰ ৰণ |
Opponent(s) | মোগল সাম্ৰাজ্য |
ধৰ্ম | ফুৰালুং ধৰ্ম |
পিতৃ-মাতৃ | মোমাই তামুলী বৰবৰুৱা (ফুকে লুং লান-ফিমা)[1] [note 1] নাঙ লা চেঙ আইদেউ[2] |
আত্মীয়-স্বজন | ভাতৃ: লালুকসোলা বৰফুকন ভাৰধৰা বৰফুকন মৰঙ্গী বৰবৰুৱা লাও ডেকা দতুকাড়ী ভগ্নী: পাখৰী গাভৰু ককা বা প'-থাও: লান টাই লুঙ [3] |
লাচিত বৰফুকন বুৰঞ্জীমতে লা-চিত ফু-কন লুং (আহোম: 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 𑜏𑜤𑜂𑜫, ইংৰাজী: Lachit Borphukan) আছিল আহোম ৰাজ্যৰ নৱমজন বৰফুকন (ফু-কন লুং)। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল।[4] শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।
পৰিয়াল
[সম্পাদনা কৰক]লাচিত বৰফুকনৰ জন্ম গড়গাঁৱৰ ওচৰতে দিখৌ নৈৰ পাৰত। তেওঁৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম নাঙ লা চেঙ আইদেউ।[5] সাঁচিপাতৰ ৰাজবুৰঞ্জীত মোমাই তামুলী বৰবৰুৱাৰ নাম লান ফিমা বৰবৰুৱা বুলি উল্লেখ আছে।[6] তেওঁলোকৰ পূৰ্বপুৰুষ লুক ফিমা নামৰ ব্যক্তিজন ১২২৮ খ্ৰীষ্টাব্দত চাওলুঙ চৌকাফাৰ সহযাত্ৰী হিচাপে পাটকাই পাৰ হৈ অসমলৈ আহিছিল।[7] সেইকাৰণে তেওঁলোকৰ ফৈদ বা বংশটোক লান ফিমা বুলিও জনা যায়। চাওফা চুডাংফাৰ সময়ত তাওচুলাই কোঁৱৰে চাওফাৰ বিৰুদ্ধে কৰা বিদ্ৰোহত এই লান ফিমা ফৈদৰ থাউমুঙ তামৰা নামৰ এজন বিষয়াই সহযোগ কৰা বাবে তামৰাৰ ভাতৃ ফু-কে ফিমাক লুক-খা-খুন খেললৈ পৰিবৰ্তন কৰা হৈছিল।[8] স্বৰ্গদেউ প্ৰতাপ সিংহই এই ফু-কে ফিমাৰ নাতি লান টাই লুঙ তামুলীৰ পুত্ৰ ত্যিৰিঙ ফিচেঙ ওৰফে মোমাই তামুলীক বৰবৰুৱা পাতিছিল। মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰসকল হ'ল লালুকসোলা বৰফুকন, ভাৰধৰা বৰফুকন(লান ৰণ কপ), মৰঙ্গী বৰবৰুৱা(লান ব লিন), লাও ডেকা, দন্তকাড়ী। তেওঁৰ জীয়ৰীৰ নাম পাখৰী গাভৰু বা পাহী গাভৰু। মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ আছিল বাদুলী ৰজাশহুৰ বৰফুকন। তেওঁৰ পুত্ৰ বাদুলী ডেকাফুকন। শৰাইঘাটৰ ৰণৰ পূৰ্বে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিতক বৰফুকন পদবী দিয়াৰ পূৰ্বে তেওঁৰ বংশ বিচাৰ কৰি তেওঁলোকৰ পৰিয়ালটোক লুক খা খুন খেলপৰা পুনৰ পূৰ্বৰ মৰ্যদালৈ নিছিল।[9]
লাচিতৰ শিক্ষা গ্ৰহণ
[সম্পাদনা কৰক]ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা ফৈদ হ’ল লান ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।
লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেও চুপুংমুংৰ বৰফুকন হৈছিল।
দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেওৰ চকুত পৰে। এদিনাখনৰ কথা- দোলাত বহি থকা স্বৰ্গদেওৱে লাচিতক মাতি আনি ক’লে- “বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি।” লাচিতে উত্তৰ দিলে- “স্বৰ্গদেওৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। স্বৰ্গদেওৱে আদেশ দিবহে লাগে।”[10]
তাৰ পিচতেই লাচিতক বৰফুকনৰ ভাৰ দিয়া হৈছিল। বৰফুকন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক স্বৰ্গদেওৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। স্বৰ্গদেওৰ সমুখত আঁঠু ল'ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। স্বৰ্গদেওৱে এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। স্বৰ্গদেওৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী আছিল ।
সাহসৰ অন্তিম নিদৰ্শন
[সম্পাদনা কৰক]শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।
লাচিত বৰফুকনৰ মৃত্যু
[সম্পাদনা কৰক]শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত স্বৰ্গদেও উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।
লাচিত-দিৱস
[সম্পাদনা কৰক]প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস (ইংৰাজী: Lachit Day) হিচাপে পালন কৰা হয়[11]।
আলোকচিত্ৰ
[সম্পাদনা কৰক]-
লাচিত মৈদামৰ ভিতৰত লাচিত ভৱন।
-
লাচিত বৰফুকনৰ মৈদাম হোলোঙাপাৰত, যোৰহাট
-
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এন ডি এ), খদকৱাছলাত লাচিত বৰফুকনৰ মূৰ্তি।[12]
-
তেজপুৰ চাৰ্চ ফিল্ডৰ সন্মুখত অৱস্থিত বীৰ লচিতৰ প্ৰতিমূৰ্ত্তি।
-
লাচিত বৰফুকনৰ এখন কাল্পনিক ডিজিটেল চিত্ৰ।
আৰু চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 𑜋𑜰𑜫𑜇𑜡 𑜀𑜦𑜡 𑜉𑜠 𑜋𑜦𑜧 𑜑𑜤𑜂𑜫 𑜎𑜦 𑜋𑜂𑜫 𑜑𑜧 𑜋𑜄𑜫 𑜋𑜥 𑜏𑜨𑜃𑜫 𑜏𑜂𑜫 𑜈𑜨𑜃𑜫 𑜍𑜥𑜎𑜦 𑜎𑜤𑜀𑜫 𑜇𑜥𑜀𑜦𑜧 𑜎𑜤𑜂𑜫 𑜄𑜣 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 (Baruah 1930:181)
- ↑ দিলিহিয়াল বুঢ়াগোহাঁই বংশাৱলী
- ↑ ৰাজবুৰঞ্জী, পুৰণি অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী, সাতসৰী অসম বুৰঞ্জী, আসাম বুৰঞ্জী
- ↑ "Explained: Ahom warrior Lachit Borphukan and the battles of Alaboi & Saraighat" (en ভাষাত). The Indian Express. 2022-03-03. https://indianexpress.com/article/explained/explained-ahom-warrior-lachit-borphukan-and-the-battles-of-alaboi-saraighat-7791371/। আহৰণ কৰা হৈছে: 2022-07-16.
- ↑ দিলিহিয়াল বুঢ়াগোহাঁই বংশাৱলী
- ↑ 𑜋𑜰𑜫𑜇𑜡 𑜀𑜦𑜡 𑜉𑜠 𑜋𑜦𑜧 𑜑𑜤𑜂𑜫 𑜎𑜦 𑜋𑜂𑜫 𑜑𑜧 𑜋𑜄𑜫 𑜋𑜥 𑜏𑜨𑜃𑜫 𑜏𑜂𑜫 𑜈𑜨𑜃𑜫 𑜍𑜥𑜎𑜦 𑜎𑜤𑜀𑜫 𑜇𑜥𑜀𑜦𑜧 𑜎𑜤𑜂𑜫 𑜄𑜣 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 (Baruah 1930:181)
- ↑ চৌকাফাৰ বুৰঞ্জী, Folio 1
- ↑ Ahom Buranji(Baruah 1930:191)
- ↑ Ahom Buranji(Baruah 1930:192)
- ↑ ভূঞা, সূৰ্য্য কুমাৰ, ৰায়-বাহাদুৰ, M.B.E.,M.A.,B.L.(কলিকতা), Ph.D. Lachit Barphukan and his times
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2004-10-25. https://web.archive.org/web/20041025162428/http://www.hvk.org/articles/0801/92.html। আহৰণ কৰা হৈছে: 2007-05-14.
- ↑ "Lachit Borphukan : A great 'unknown' Son of Sanatan Dharma | Hindu Human Rights Online News Magazine". Hinduhumanrights.info. 2012-06-10. http://www.hinduhumanrights.info/lachit-borphukan-a-great-unknown-son-of-sanatan-dharma/। আহৰণ কৰা হৈছে: 2013-04-03.
উৎস প্ৰসংগ
[সম্পাদনা কৰক]- Baruah, GC (1930), Ahom-Buranji, https://books.google.co.in/books/about/Ahom_Buranji.html?id=LKScnQEACAAJ&redir_esc=y
টোকা
[সম্পাদনা কৰক]- ↑ লাচিত বৰফুকনৰ পিতৃ সম্পৰ্কে বহুতো বুৰঞ্জীবিদে ভিন্ন মত দিয়ে যদিও বুৰঞ্জীৰ মতে তেওঁৰ পিতৃ ফুকে লুং লান ফিমা, উৎস বুৰঞ্জী:আহম বুৰঞ্জী (২০২৩ চন, সাঁচিপতীয়া ৰাজবুৰঞ্জী), আসাম বুৰঞ্জী (১৯৩০ চন, সম্পাদনা- ৰায়বাহাদুৰ গোলাপ চন্দ্ৰ বৰুৱা), পুৰণি অসম বুৰঞ্জী (সম্পাদনা- পণ্ডিত হেমচন্দ্ৰ গোস্বামী), কামৰূপৰ বুৰঞ্জী
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত লাচিত বৰফুকন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Emulate the spirit and skill of Lachit Barphukan Archived 2004-10-25 at the Wayback Machine লিখক: লে. জে. এচ. কে. সিনহা
- Lachit Borphukon Archived 2007-03-10 at the Wayback Machine লিখক: অজিত বৰুৱা
- http://www.hvk.org/articles/0801/92.html Archived 2004-10-25 at the Wayback Machine
- http://www.rediff.com/news/2003/jun/06inter.htm
- http://www.hvk.org/articles/0801/92.html Archived 2004-10-25 at the Wayback Machine
- http://www.hvk.org/articles/0801/92.html Archived 2004-10-25 at the Wayback Machine