মনালিছা শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনালিছা শইকীয়া
জন্ম ১৯৭৫
গোলাঘাট, অসম
পেচা ঔপন্যাসিক, গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
সময় ২০০০-বৰ্তমানলৈ
উল্লেখনীয় কৰ্মৰাজি শংখনিনাদ
পুণৰ জনম লয় তেজীমলাই
উল্লেখযোগ্য বঁটা মুনীন বৰকটকী বঁটা (২০০৪),
আধাৰশিলা নতুন প্ৰজন্মৰ সাহিত্যিক বঁটা (২০১১)
দৈনিক অসম সাহিত্য বঁটা (২০১৬)
দাম্পত্যসংগী মনোৰম গগৈ
পিতৃ-মাতৃ লক্ষ্মী শইকীয়া (পিতৃ)
অৰুণা শইকীয়া (মাতৃ)

মনালিছা শইকীয়া (ইংৰাজী: Monalisha Saikia; জন্ম: ১৯৭৫ ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ। কেইবাটাও সাহিত্য বঁটাৰে সন্মানিত জনপ্ৰিয় লেখিকা গৰাকী ‘আচাম স্কুল অৱ জাৰ্নেলিজম’ৰ কাৰ্যবাহী নিৰ্দেশক। তেখেতে ‘গুমৰাগ’ নামৰ অসমীয়া আলোচনীখনো সম্পাদনা কৰিছিল।[1]

শিক্ষা[সম্পাদনা কৰক]

মনালিছা শইকীয়াই কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

কৰ্ম জীৱন[সম্পাদনা কৰক]

গল্পকাৰ ৰূপে সাহিত্য জীৱন আৰম্ভ কৰা শ্ৰীমতী মনালিছা শইকীয়াই ১৯৯৭ চনত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে নিজৰ নিয়মিত কৰ্মজীৱন আৰম্ভ কৰে। ২০০৬ চনত তেখেতে সাংবাদিকতাৰ সৈতে জড়িত হৈ ২০০৬ ৰ পৰা ২০০৮ চনলৈ সাদিন আৰু ২০০৮ ৰ পৰা ২০১১ চনলৈ দৈনিক জনমভূমি কাকতৰ সৈতে জড়িত হয়। [2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৯৮ চনত শ্ৰীমতী শইকীয়া প্ৰতিষ্ঠিত লেখক সাংবাদিক মনোৰম গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ একমাত্ৰ সন্তানৰ নাম সুগন্ধিপ্ৰাপ্তি (কাংকান)।

সাহিত্যকৃতি[সম্পাদনা কৰক]

উপন্যাস[3][সম্পাদনা কৰক]

  1. আন্দোলিত আকাশ
  2. শংখনিনাদ
  3. আবৰিৰ আকাশ আৰু পৃথিৱী
  4. পাপৰ পৃথিৱী
  5. সত্যবান দূৰ হৈ নেযাবা
  6. নাৰ্চিছাছৰ চহৰ

গল্প সংকলন[3][সম্পাদনা কৰক]

  1. পুনৰ জনম লৈ তেজীমলাই
  2. পানীৰ এই জীৱন নীলপৱন
  3. সংগোপনে সেউজীয়া
  4. বিগ বজাৰ
  5. কেতিয়াবা পখিলা
  6. এম আৰ টি ৰোড আৰু যত শেষ হয় শূণ্যতা (মৃতুঞ্জয় মহন্তৰ সৈতে যুটীয়া ভাৱে)
  7. পানীৰ পালক

[2]

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  1. অসমীয়া লোক সংস্কৃতি (ধৰণী লাহনৰ সৈতে যুটীয়া ভাৱে)

আলোচনীৰ যোগে প্ৰকাশিত উপন্যাসিকা[সম্পাদনা কৰক]

আলোচনীত প্ৰকাশিত ধাৰাবাহিক[সম্পাদনা কৰক]

বঁটা/সন্মান[সম্পাদনা কৰক]

  1. ২০১৬ চনৰ উপন্যাস শংখনিনাদৰ বাবে দৈনিক অসম সাহিত্য বঁটা [3]
  2. ২০০৪ চনত গল্প সংকলন ‘পুণৰ জনম লয় তেজীমলাই’ ৰ বাবে মুনীন বৰকটকী বঁটা [3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]