সমললৈ যাওক

মহেন্দ্ৰ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Mahendra boraৰ পৰা পুনঃনিৰ্দেশিত)
মহেন্দ্ৰ বৰা
জন্ম ২২ আগষ্ট, ১৯২৯
মৃত্যু ৯ এপ্ৰিল, ১৯৯৬
পেচা লেখক, কবি, সমালোচক, শিক্ষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

মহেন্দ্ৰ বৰা (ইংৰাজী: Mahendra Bora) (১৯২৯-১৯৯৬) এজন অসমীয়া কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক। ১৯৮৭ চনত তেখেতে অসম সাহিত্য সভাপাঠশালা অধিবেশনৰ সভাপতিৰ আসন অলঙ্কৃত কৰিছিল[1]

১৯২৯ চনৰ ২২ আগষ্টত ডিব্ৰুগড় জিলাটিংখংত মহেন্দ্ৰ বৰাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ইন্দ্ৰেশ্বৰ বৰা আৰু মাতৃৰ নাম আছিল লীলাৱতী বৰা

মহেন্দ্ৰ বৰাই প্ৰাথমিক শিক্ষা চৈখোৱা, মাকুম আৰু লাহোৱালত গ্ৰহণ কৰে। ডিব্ৰুগড়ৰ জৰ্জ ইন্সটিউটৰ পৰা তেওঁ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত ১৯৪৭ চনত শিৱসাগৰৰ হাইস্কুলৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৯ চনত কটন মহাবিদ্যালয়ৰ পৰা তৃতীয় স্থানত আই এ উত্তীৰ্ণ হয়। ১৯৫১ চনত তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰৰ পৰা ইংৰাজী বিষয়ত দ্বিতীয় শ্ৰেণীৰ উচ্চস্থান লাভ কৰি স্নাতকোত্তৰ সন্মান লাভ কৰে। ইয়াৰ পিছত তেওঁ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

অধ্যাপনা: কটন মহাবিদ্যালয়, ডিব্ৰুগড় মহাবিদ্যালয়। অধ্যক্ষ গোৱালপাৰা মহাবিদ্যালয় আৰু বিলাসীপাৰা মহাবিদ্যালয়ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ অধ্যাপক। বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় অধ্যাপক।

সাহিত্য সম্ভাৰ

[সম্পাদনা কৰক]

কবিতা সংকলন: জাতিষ্মৰ(১৯৬১), এই নদীয়েদি(১৯৭৩), ৰূপৰ টিলিঙাৰ মাত(১৯৮৩), আলি দোমোজাৰ ক্ৰছৰ পৰা(১৯৮৭), নীলা ধতুৰাৰ ফুল(১৯৮৭) আৰু জীৱন এক আস্তাৱল (১৯৯৫)[2]

প্ৰবন্ধ: ফুল তৰা গান, অসমীয়া কবিতাৰ ছন্দৰ শিল্পতত্ত্ব, ৰমন্যাসবাদ, সাহিত্য উপক্ৰমণিকা, সমাজবাদৰ কথা

অনুবাদ: মহাভাৰত ১ম খণ্ড মহাভাৰত ২য় খণ্ড, গীতা, ডন কুইকচোট, নীল সাগৰৰ সাধু, য়াৰ্লিং, আফকেজ টে’ন পিটাৰপান, দেশে দেশে গল্প। ,"ৰবাৰ্ট ব্ৰাউনিং"

সম্পাদনা: নতুন কবিতা, আনন্দ চন্দ্ৰ আগৰৱালা আৰু দুৰ্গেশ্বৰ শৰ্মা জীৱনাৱলী, মণিদীপ, অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদন (১৯৭৪-৭৫), 1957 In Assam, Fundamentals Of Assamese Metre, The Evalution Of Assamese Scrip আৰু Wessalisa। আত্মজীৱনী: "উপলা নদীৰ দৰে"

ইয়াৰোপৰি তেওঁ পাঠ্যপুথি সংকলন আৰু লিমাৰিকো ৰচনা কৰিছিল।

সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]
বৰ্ষবঁটাসংস্থা
১৯৬৮ৰাষ্ট্ৰীয় কবি সন্মানআকাশবাণী
১৯৪৯দুখুৰাম স্মাৰক বঁটাগুৱাহাটী বিশ্ববিদ্যালয়
১৯৮৩কেৰালাৰ মহাকবিৰ আসন স্মাৰক বঁটা
১৯৮৩মোহনৰাম শৰ্মা স্মাৰক বঁটা
১৯৮৩ৰঘুনাথ চৌধাৰী স্মাৰক বঁটা
১৯৯৪শংকৰদেৱ বঁটা

বিভিন্ন পদত

[সম্পাদনা কৰক]

১৯৯৬ চনৰ ৯ এপ্ৰিলত মহেন্দ্ৰ বৰাৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. প্ৰকাশ আলোচনী, ২০২০, ফেব্ৰুৱাৰী, পৃষ্ঠা-৪
  3. উপলা নদীৰ দৰে, অসমীয়া কবি আৰু কবিতা (নন্দ তালুকদাৰ)