হেমচন্দ্ৰ বৰুৱা
হেমচন্দ্ৰ বৰুৱা | |
---|---|
জন্ম | ২৪ আঘোণ ১৮৩৫ চন[1] দেৰগাঁও |
মৃত্যু | ১৭ ব'হাগ ১৮৯৬ চন |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
হেমচন্দ্ৰ বৰুৱা (ইংৰাজী: Hemchandra Barua; ১৮৩৫-১৮৯৬) অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক।[2] ‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়।[1] হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক (১০ ডিচেম্বৰ) ২০০৫ চনৰ পৰা 'অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস' হিচাপে ইলোৰা বিজ্ঞান মঞ্চই পালন কৰি আহিছে।[3]
জন্ম আৰু পৰিয়াল
[সম্পাদনা কৰক]হেমচন্দ্ৰ বৰুৱাৰ উপৰিপুৰুষ কলিবৰ এগৰাকী ব্ৰাহ্মণ আছিল জয়ধ্বজ সিংহৰ দিনত কান্যকুব্জৰ পৰা অসমলৈ আহিছিল৷ তেওঁক ৰজাই এহেজাৰ পূৰা নিষ্কৰ ব্ৰহ্মোত্তৰ মাটি দি বেজবৰুৱা পাতিছিল৷ কলিবৰ বেজবৰুৱাৰ সাতপুৰুষ পাছত মধুৰাম বেজবৰুৱা হয় আৰু তেওঁৰেই পুত্ৰ মুক্তাৰাম বৰুৱা৷ তেওঁ শিৱসাগৰ জিলাৰ মিছামৰা মৌজাৰ মৌজাদাৰ আছিল৷[4] ১৮৩৫ চনৰ ১০ ডিচেম্বৰ (১৭৫৭ শক৷[4])ত অসমৰ ঐতিহাসিক দেৰগাঁৱৰ ৰজাবাহৰত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল ৰূপহী দেৱী। মুক্তাৰামৰ দুগৰাকী ভাৰ্যা হৈছিল, প্ৰথমা ভাৰ্যাৰ যোগেশ্বৰ নামৰ এটি পুত্ৰ আছিল; কিন্তু ১৮ বছৰ বয়সতে যোগেশ্বৰৰ মৃত্যু হোৱাত মুক্তাৰামে দ্বিতীয় বিবাহ কৰিছিল৷ দ্বিতীয় ভাৰ্যাৰ ফালৰ পৰা হেমচন্দ্ৰৰ জন্ম হয়৷[4] মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ আৰু এজনী পুত্ৰী সন্তান আছিল। হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জ্যেষ্ঠ সন্তান আছিল।[5] হেমচন্দ্ৰৰ প্ৰায় ১২ বছৰমান বয়সত মুক্তাৰাম বৰুৱাৰ মৃত্যু হোৱাত সম্বন্ধীয় দদায়েক লক্ষ্মীৰাম বৰুৱাই হেমচন্দ্ৰক তুলি লয়৷[4]
শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন
[সম্পাদনা কৰক]হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত। দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে ব্যাকৰণো পঢ়ুৱাইছিল। ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ গাঁওখনত জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিৎসাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে।[6] ফলত তেওঁ শিৱসাগৰলৈ গৈ খুৰাক লক্ষ্মীৰাম বৰুৱাৰ ঘৰত থাকিবলগীয়া হয়। কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে। তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি টকা।[5][4] য'ত তেও কেপ্তেইন ব্ৰডীৰ সংস্পশলৈ আহে,যি সেই সময়ৰ শিৱসাগৰৰ ডেপুটী কমিচনাৰ আছিল। কেপ্তেইন ব্ৰডীয়ে আৰু খ্ৰীষ্টান মিছনাৰীসকলৰ সহায়ত তেওঁক ইংৰাজী ভাষা আৰু সংস্কৃতিৰ জ্ঞান দিছিল।
নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেও সংস্কৃত, হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান আহৰণ কৰিছিল। সেই সময়ত ইংৰাজী শিকাটো ভাল চকুৰে নাচাইছিল বাবে তেওঁ গোপনে ইংৰাজী শিকিছিল যদিও পিছত দদায়েকে জানিব পাৰি খঙতে তেওঁৰ সকলো শিক্ষা গ্ৰহণ বন্ধ কৰি দিছিল৷ সেয়ে, আমেৰিকান মিছনেৰীসকলৰ সহায়ত তেওঁ ইংৰাজী শিক্ষা সাং কৰিছিল৷[4]
বিবাহ
[সম্পাদনা কৰক]১৮৫২ চনত তেখেতে বিয়া কৰাইছিল। এবছৰৰ পাছতে এজনী কন্যা সন্তান জন্ম লাভ কৰে। জীয়েকৰ নাম পদ্মাৱতী ৰাখিছিল। বিয়াৰ মাত্ৰ দুবছৰ পাছতেই তেখেতৰ পত্নীয়ে অকাল মৃত্যুক সাৱটি লয়।[5]
কৰ্ম জীৱন
[সম্পাদনা কৰক]- গোলাঘাটৰ ৰাজহ বিভাগৰ পেচকাৰ পদত ৬ মাহৰ বাবে যোগদান।
- শিৱসাগৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষা প্ৰদান।
- শিৱসাগৰ কাছাৰীত ৰেভিনিউ পেস্কাৰ৷[4]
- পুনৰ ৰাজহ বিভাগৰ চাকৰিত যোগদান। (১৮৬২ চনলৈকে)
- গুৱাহাটীত ন্যায়িক আদালতৰ ভাষা অনুবাদক (কাকতী) হিচাপে যোগদান।[4]
- অধীক্ষক (চুপাৰিণ্টেডেণ্ট) পদলৈ পদোন্নতি লাভ।[4]
- কামৰূপৰ উপায়ুক্ত কাৰ্যালয়ত এবছৰ অনুবাদক পদত যোগদান।
- ন্যায়িক আয়ুক্ত চাহাবৰ কাৰ্যালয়ত পুনৰ যোগদান।
- কিছুকাল 'আছাম নিউচ' কাকতৰ সম্পাদক।[4]
এইবোৰৰ উপৰিও তেখেতে অসমত মিশ্যেনেৰী সকলৰ দ্বাৰা প্ৰকাশিত অৰুণোদই সংবাদ পত্ৰৰ লগতো জড়িত হৈ আছিল। ১৮৯৬ চন(১৮১৮ শক)ৰ ১৭ ব'হাগ তাৰিখে তেওঁৰ মৃত্যু হয়।[4]
প্ৰকাশিত পুথি
[সম্পাদনা কৰক]হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ ব্যাকৰণ নামৰ এখন পুথি ১৮৫৯ চনত লিখে। সেইখনৰে পুনৰ সংস্কৰণত “অশুধ’’বোৰ আঁতৰাই নতুন নাম “অসমীয়া ব্যাকৰণ’’ ৰাখি ১৮৭৩ চনত প্ৰকাশ কৰে।[7]
- অসমীয়া ভাষাৰ ব্যাকৰণ, ১৮৫৯ চনত প্ৰকাশ পায়।[5]
- অসমীয়া ল’ৰাৰ ব্যাকৰণ
- তুলনামূলক ব্যাকৰণ (অপ্ৰকাশিত)
- অসমীয়া ল’ৰাৰ আদিপাঠ
- পাঠ-মালা, এই পাঠ্যপুথিখন ১৮৮২ চনত ৰচনা কৰিছিল।[5]
- স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়,
- কানীয়াৰ কীৰ্ত্তন
- বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী
- আছামিজ মেৰেজ ছিষ্টেম
- অসমীয়া হেমকোষ, এই অভিধানখন ১৯০০ চনত প্ৰকাশ পায়।[5]
- পঢ়াশলীয়া অভিধান, ১৯০৬
- সংক্ষিপ্ত হেমকোষ (অপ্ৰকাশিত)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস". Archived from the original on 2020-04-30. https://web.archive.org/web/20200430103225/https://prathamkhabar.com/2017/12/%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A7%B0-%E0%A6%93%E0%A6%9C%E0%A6%BE-%E0%A6%B9%E0%A7%87%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1/। আহৰণ কৰা হৈছে: 39 April 2020.
- ↑ http://onlinesivasagar.com/literature/hemchandra-barua.html অনলাইন শিৱসাগৰ ৱেবছাইটত উল্লিখিত তথ্য
- ↑ "মঙলদৈত অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন". Archived from the original on 2021-05-15. https://web.archive.org/web/20210515205700/https://janambhumi.in/VG1wUmVrOUVaekJOUVQwOQ==/%E0%A6%AE%E0%A6%99%E0%A6%B2%E0%A6%A6%E0%A7%88%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A7%81%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%A6%E0%A6%AF%E0%A6%BE%E0%A6%AA%E0%A6%A8.html। আহৰণ কৰা হৈছে: 2021-05-15.
- ↑ 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 কলিতা, দণ্ডিনাথ (সম্পাদিত) (১৯৫৩). প্ৰদীপ. পৃষ্ঠা. ১৭.
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 গগণ চন্দ্ৰ অধিকাৰী (১০ ডিচেম্বৰ, ২০১১ (শনিবাৰ)). ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা. পৃষ্ঠা. ৪.
- ↑ http://www.iitg.ernet.in/rcilts/phaseI/hem_b.html RCILTS, IIT, Guwahati ত হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে থকা তথ্য
- ↑ ডেকা, ড° খগেশ সেন (২০২০). অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্বৰ ৰূপৰেখা. বান্ধৱ. পৃষ্ঠা. ৪৭-৪৮.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিউৎসত হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |
- কানীয়াৰ কীৰ্ত্তন, ৱিকিউৎসত থকা গ্ৰন্থ।
ৱিকিউদ্ধৃতিত হেমচন্দ্ৰ বৰুৱা বিষয় সংক্ৰান্তত উদ্ধৃতি আছে।