লক্ষ্মীনাথ বেজবৰুৱা
লক্ষ্মীনাথ বেজবৰুৱা | |
---|---|
জন্ম | ১৮৬৪, ১৪ অক্টোবৰ আহঁতগুৰি |
মৃত্যু | ১৯৩৮, ২৬ মাৰ্চ ডিব্ৰুগড় |
পেচা | গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক, সমালোচক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | কলা স্নাতক |
সময় | ১৮৬৪-১৯৩৮ |
উল্লেখনীয় কৰ্মৰাজি | মোৰ জীৱন সোঁৱৰণ শ্ৰীশ্ৰী শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ বুঢ়ী আইৰ সাধু কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা |
উল্লেখযোগ্য বঁটা | অসম সাহিত্য সভাৰ সভাপতি (১৯২৪ চন), অসম ছাত্ৰ সন্মিলনীৰ সভাপতি (১৯১৬ চন) |
দাম্পত্যসংগী | প্ৰজ্ঞাসুন্দৰী দেৱী |
পিতৃ-মাতৃ | পিতৃ - দীননাথ বেজবৰুৱা মাতৃ - ঠানেশ্বৰী দেৱী |
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Rasaraj Lakshminath Bezbaroa; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটক আৰু সাংবাদিকতাতো বেজবৰুৱাৰ অৱদান অমূল্য। মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্ৰকাশ পাইছিল।[1] কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল। শংকৰ-মাধৱৰ জীৱনী ৰচনা কৰি বেজবৰুৱাই শংকৰদেৱক কেৱল এজন ধৰ্মগুৰু ৰূপেই নহয়, অসমীয়া সাহিত্য-সংস্কৃতিৰ গুৰি-ধৰোঁতা আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰি থৈ গৈছে।[2] ব্রিটিচৰএই অসমীয়া জাতিয়ে যেতিয়া আত্ম-বিস্মৃতিত ভুগিছিল, অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বেজবৰুৱাই অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছিল।[3]
১৯০৯ চনত তেওঁ 'বাঁহী' আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰাই ৰচিত৷ অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' ৰূপে খ্যাত বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল৷ [4]
প্ৰথমটো অসমীয়া চুটি গল্প লিখা সাহিত্যিক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱা জনাজাত৷ বেজবৰুৱাৰ গল্প-সংকলক হৃদয়ানন্দ গগৈৰ মতে, বেজবৰুৱাই চুটি গল্প লিখিবলৈ লোৱা সময়ছোৱাত নিজ দেশৰ লগতে পাশ্চাত্য জগততো চুটিগল্পৰ অৱস্থা অত্যন্ত চালুকীয়া আছিল৷[5] 'জোনাকী' আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাই লিখা 'সেউতি' গল্পটোকেই প্ৰথমটো অসমীয়া চুটি গল্প আখ্যা দিয়া হৈছে৷[1][6][5] বেজবৰুৱাৰ জীৱনকালত তিনিখন গল্পপুথি প্ৰকাশ কৰিছিল৷ সেইকেইখনৰ বৰ্ষ অনুযায়ী ক্ৰমটো হৈছে-সুৰভি (১৯০৯, জানুৱাৰী), সাধুকথাৰ কুঁকি (১৯১০), জোনবিৰি (১৯১৩)৷ আনহাতে তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ এমুঠি অসংকলিত গল্প অতুল চন্দ্ৰ হাজৰিকাই কেহোঁকলি নামেৰে প্ৰকাশ কৰিব পাৰি বুলি 'বেজবৰুৱা গ্ৰন্থাৱলী'ত (১৯৬৮) মন্তব্য কৰিছে৷ [7]সেইখিনি গল্পৰ অধিকাংশই বাঁহী আলোচনীত প্ৰকাশিত৷
অসমৰ বিশিষ্ট সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু কৰ্মক স্বীকৃতি জনাই মন্তব্য কৰিছে যে-যি যি ক্ষেত্ৰত তেওঁ অসমীয়া সাহিত্যৰ অভাৱ বা দাৰিদ্ৰ্য অনুভৱ কৰিছিল সেই সেই ক্ষেত্ৰত প্ৰবল আত্মপ্ৰত্যয় আৰু প্ৰতিভাৰে তেওঁৰ সৃষ্টি কাৰ্যত কঁকালত টঙালি বান্ধি নামি গৈছিল৷ [8]
জন্ম
[সম্পাদনা কৰক]লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই ইংৰাজৰ আমোলত মুঞ্চিফৰ চাকৰি কৰিছিল। এবাৰ ডাঙৰীয়া দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল। সেইসময়ত আজিকালিৰ দৰে যানবাহনৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নাৱেৰেই যাত্ৰা আৰম্ভ কৰিছিল। সেই দিনা আছিল কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা। গধূলি আহঁতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাও বান্ধি ৰাতিৰ ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছিল। দীননাথ বেজবৰুৱাৰ সৰুজনা পত্নী ঠানেশ্বৰী দেৱীয়ে ভাত ৰান্ধিবলৈ লওতে গা বেয়া লগাত নাওৰ বুকুলৈ আহি তাতেই এটি সন্তান জন্ম দিয়ে। এই সন্তানটিয়েই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। এই জন্ম সম্পৰ্কে দেউতাকে সোঁৱৰণী কৰিছিল যদিও বেজবৰুৱাই সেই সোঁৱৰণী দেখাৰ আগতেই জুয়ে পুৰি নষ্ট কৰাত শেষলৈ তেওঁ নিজৰ 'মোৰ জীৱন সোঁৱৰণ' ত সকলোৱে জানিব পৰকৈ এটি চন উল্লেখ কৰিছিল। তেওঁ উল্লেখ কৰা চনটো হ'ল ১৮৬৮ খৃষ্টাব্দ, নৱেম্বৰ মাহ। আনহাতে তেওঁ নিজকে সেইবাবে "ভূমিষ্ঠ নহৈ নৌকাস্থ হ’লোঁ" বুলিহে উল্লেখ কৰিছে।[9]
বৰ্তমান অসম সাহিত্য সভাই তেওঁৰ জন্ম চন ১৮৬৪ চনৰ ১৪ অক্টোবৰ বুলি নিশ্চিত কৰিছে।[10] আনহাতে বেজবৰুৱা গ্ৰন্থাৱলীৰ তৃতীয় খণ্ডত প্ৰকাশিত দিনলিপিত তেওঁ ১৯৩২ চনৰ ১৩ অক্টোবৰ বৃহস্পতিবাৰৰ দিনলিপিত “My birthday, fed Senapatis etc.” বুলি উল্লেখ কৰিছে।[11] এই ফালৰ পৰা বেজবৰুৱাৰ জন্ম তাৰিখ ১৩ অক্টোবৰ বুলিও অনুমান কৰিব পাৰি।
শিক্ষা
[সম্পাদনা কৰক]বেজবৰুৱাই দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে প্ৰথম অৱস্থাত তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। শেষত দীননাথ বেজবৰুৱাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি শিৱসাগৰত স্থায়ীভাৱে থাকিবলৈ লোৱাত তাৰ পৰাই বেজবৰুৱাই ১৮৮৬ খ্ৰীষ্টাব্দত এণ্ট্ৰেঞ্চ পৰীক্ষাত পাছ কৰে। এণ্ট্ৰেঞ্চ পৰীক্ষাত পাছ কৰাৰ পিছতে বেজবৰুৱাই উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল। কলিকতাৰ ৰিপন কলেজত নাম লগালে যদিও বেজবৰুৱাৰ কলেজীয়া শিক্ষা সুখকৰ হোৱা নাছিল। প্ৰথম অৱস্থাতে কলিকতাৰ নতুন পৰিৱেশে তেওঁৰ স্বাস্থ্যৰ বাৰুকৈয়ে অৱনতি ঘটালে। দ্বিতীয়তে কলিকতাত পঢ়িবলৈ যাব নে নেযাব এনে দোধোৰ মোধোৰ অৱস্থাত থকাৰ কাৰণে তেওঁৰ নাম লগোৱাত পলম হয়। ফলত আন ছাত্ৰতকৈ তেওঁ শ্ৰেণীত পিছ পৰি যাব লগা হৈছিল। অধ্যাপকে দিয়া ক্লাছৰ লেক্চাৰবোৰ একোকে বুজিব নোৱাৰি তেওঁৰ মন নৈৰাশ্যৰে ভৰি পৰিছিল। এনে পৰিপ্ৰেক্ষিতত তেওঁ কলেজৰ শিক্ষা আধাতে সামৰি ঘৰলৈ ঘূৰি আহিল। কিন্তু শেষত পুনৰ কলিকতালৈ গৈ কলেজ ষ্ট্ৰীটৰ এটা ছাত্ৰাৱাসত থাকি চিটি কলেজত পঢ়া-শুনা কৰে। ১৮৯০ চনত কলিকতাৰ জেনেৰেল এছেম্ব্লী কলেজৰ পৰা বেজবৰুৱাই বি-এ পাছ কৰে। এজন ওখ খাপৰ উকিল হোৱাৰ ইচ্ছাৰে তেওঁ পুনৰ ৰিপন কলেজত আইন পঢ়িবলৈ আৰম্ভ কৰিছিল। লগতে প্ৰেছিডেঞ্চী কলেজত এম-এ শ্ৰেণীতো নাম লগাইছিল। কিন্তু শেষত বেজবৰুৱা জীৱনৰ পাকচক্ৰত পৰি আইন পৰীক্ষা (বি.এল) আৰু একে সময়তে চলি থকা এম.এ পৰীক্ষাৰ এটাতো উত্তীৰ্ণ হ’ব পৰা নাছিল। ইয়াতেই বেজবৰুৱাৰ শিক্ষা জীৱনৰ অন্ত পৰে আৰু জীৱনত উকীল নহও বুলি দৃঢ় সংকল্প গ্ৰহণ কৰে।[12]
কৰ্ম-জীৱন
[সম্পাদনা কৰক]বেজবৰুৱাই আইন আৰু এম.এ শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ সময়তে ইংৰাজ চৰকাৰে তেওক মুন্সিফ্ পদ যাচিছিল যদিও তেওঁ প্ৰত্যাখ্যান কৰিছিল। কিছুবছৰ পিছত গুৱাহাটীৰ বিশিষ্ট ব্যৱসায় প্ৰতিষ্ঠান ‘বৰুৱা-ফুকন-ব্ৰাদাৰ্স’ৰ মেনেজাৰ ভোলানাথ বৰুৱাৰ লগত তেওঁৰ সাক্ষাৎ হয়। সেই সময়ত গুৱাহাটীৰ ব্যৱসায় এৰি ভোলানাথ বৰুৱাই কলিকতালৈ ব্যৱসায়ৰ বাবে আহিছিল। লক্ষ্মীনাথ আৰু ভোলানাথ দুয়োৰে মাজত বন্ধুত্ব হয় আৰু দুয়ো লগলাগি প্ৰথমে কলিকতাত কাঠৰ কাৰবাৰ আৰম্ভ কৰে। পিছলৈ ১৯১৬ চনৰ পৰা ১৯১৭ চনলৈকে এবছৰ কলিকতাৰ ৱাৰ্ড কোম্পানীৰ অফিচত কাম কৰাৰ পিছত ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা কাঠৰ ব্যৱসায়ৰ বাবে সম্বলপুৰত থাকিবলৈ লয়।[13]
ভোলানাথ বৰুৱাৰ লগত ব্যৱসায়
[সম্পাদনা কৰক]ভোলানাথ বৰুৱা (২৮ ছেপ্টেম্বৰ,১৮৫০-৩০ মে', ১৯২৩) আছিল এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী। তেওঁ ব্যৱসায় কৰাৰ মানসেৰে কলিকতালৈ আহি কলিকতীয়া কাঠৰ বেপাৰী কালীকৃষ্ট পৰামাণিকৰ লগত পৰিচিত হৈছিল আৰু তেওঁৰ লগত ব্যৱসায়িক সংযোগ স্থাপন কৰিছিল৷ শোভাৰাম বসাক ষ্ট্ৰীটৰ ওচৰত তেওঁ এটা ঘৰ সাজিলে।[14] ব্যৱসায়ে উত্তৰণৰ মুখ দেখাৰ সময়তে ভোলানাথ বৰুৱাৰ লগত লক্ষ্মীনাথ বেজবৰুৱাৰ সাক্ষাৎ হয়৷ ব্যৱসায়ত কিছু ধন ঘটি বৰুৱাই ১৮৯৪ চনত সিংভূম জিলাৰ এখন জংঘলত তেওঁলোকে কাঠৰ ব্যৱসায় আৰম্ভ কৰিলে। তাতে গুইলকোৰা বুলি ঠাই এডোখৰত তেওঁলোকে ঘৰ এটা ল'লে৷[15]
পৰৱৰ্তী সময়ত কাঠৰ ব্যৱসায়ৰ বাবে ডাঙৰ-ডাঙৰ জংঘল ভোলানাথ বৰুৱাৰ হাতলৈ আহিল। ১৯০০ চনত বৰুৱাই ৰেওৱাৰ মহাৰাজৰ পৰা এখন ডাঙৰ জংঘল পালে। এই জংঘলত কাম কৰিবলৈ তেওঁ মহীনাৰায়ণ বৰাক মাতি আনে। সমান্তৰালভাৱে বৰুৱাই হাওৰাত ঘৰ কিনিলে আৰু তাতো অফিচ খুলিলে। লক্ষ্মীনাথ বেজবৰুৱা আৰু ফটিক চন্দ্ৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ বিশ্বনাথ বৰুৱাক সেই অফিচ চলোৱাৰ ভাৰ দিলে। [15]
১৮৯৩ চনৰ আশে-পাশে কাঠৰ ব্যৱসায় আৰম্ভ কৰাৰ সময়ত কলিকতাত ব্যৱসায়ী মহলৰ বহুতে তেওঁলোক দুয়োজনকে ভাই-ককাই বুলি ভাবিছিল আৰু সেয়ে বেজবৰুৱাই নিজৰ নামটো বহু সময়ত এল.বি. বৰুৱা বুলি লিখিছিল। কবি নৱকান্ত বৰুৱাই লক্ষ্মীনাথ বেজবৰুৱাৰ কাঠৰ ব্যৱসায় সম্পৰ্কে কৈছে- ‘তেওঁৰ দুটা ব্যৱসায় আছিল, এটা কাঠৰ; আনটো কথাৰ। কাঠে তেওঁক দিছিল সাময়িক ধন-সম্পত্তি আৰু কথাই দিলে চিৰকালৰ ঐশ্বৰ্য। লক্ষ্মীনাথক এজন কৃতকাৰ্য বণিজ-কোঁৱৰ হিচাপে পোৱাতকৈ সাহিত্যৰথী হিচাপে পোৱাটো বেছি সৌভাগ্যৰ কথা।’
চেগুণ কাঠৰ একচেটিয়া ব্যৱসায় কৰা গিৰিশ চন্দ্ৰ বোসৰ লগতো চিনাকি হৈ ভোলানাথ বৰুৱাই নিজৰ চেগুণ কাঠৰ ব্যৱসায় আগবঢ়াই নিছিল। বেজবৰুৱাৰ সান্নিধ্যত তেওঁ ব্যৱসায় আৰু বহল কৰি নিয়ে। কলিকতাৰ বেংগল টিম্বাৰৰ দৰে বিভিন্ন কাঠৰ কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায়ত বিনিয়োগ কৰিবলৈ ধৰিলে। হাবি ঠিকাত লোৱা, কাঠ কটা আদি কামত বেজবৰুৱা পূৰাদমে ব্যস্ত হ’ল। কিন্তু বিভিন্নজনৰ উচতনিত বেজবৰুৱা আৰু ভোলানাথ বৰুৱাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়। যাৰ ফলশ্ৰুতিত ১৯০৩ চনত ভোলানাথ বৰুৱাই এই যুটীয়া ব্যৱসায় ত্যাগ কৰিলে। তথাপিও তেওঁলোকৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰায় আগৰ দৰেই থাকে।[16]
ভোলানাথ বৰুৱাৰ সংগ ত্যাগ কৰি বেজবৰুৱাই নিজাকৈ ‘অসম বেংগল ষ্টোৰ্চ’ নামৰ এখন দোকান খুলি স্বতন্ত্ৰ ব্যৱসায়ত নামে। অৱশ্যে ১৯১২ চনত ভোলানাথ বৰুৱাই বেজবৰুৱাক মাতি পঠিয়ায় আৰু বেজবৰুৱাই ভোলানাথ বৰুৱাক লগ ধৰে। ১৯১৪ চনত ভোলানাথ বৰুৱা দিল্লীত মটৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ হস্পিটেলত থকাৰ সময়ছোৱাত লক্ষ্মীনাথ বেজবৰুৱাই তেওঁক সংগ দিছিল৷ ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ল৷ লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে ব্যৱসায়ীসকলৰ অৱস্থা বেয়াৰ ফালে ঢাল খালে৷ আত্মজীৱনী অনুসৰি অৱস্থা ইমান বেয়া অৱস্থা হৈছিল যে পুৰণি ষ্টেটছমেন কাকত বেচিহে তেওঁ বজাৰৰ খৰছ উলিয়াইছিল।
বেজবৰুৱাই ১৯১৬ চনত কলিকতাৰ 'বাৰ্ড্ এণ্ড কোম্পানী'ত যোগদান কৰে। ১৯১৭ চনত কোম্পানীৰ কামত সপৰিয়ালে তেওঁ উৰিষ্যাৰ সম্বলপুৰলৈ উঠি যায়। ইয়াৰ পাছৰ পৰা তেওঁ কোম্পানীৰ কামত কলিকতা, বিহাৰ, উৰিষ্যাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰে৷ উৰিষ্যাত থকাৰ সময়তে অসমৰ সুকবি যতীন্দ্ৰনাথ দুৱৰাৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক হয়। ১৯২৩ চনত ভোলানাথ বৰুৱাৰ মৃত্যুৰ ক্ষণত বেজবৰুৱাই অন্তিম শয্যাত দেখা কৰে আৰু ১৯২৪ চনত সম্বলপুৰৰ পৰা কলিকতালৈ উভতি আহে। ১৯২৪ চনতে তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰে। ১৯২৮ চনত বেজবৰুৱাই বাৰ্ড্ এণ্ড কোম্পানীৰ কাম ইস্তফা দি সম্বলপুৰত নিজা ব্যৱসায়ৰ পাতনি মেলে। অৱশ্যে ১৯৩৮ চনত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁ সম্বলপুৰ এৰি অসমলৈ ৰাওনা হয়৷[16]
সাহিত্যিক জীৱন
[সম্পাদনা কৰক]অসমীয়া ভাষা উন্নতি সাধিনী সভা
[সম্পাদনা কৰক]বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল। সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়। সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি কলিকতাত পঢ়ি থকা অন্যান্য ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা"(অ. ভা. উ. সা. সভা) নামে এখন সভা স্থাপন কৰে। এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে। এই 'জোনাকী'ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনাত মনোনিবেশ কৰে। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত 'লিতিকাই' নামৰ প্ৰথম প্ৰহসন প্ৰকাশ কৰে।[17] ইয়াৰ পিছত তেওঁ নিৰবচ্ছিন্নভাৱে অসমীয়া সাহিত্যৰ সকলো দিশতে জোনাকীকে ধৰি সেই সময়ত আৰু তাৰ পাছত অসমীয়া ভাষাত প্ৰকাশ পোৱা সকলো আলোচনী, সংবাদপত্ৰত সাহিত্য সাধনা কৰি যায়। 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত 'বাঁহী' অলোচনীৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰে। বাঁহীৰ পাততেই সাহিত্যিক বেজবৰুৱা পূৰ্ণ হৈ উঠিল। বাঁহীৰ উপৰিও বেজবৰুৱাই সমসাময়িক চেতনা, আলোচনী, জন্মভূমি, মিলন, অসম সাহিত্য সভা প্ৰত্ৰিকা, অৰুণ, আৱাহন, বৰদৈচিলা, ন-জোন, জয়ন্তী, দৈনিক বাতৰি, অসম বন্তি আদি বিভিন্ন কাকত-আলোচনীত নিজৰ সৃষ্টিশীল লেখনি প্ৰকাশ কৰিছিল।
সৰুৰে পৰাই সাহিত্য চৰ্চাৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অনুৰাগ আছিল যদিও কলিকতালৈ পঢ়িবলৈ যোৱাৰ পাছৰ পৰাহে তেওঁ সাহিত্য চৰ্চাত অধিক মনোযোগ দিয়ে। সেইসময়ত কলিকতা ভাৰতীয় নৱজাগৰণৰ পীঠস্থান আছিল। আৰু ইয়াতেই বাঙালী সাহিত্যৰ চমকপ্ৰদ উত্থান দেখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱে সাহিত্য চৰ্চা কৰিবলৈ অধিক প্ৰেৰণা লাভ কৰে। বেজবৰুৱাদেৱৰ এই স্পৃহাত হাত উজান দিয়ে হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাকে ধৰি সেইসময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে। তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰকাশ কৰা আলোচনী ‘জোনাকী’তেই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাহিত্যিক প্ৰতিভাৰ বিকাশ সাধন হয়।
বেজবৰুৱাৰ গল্প
[সম্পাদনা কৰক]লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ পথ-প্ৰদৰ্শক বা জনক বুলি ক'ব পাৰি। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰথম চুটিগল্পৰূপে বহুতে ‘কন্যা’ গল্পটোক স্বীকৃতি দিব বিচাৰে যদিও বেজবৰুৱাদেৱৰ প্ৰথমটো প্ৰকাশিত চুটিগল্প হৈছে ‘সেউতী’।[16] ‘সেউতী’ গল্পটো জোনাকী আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থটো সংখ্যাত প্ৰকাশিত হৈছিল।
লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গল্পৰ পুথি চাৰিখন। তাৰে তিনিখন পুথি যথাক্ৰমে ‘সুৰভি’, ‘সাধুকথাৰ কুকি’ আৰু ‘জোনবিৰি’ তেওঁৰ জীৱিতকালতে প্ৰকাশ পায়৷ আনহাতে মৰণোত্তৰভাৱে প্ৰকাশিত তেওঁৰ গল্পৰ পুথিখন হৈছে ‘কেহোঁকলি’। ১৯০৯ চনত প্ৰকাশিত হোৱা ‘সুৰভি’ত মুঠ বাৰটি চুটিগল্প অন্তৰ্ভুক্ত হৈছে৷ ‘সুৰভি’ হৈছে প্ৰথম অসমীয়া চুটিগল্পৰ সংকলন। ১৯১০ চনত প্ৰকাশিত ‘সাধুকথাৰ কুকি’ত মুঠ সাতাইশটি চুটিগল্প সন্নিৱিষ্ট হৈছে। আনহাতে ষোল্লটা গল্পৰ সংকলন ‘জোনবিৰি’ প্ৰকাশ পাইছিল ১৯১৩ চনত। [16] চতুৰ্থখন গল্প-সংকলনৰ নাম বেজবৰুৱাই দিয়া নাছিল৷ প্ৰধানকৈ 'বাঁহী'ত প্ৰকাশিত হোৱা কিছুমান অসংকলিত গল্পক একগোট কৰি কেহোঁকলি নামেৰে নামাংকিত কৰিব পাৰি বুলি অতুল চন্দ্ৰ হাজৰিকাই বেজবৰুৱা গ্ৰন্থাৱলীত (১৯৬৮) প্ৰস্তাৱ দিছিল৷ তেওঁৰ যুক্তিমতে, সংকলনকেইখন নামকৰণ কৰা হৈছে মূল বিষয়বস্তুৰ লগত সামঞ্জস্য ৰাখি৷৷ বেজবৰুৱাৰ গল্প-সমগ্ৰৰ এগৰাকী সংকলক হৃদয়ানন্দ গগৈয়ে লিখিছে, বেজবৰুৱাই এই গল্পখিনিৰে কিতাপখন কৰি থৈ যাব পৰা হ'লে পৰম সৌভাগ্যৰ কথাই হ'লহেঁতেন৷ তথাপি আমি এই গল্পসমূহক বেজবৰুৱাৰ চতুৰ্থ খণ্ডৰ গল্প বুলিয়ে ধৰিব পাৰো....[18] এই সংকলনত বেজবৰুৱাৰ মুঠ পোন্ধৰটা গল্প সংকলিত হৈছে৷
সাহিত্যিক, সমালোচক আৰু অধ্যাপক অমৃতজ্যোতি মহন্তই লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ প্ৰসংগত মন্তব্য কৰিছে যে- বেজবৰুৱাৰ বহুকেইটা গল্পত পাঠকে পায় সেইসময়ৰ অসমীয়া মধ্যবিত্ত সমাজৰ এচামৰ মাজত গা-কৰা ফোপোলা ৰুচি আৰু ভণ্ডামিৰ প্ৰতি লেখকৰ তীব্ৰ শ্লেষ৷ এই ক্ষেত্ৰত ঠাউকতে আঙুলিয়াব পাৰি 'মলক গুইন গুইন' গল্পলৈ৷ অৱশ্যে 'নাঙলুচন্দ্ৰ দাস', 'ভোকেন্দ্ৰ বৰুৱা', 'আমাৰ কানীয়া সভাৰ এক অধিৱেশন' ইত্যাদি আন গল্পতো এই শ্লেষ আছে৷'[19]
বেজবৰুৱাৰ গল্প-সমগ্ৰৰ সম্পাদক হৃদয়ানন্দ গগৈয়ে বেজবৰুৱাৰ গল্পৰ বিষয়ে মন্তব্য আগবঢ়াইছে যে-
বেজবৰুৱাৰ গল্পত স্থান পোৱা সমাজখনৰ পৰিধি বিশাল৷ সেয়া সুদূৰ উৰিষ্যা আৰু বংগৰ পৰা অসমলৈকে বিস্তৃত এক বৃহৎ সমাজ৷ .....বেজবৰুৱা আছিল নিপুণ খনিকৰ৷ তেওঁৰ চৰিত্ৰবোৰেই তাৰ নিদৰ্শন৷ ....বেজবৰুৱাৰ গল্পৰ আন এক দিশ হ'ল তেওঁ সাধুকথা আৰু গল্পৰ মাজত পাৰ্থক্যৰ সীমাৰেখাডাল কমাই দিছে৷জনগণৰ মুখে মুখে প্ৰচলিত অনেক কিংবদন্তী, সাধুকে তেওঁ গল্পৰ কাহিনীলৈ টানি আনিছে৷...গল্পকাৰ হিচাপে বেজবৰুৱাৰ সমাজ সচেতনতা প্ৰতিফলিত হৈছে বিভিন্ন গল্পৰ মাজত৷[20]
বেজবৰুৱাৰ শিশু সাহিত্য
[সম্পাদনা কৰক]লক্ষ্মীনাথ বেজবৰুৱাই শিশু-কিশোৰৰ উপযোগী হোৱাকৈও বহুতো সাধু একগোট কৰিছিল। তেওঁৰ দ্বাৰা প্ৰকাশিত সাধুকথাৰ পুথি তিনিখন হৈছে ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতিল’ৰা’ আৰু ‘জুনুকা’। বুঢ়ী আইৰ সাধুত একত্ৰিশটা, ককাদেউতা আৰু নাতিল’ৰাত ঊনত্ৰিশটা আৰু জুনুকাত দহটাকৈ সাধু সন্নিৱিষ্ট হৈ আছে। 'বুঢ়ী আইৰ সাধু' আজিৰ তাৰিখতো সমানেই জনপ্ৰিয়। কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে বহুজনৰপৰা লিখিত ৰূপত সংগ্ৰহ কৰা এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সংকলনৰূপে প্ৰকাশ কৰিছিল। বেজবৰুৱাই ১৯১১ চনত “বুঢ়ী আইৰ সাধু”ৰ পাতনি লিখিছিল। বেজবৰুৱাৰ এই পুথিখনৰ কিছুমান সাধুত প্ৰতিফলিত হৈ থকা নাৰীবাদী স্বৰূপটোৰ বিষয়ে উল্লেখ কৰি সমালোচকে মন্তব্য কৰিছে যে-বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”ত কেইবাটাও নাৰী প্ৰধান গল্প আছে। সেইবোৰ হ’ল“মেকুৰীৰ জীয়েকৰ সাধু”, “ঔ-কুঁৱৰী”, “তেজীমলা”, “চিলনীৰ জীয়েকৰ সাধু”, “তুলা আৰু তেজা”, “কটা যোৱা নাক খাৰণি দি ঢাক”, “পানেশৈ”, “লখিমী তিৰোতা”, “কাঞ্চনী” আদি। নাৰী চৰিত্ৰ প্ৰধান এই গল্পসমূহত আমি লগ পাওঁ মাক, মাহীমাক, জীয়েক, সতিনীয়েক, জা-ক, শাহুৱেক আদিৰ চৰিত্ৰ। এই চৰিত্ৰসমূহ অধ্যয়ন কৰিলে তদানীন্তন সমাজ ব্যৱস্থা আৰু সেই সমাজ ব্যৱস্থাত নাৰীৰ স্থান, ভূমিকা সম্পৰ্কে আমি অৱগত হ’ব পাৰোঁ। [21]
জনপ্ৰিয় মাধ্যমত বুঢ়ী আইৰ সাধু
[সম্পাদনা কৰক]২০১৬ চনত মুক্তি লাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত হৰৰ ফেণ্টাচী প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ কথানদী ছবিখনৰ কাহিনীটো লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ কেইটিমান জনপ্ৰিয় সাধু আৰু চৰিত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। সেইকেইটা সাধু হৈছে- তেজীমলা, চম্পাৱতী, ঔ-কুঁৱৰী আৰু তাৱৈৰ সাধু। [22] [23]
কবিৰ ৰূপত বেজবৰুৱা
[সম্পাদনা কৰক]লক্ষ্মীনাথ বেজবৰুৱাই জোনাকী, বাঁহী আলোচনীত নিয়মীয়াকৈ কবিতা লিখিছিল। কবিতাত দেশপ্ৰেম, আধ্যাত্মিক, খুহুতীয়া আদি বিবিধ শৈলী তথা ভাৱ প্ৰকাশ পাইছিল। অসমীয়া ৰোমাণ্টিক কবিতাৰ ক্ষেত্ৰখনলৈও বেজবৰুৱাৰ অৱদান উল্লেখযোগ্য৷ তেখেতৰ দ্বাৰা লিখিত কবিতাপুথি কদমকলি ১৯১৩ চনত প্ৰকাশিত হৈছিল। এই কবিতাপুথিত আঠচল্লিছটা কবিতা সন্নিৱিষ্ট হৈছে। তেখেতৰ কবিতাসমূহক ড° মহেশ্বৰ নেওগদেৱে “সোণ-পানীৰে চপাই-বন্ধাই থ’ব পৰা’’ [24]বুলি অভিহিত কৰিছে৷ কদমকলিত সন্নিৱিষ্ট হোৱা ‘মোৰ দেশ’ কবিতাটোৱেই অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃত৷ তেখেতে ‘কদমকলি’ৰ পাতনিত লিখিছিল-
কবিতা হয় যদি হওক, নহয় যদি নহওক, বুলি মাজে-সময়ে লিখা পদ্যবোৰ গোটাই একে ঠাই কৰি এই কিতাপখন কৰা হল, কবি হবৰ দুৰাশা কবি নহয়। মোৰ নিজৰ ৰচনাবোৰ মোৰ নিজৰে পঢ়িবলৈ ভাল লাগে; বোধকৰোঁ নিজৰ দেখি। সেইবোৰ সিচ্ ৰতি হৈ থকা বাবে, পঢ়িব খুজিলে আহুকাল পাওঁ; সেইদেখি সেইবোৰ একেলগ কৰি সুচলকৈ ললোঁ। এখন ছপোৱা আৰু হেজাৰখন ছপোৱা প্ৰায় একে খৰচৰে কথা; সেইবাবে সেইদৰেই ছপাই থলোঁ; যাৰ মন যায় পঢ়িব, যাৰ মন নাযায় নপঢ়িব। আৰু যাৰ মন যায় তেওঁ মনত অলপো খুকুঁৰি নাৰাখি তাৰ কাঠ-সংস্কাৰ কৰি সন্তোষ লভিব, ৰাইজৰ আগত এই নিবেদন৷[25]
বেজবৰুৱাৰ দ্বিতীয়খন কবিতাপুথি পদুমকলি৷ এইখন প্ৰকাশিত হয় তেখেতৰ মৃত্যুৰ পাছত, ১৯৬৮ চনত। তেখেতৰ জন্ম শতবৰ্ষ উপলক্ষে মৰণোত্তৰভাৱে এই কবিতাপুথিখন প্ৰকাশ কৰা হৈছিল। পদুমকলিত ২৮টা কবিতা সন্নিৱিষ্ট হৈছে।[1]
কবিতা
....বিজুলীৰ চকামকা নিমিষ পোহৰ৷
জোনৰ কোমল কান্তি, পানীৰ লহৰ।
বীণৰ আতমা সিটি উৰি “গুণ” গায়।
বাঁহীৰ জীৱন সি যে ডালত “কুউৱায়”।
ৰমণীৰ কমনীয় মাধুৰী মধুৰ।
আধা-ফুটা আধা মাত সৰগ শিশুৰ?...
ৰচনাকাল-১৮৩২ শক৷
কদমকলি, বহাগ, হাওড়া।
অসমৰ বিশিষ্ট সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ 'বীণবৰাগী'ক শ্ৰেষ্ঠ কবিতা হিচাপে স্বীকৃতি দিছে৷ এই প্ৰসংগত তেখেতে কৈছে যে-
... এই কবিতাটোত তেওঁৰ মনত সহাৱস্থান কৰা বিভিন্ন ভাবধাৰা ঐকতানৰূপে সংহত হৈছে৷ সেয়ে কবিতা হিচাপেও তাৰ গাঁথনি জটিল, সূক্ষ্ম আৰু বিস্ময়কৰভাৱে গাঢ়৷ .....কবিতাটো ৫ টা খণ্ডত সম্পূৰ্ণ হৈছে৷ প্ৰতিটো খণ্ডতে একোটা নতুন ভাব মূৰ্ত হৈছে৷...[26]
নাট্যকাৰ হিচাপে বেজবৰুৱা
[সম্পাদনা কৰক]জোনাকীৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা আলোচনীখনৰ প্ৰথম বৰ্ষতে ‘লিতিকাই’(১৮৯৪) নামৰ নাটকখন লিখি উলিয়ায়৷ ১৯১৩ চনত বেজবৰুৱাৰ নোমল, পাচনি আৰু চিকৰপতি-নিকৰপতি প্ৰকাশ পায়। তাৰ ঠিক দুবছৰৰ পাছত অৰ্থাৎ ১৯১৫ চনত প্ৰকাশিত হয় তেখেতৰ তিনিখন নাট যথাক্ৰমে জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ।
লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকক ধেমেলীয়া(প্ৰহসন) আৰু বুৰঞ্জীমূলক শাখাত দ্বিবিভক্ত কৰিব পাৰি৷ লিতিকাই, নোমল, পাচনি আৰু চিকৰপতি-নিকৰপতি তেখেতৰ দ্বাৰা লিখিত প্ৰহসন৷ আনহাতে বুৰঞ্জীমূলক নাটকেইখন হৈছে জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ। ইয়াৰ উপৰি বেজবৰুৱাই হ য ব ৰ ল নামৰ আন এখন নাটকো লিখিছিল৷ ১৮৫৩ শক অৰ্থাৎ ১৯৩১ চনত বাঁহী আলোচনীৰ দ্বিতীয় বছৰৰ একাদশ সংখ্যাত এই নাটকখন প্ৰকাশিত হৈছিল৷ নাটকখনত মুঠতে চাৰিটা দৰ্শন আছে৷ এইখন হৈছে চক্ৰান্তমূলক, পৰিস্থিতিভিত্তিক নাটক৷[27]
১৯১৫ চনত (১৮৩৭ শক)ত প্ৰকাশিত হোৱা চক্ৰধ্বজ সিংহ নাটখনৰ বিষয়ে বেজবৰুৱাই পাতনিত লিখিছিল-
এই নাটৰ সম্পৰ্কে ইয়াকে কব লগীয়া যে মোৰ আদৰৰ বন্ধু শ্ৰীযুক্ত হেমচন্দ্ৰ গোসাঁঞীৰ “শৰাইঘাটৰ যুদ্ধ” , উষা নামে মাহেকীয়া কাকতত ওলোৱা) প্ৰবন্ধৰপৰা ইয়াৰ ঘাই সজুলি লোৱা হৈছে। অনেক ঠাইত সেই প্ৰবন্ধৰপৰা শাৰীয়ে শাৰীয়ে কথা এই কিতাপত ব্যৱহাৰ কৰা হৈছে। এই কাৰ্য্য়ত গোসাঞী দেৱে অনুমতি দি, এই কিতাপ ৰচনাত মোক সহায় কৰা বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ আৰু ধৰুৱা।.....এই কিতাপ ৰচনা কৰাৰ মোৰ ঘাই উদ্দেশ্য আসামৰ অতীত গৌৰৱ-কাহিনী নাটৰ আকাৰেৰে আজিকালিৰ অসমীয়াৰ আগত প্ৰচাৰ কৰাটো হে, নাট লেখি যহ আৰ্জিবলৈ যোৱাটো নহয়। কিন্তু লগতে যদি যহ উপাৰ্জ্জন হয় হওক, নহয় নাই।[28]
সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ চক্ৰধ্বজ সিংহ সন্দৰ্ভত কৈছে-
... নাটকৰ দৃশ্যসমূহ পৰিকল্পনা কৰোতে বেজবৰুৱাই পৰিপক্ক নিপুণ নাট্যকাৰৰ দৰে যথেষ্ট বৈচিত্ৰ্য সৃষ্টি কৰিছে যাতে দৰ্শকে আমনি নাপায়৷ মাজে মাজে দূতৰ যোগেদি পঠিওৱা দীঘল চিঠিবোৰ ৰাজসভা বা দৰবাৰত যেতিয়া পঢ়ি শুনোৱা হয়, তেতিয়া এহাতে দৰ্শকে দুই পক্ষৰ অৰিয়াঅৰি, কূটনৈতিক কৌশল, যুদ্ধৰ প্ৰস্তুতি সম্পৰ্কে বহুতো খবৰ পায়, যি নাটকৰ কাহিনীক আগুৱাই লৈ থাকে৷....[29]
ঔপন্যাসিক হিচাপে লক্ষ্মীনাথ বেজবৰুৱা
[সম্পাদনা কৰক]১৮ শতিকাৰ শেষৰফালে সংঘটিত হোৱা দন্দুৱা দ্ৰোহৰ পটভূমিত বেজবৰুৱাই ১৮৯১ চনত পদুম কুঁৱৰী নামৰ উপন্যাসখন লিখিছিল৷ ১৮ শতিকাৰ শেষৰফালে আহোম ৰাজ্যৰ বৰফুকনে চোৱা-চিতা কৰা অঞ্চল কামৰূপত হোৱা এক বিদ্ৰোহ হৈছে দন্দোৱা দ্ৰোহ। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাই-ককাইয়ে এই বিদ্ৰোহৰ গুৰি ধৰিছিল। কোচবিহাৰ আৰু বিজনীৰ ৰজাৰ গোপন সহযোগত তেওঁলোকে কছাৰী, পঞ্জাবী আৰু হিন্দুস্তানী শৰনাৰ্থীৰ এটা দল গঠন কৰে আৰু নিজকে স্বাধীন ঘোষণা কৰি প্ৰায় গোটেই উত্তৰ গুৱাহাটী অধিকাৰ কৰে। জোনাকী আলোচনীৰ তৃতীয়টো বৰ্ষত ধাৰাবাহিকভাৱে প্ৰতিটো খণ্ডতেই এই উপন্যাসখন প্ৰকাশিত হৈছিল৷ অৱশ্যে উপন্যাসৰ ৰূপত ১৯০৫ চনতহে পদুম কুঁৱৰী প্ৰকাশিত হয়৷ নাটকখনত মুঠতে পোন্ধৰটা আধ্যা(অংশ) আছে৷[1][30]
অসমীয়া হাস্য-ব্যংগ সাহিত্য আৰু লক্ষ্মীনাথ বেজবৰুৱা
[সম্পাদনা কৰক]অসমীয়া হাস্য-ব্যংগ সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদান অসামান্য৷ বিশেষকৈ তেখেতৰ দ্বাৰা সৃষ্ট কৃপাবৰ বৰবৰুৱা নামৰ কাল্পনিক চৰিত্ৰটি অসমীয়া ব্যংগ সাহিত্যৰ এটি গুৰুত্বপূৰ্ণ অংশ৷ কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে ৰচনা কৰা লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হাস্য-বংগৰ সংকলনসমূহক ‘কৃপাবৰী সাহিত্য’ হিচাপে নামকৰণ কৰা হৈছে। কৃপাবৰ বৰুবৰুৱাৰ চৰিত্ৰটিৰ জৰিয়তে সৃষ্টি কৰা হাস্যৰসৰ কৌশলক একাংশ সমালোচকে পৃথিৱীৰ শ্ৰেষ্ঠ হাস্য-ৰসিকসকলৰ লগত তুলনা কৰিছে৷ অসমৰ সাহিত্যিক-লেখক বেণুধৰ শৰ্মাই বেজবৰুৱাৰ 'সমাজিক' ৰচনাক শ্ৰেষ্ঠ খুহুতীয়া ৰচনা বুলি কৈছে৷
এইসমূহ ৰচনাই ভণ্ডামি, স্ত্ৰী-স্বাধীনতা, বৃদ্ধ-বিবাহ, অন্ধ-বিশ্বাস, অন্ধ-অনুকৰণ, সাংবাদিকতা আদি অনেক ৰাজনৈতিক-সামাজিক-সাংস্কৃতিক সমস্যাক বিষয়বস্তু হিচাপে লৈছে৷ সমালোচক [31]ৰ মতে,বৈজ্ঞানিক আৰু আধুনিক মনৰ অধিকাৰী আছিল লক্ষ্মীনাথ বেজবৰুৱা৷ এটা সংস্কাৰমুক্ত মন লৈ তেখেতে পৰিৱৰ্তনৰ অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল হাস্যৰসৰ মাজেদি৷....'কৃপাবৰ বৰবৰুৱাৰ যোগেদি বেজবৰুৱাই জাতীয় জীৱনৰ দুখ-ত্ৰুটি, অসামঞ্জস্য-বিসংগতি আদি পৰিষ্কাৰকৈ দাঙি ধৰিছে৷
চৰিত্ৰটিৰ আৰ্ৱিভাৱ সন্দৰ্ভত বেজবৰুৱাই কৃপাবৰ বৰুৱা নামৰ ৰচনাখনত লিখিছে-
কৃপাবৰ বৰবৰুৱা মহা ধনুৰ্দ্ধৰ৷বৰ পেট টিকনিৰ মূৰ লৰফৰ৷৷
সুদৰ্শন হাতে বিষ্ণু, শূল হাতে ভোলা৷
মহেন্দ্ৰৰ বজ্ৰ, কৃপাৰ কাকতৰ টোপোলা৷৷
অসম গৈৰৱ-ভানু কৃপা কল্পতৰু৷
কলেৱৰ শ্যাম যেন ভাত-ৰন্ধা চৰু৷৷
চৈধ্য ফকীয়া কবি কৃপা তয়াময়া ৰণে৷
নিজৰ জীৱন কাব্য নিজে নিজে ভণে৷৷
এডলীয়া কচুৰ জাল মাকে খাইছিল৷
দুষ্টৰ পিঠিত কৃপা নিত্যে থিয়াকিল৷৷
অন্যায়লৈ নগা-যাঠি ন্যায়লৈ কলচী৷
কানি ভাং লাওপানী বহায় দকচি৷৷
বাহুবলী বৰবৰুৱা চিন্তে পৰৰ ইষ্ট৷
নোৱাৰি মিলাব পদ কৰে ”হেষ্টনেষ্ট”৷৷
১৯০৪ চনত জোনাকী আলোচনীত বেজবৰুৱাৰ দ্বাৰা লিখিত এলানি হাস্য-ব্যংগ ৰচনা কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা নামেৰে প্ৰকাশিত হয়৷ ১৯০৯ চনত 'কৃপাবৰ বৰুৱাৰ ওভতনি নামেৰে এখন গ্ৰন্থ প্ৰকাশ কৰোৱায়৷ এইখন গ্ৰন্থত সন্নিৱিষ্ট ৰচনাসমূহ গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী আৰু ঊষা আলোচনীত ওলাইছিল৷ আনহাতে বাঁহী আলোচনীত বেজবৰুৱাই লিখা হাস্য-ব্যংগাত্মক ৰচনাসমূহ বৰবৰুৱাৰ বুলনি আৰু কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি নামেৰে পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে ওলায়৷ ইয়াৰ লগতে বেজবৰুৱাই ‘বৰবৰুৱাৰ চিন্তাৰ শিলগুটি’, ‘বৰবৰুৱাৰ সাহিত্যিক ৰহস্য ‘আৰু ‘কৃপাবৰ বৰুৱাৰ সামৰণি’ নামেৰে প্ৰবন্ধ সংকলন উলিয়ায়।
কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সজুলিৰ আৱশ্যক৷ জাতীয় ”ডাঙৰতালৈ” সেই সজুলিবিলাক নহলে নহয়৷ কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰপেৰা সাজিব নোৱাৰে৷ জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰি, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে৷ অসমীয়াৰ জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপূৰ আছে৷ তেন্তে নো অসমীয়া জাতি ডাঙৰ জাতি নহব কিয় হেঁ ককাই কোৱাঁ? অসমীয়া জাতি ডাঙৰীয়া-জাতি!
বেজবৰুৱাৰ হাস্য-ব্যংগ সাহিত্যই আধুনিক সময়তো পাঠক আৰু সমালোচক শ্ৰেণীৰ পৰা বিশেষ গুৰুত্ব লাভ কৰি আহিছে৷ ভাষাৰ ক্ষেত্ৰত বেজবৰুৱাই প্ৰদৰ্শন কৰা বিচক্ষণতা আৰু উপস্থাপনৰ ক্ষেত্ৰত দেখুওৱা অভিনৱত্বক
প্ৰশংসা কৰি এগৰাকী আলোচকে ড° লীলাৱতী শইকীয়া বৰাই লিখিছে,
বেজবৰুৱাৰ সমগ্ৰ সাহিত্যৰাজিৰ মূল প্ৰকাশিকা শক্তি আছিল তেওঁৰ বিচিত্ৰ শব্দৰাজি৷ উল্লিখিত শব্দসম্ভাৰৰ উপৰি পুনৰুক্তি, ধ্বন্যাত্মক শব্দ আদিয়েও বেজবৰুৱাৰ অসাধাৰণ ভাষাজ্ঞানৰ পৰিচয় দিয়ে৷ বেজবৰুৱা শব্দৰো এগৰাকী নিপুণ কাৰিকৰ৷ তেওঁৰ সমগ্ৰ ৰচনাৱলীৰ মাজত নিজে নতুনকৈ সৃষ্টি কৰি লোৱা শব্দৰাজিয়ে তেওঁৰ ভাষাক এক অনবদ্য ৰূপ দিছে৷ তেনে শব্দ কিছুমান হৈছে – গৰুৱালি, ছাতৰীয়া, মেকুৰীত্ব, মটৰাৰোহন, নিপনীয়া গাখীৰ, পখিলা ল’ৰা, পিত্তাল মানুহ, ভেকুৰীকটীয়া যুঁজাৰু, বৰটোপীয়া বৰষুণ আদি৷ ইয়াৰ উপৰি ন ন মিশ্ৰ শব্দ (যেনে- মেছবাসী, হাইকোৰ্টীয়া আদি), সমাসবদ্ধ শব্দ (যেনে- পদূলিশুঙা, অমৰাকটীয়া, পোৱা-পুই আদি) অৰ্থবহ প্ৰয়োগ বেজবৰুৱাৰ সুদক্ষ ভাষাবিদৰ ৰূপটো স্পষ্ট কৰি তোলে৷ [32]
জীৱনীকাৰ হিচাপে লক্ষ্মীনাথ বেজবৰুৱা
[সম্পাদনা কৰক]নিজ পিতৃ দীননাথ বেজবৰুৱাৰ জীৱন সম্পৰ্কে ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাই ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জীৱন চৰিতখন লিখি উলিয়ায়৷ ১৯১১ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু সৃষ্টিৰাজিৰ উল্লেখ আৰু বিৱৰণেৰে লক্ষ্মীনাথ বেজবৰুৱাই ১৯১১ চনত শংকৰদেৱ নামৰ এখন জীৱনী লিখিছিল। ইয়াৰ পিছত ১৯১৪ চনত তেখেতে শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ নামৰ জীৱনীগ্ৰন্থখন প্ৰকাশ কৰে। [1]
বৈবাহিক জীৱন
[সম্পাদনা কৰক]বি.এ পাছ কৰাৰ ঠিক পাচতেই ১৮৯১ চনত কলিকতাৰ জোড়াসাঁকোৰ দেৱেন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীৰ লগত লক্ষ্মীনাথৰ বিবাহপাশত আৱদ্ধ হয়।[33] প্ৰজ্ঞাসুন্দৰী আছিল মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰৰ নাতিনী তথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজা-জী৷ বিবাহোত্তৰ জীৱনৰ কেইটামান দিন বেজবৰুৱাই নিজৰ সতীৰ্থ-বন্ধু ব্যৱসায়ী ভোলানাথ বৰুৱাৰ কটাবলগীয়া হৈছিল আৰু প্ৰজ্ঞাসুন্দৰী দেৱী নিজৰ পিতৃ-গৃহতে আছিল৷ পৰৱৰ্তী সময়ত বেজবৰুৱা আৰু ভোলানাথ বৰুৱাৰ ব্যৱসায়ে উন্নতিৰ পথ দেখে আৰু বেজবৰুৱাই সপৰিবাৰে নতুন ঘৰ এটা কিনি তাতেই থাকিবলৈ লয়৷ ১৮৯৫ চনত তেওঁলোকৰ প্ৰথমটি সন্তান 'সুৰভি'ৰ জন্ম হয়৷ পিছে দুখজনকভাৱে জন্মৰ মাত্ৰ পাঁচ বছৰৰ পাছতেই ডিফথেৰিয়া ৰোগত আক্ৰান্ত হৈ সুৰভিয়ে ১৯০০ চনত মৃত্যুক সাবটি লয়৷ সুৰভিৰ মৃত্যুৰ ১৮ দিনৰ পাছতে তেওঁলোকৰ দ্বিতীয় কন্যা অৰুণাই জন্মগ্ৰহণ কৰে৷ ১৯০৩ চনত জন্ম হয় তেওঁলোকৰ তৃতীয়টি সন্তান৷ নাম ৰখা হয় ৰত্নাৱলী৷ ১৯০৮ চনত চতুৰ্থটি সন্তান দীপিকাই জন্মলাভ কৰে৷ পৰৱৰ্তী সময়ত দীপিকা বিলাতলৈ যায় আৰু সন্যাসিনী হয়৷ বেজবৰুৱাৰ দেহাৱসানৰ পাছতহে তেওঁ অসমলৈ ওভতি আহে৷ [1]
বেজবৰুৱাক প্ৰদান কৰা উপাধি সন্দৰ্ভত
[সম্পাদনা কৰক]অসমৰ সাহিত্যৰসিকসকলে বেজবৰুৱাৰ জীৱনকালতে তেখেতক 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' উপাধি দুটা প্ৰদান কৰিছিল৷ অৱশ্যে বেজবৰুৱাই নিজে দ্বিতীয়টোহে উপাধি পছন্দ কৰিছিল৷ বঙালী নাট্যকাৰ অমৃতলাল বসুকো বঙালী বৌদ্ধিক সমাজে 'ৰসৰাজ' উপাধি আগতে দি থৈছিল৷ সেইবাবে বেজবৰুৱাই 'ৰসৰাজ' উপাধিটো বৰকৈ পছন্দ কৰা নাছিল৷ [34]
অসমৰ জাতীয় সংগীত
[সম্পাদনা কৰক]১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰি প্ৰকাশ কৰা 'বাঁহী' আলোচনীত 'মোৰ দেশ' নামেৰে গীত এটি প্ৰকাশিত হয়৷ গীতটিৰ শিৰোনাম আছিল 'অ মোৰ আপোনাৰ দেশ'৷ ১৯২৮ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনত এই গীতটিক জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়৷ গীতটি বেজবৰুৱাৰ 'কদম কলি' নামৰ গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে৷ গীতটিৰ সুৰকাৰ হৈছে কমলাপ্ৰসাদ আগৰৱালা৷ [35]
সাহিত্যিক কৰ্মৰাজি
[সম্পাদনা কৰক]বেজবৰুৱাৰ সাহিত্যৰাজিক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি।
আত্ম-জীৱনী আৰু জীৱনী
[সম্পাদনা কৰক]- মোৰ জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫)[36]
- মোৰ জীৱন সোঁৱৰণ (দ্বিতীয় খণ্ড, ১৯৬১)[36]
- ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত
- শ্ৰীশ্ৰী শংকৰদেৱ
- শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ
চিন্তাশীল ৰচনা
[সম্পাদনা কৰক]- তত্ত্বকথা
- শ্ৰীকৃষ্ণকথা
- ভগৱৎ কথা
উপন্যাস
[সম্পাদনা কৰক]গল্পপুথি
[সম্পাদনা কৰক]- সুৰভি (১৯০৯)
- সাধুকথাৰ কুঁকি (১৯১০)
- জোনবিৰি (১৯১৩)
- কেহোঁকলি (মৰণোত্তৰ প্ৰকাশ)
সম্পাদকীয় কাৰ্য
[সম্পাদনা কৰক]- বাঁহী
সাধুকথা আৰু শিশু সাহিত্য
[সম্পাদনা কৰক]- বুঢ়ী আইৰ সাধু:
ইয়াত থকা সাধুকেইটা হ'ল:
- মেকুৰীৰ জীয়েকৰ সাধু
- বান্দৰ আৰু শিয়াল
- ঔ-কুঁৱৰী
- ঢোঁৰাকাউৰী আৰু টিপচীচৰাই
- এজনী মালিনী আৰু এজোপাৰ ফুল
- বুধিয়ক শিয়াল
- বাঘ আৰু কেঁকোৰা
- তেজীমলা
- বুঢ়া-বুঢ়ী আৰু শিয়াল
- দীঘল ঠেঙীয়া
- গঙ্গাটোপ
- নুমলীয়া পো
- সৰবজান
- এটা শিঙৰা মাছৰ কথা
- এটা বলী মানুহ
- চিলনী জীয়েকৰ সাধু
- তুলা আৰু তেজা
- কটা যোৱা নাক,খাৰণী দি ঢাক
- তীখৰ আৰু চুটিবাই
- চম্পাৱতী
- জৰদগৱ ৰজাৰ উপাখ্যান
- পানেশৈ
- জোঁৱাইৰ সাধু
- কুকুৰীকণা
- ভেকুলীৰ সাধু
- তাৱৈয়েকৰ সাধু
- লটকন
- লখিমী তিৰোতা
- দুই বুধিয়ক
- কাঞ্চনী
বৈষয়িক গদ্য
[সম্পাদনা কৰক]- বাখৰ
- কামত কৃতিত্ব লভিবৰ সংকেত
ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা
[সম্পাদনা কৰক]- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
- কৃপাবৰ বৰুৱাৰ ওভতনি
- বৰবৰুৱাৰ বুলনি
- বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
- বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
- বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
- বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
- কৃপাবৰ বৰুৱাৰ সামৰণি
অনুবাদ
[সম্পাদনা কৰক]- ভাৰতবৰ্ষৰ বুৰঞ্জী
অন্যান্য
[সম্পাদনা কৰক]- অসমীয়া ভাষা আৰু সাহিত্য
- পত্ৰলেখা
- কাঁহুদী আৰু খাৰলি
- সম্পাদকৰ চ'ৰা
নাটক
[সম্পাদনা কৰক]ধেমেলীয়া নাটক (প্ৰহসন)
- লিতিকাই
- নোমল
- পাচনি
- চিকৰপতি নিকৰপতি
নাটৰ কুকি
বুৰঞ্জীমূলক নাটক
সন্মান
[সম্পাদনা কৰক]- অসম ছাত্ৰ সন্মিলনীৰ সভাপতি (১৯১৬ চন) (গুৱাহাটী)
- অসম সাহিত্য সভাৰ সভাপতি (১৯২৪ চন) (গুৱাহাটী)[37]
- ৰসৰাজ উপাধি প্ৰদান (১৯৩১)
(১৯৩১ চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধি প্ৰদান কৰা হয়।)[38]
- ৰত্নকান্ত বৰকাকতিদেৱৰ দ্বাৰা সাহিত্যৰথী অভিধা প্ৰদান[39]
- বেজবৰুৱাৰ নামত অনূদিত ডাক টিকট উন্মোচন।
মৃত্যু
[সম্পাদনা কৰক]
বেজবৰুৱাই জীৱনৰ অন্তিম সময়খিনি সম্বলপুৰ, বৰোডা, বোম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ পিছত ১৯৩৭ চনৰ ১৮ আগষ্টত অসমলৈ ঘূৰি আহে। ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে ডিব্ৰুগড়[40] চহৰত থকা মাজু জীয়েক ৰত্না বৰুৱাৰ ঘৰত লক্ষ্মীনাথ বেজবৰুৱাৰ দেহাৱসান ঘটে।[41] অৱশ্যে মাজু জীয়েক ৰত্না বৰুৱাই বেজবৰুৱাৰ মৃত্যু দিনটো ২৭ মাৰ্চ বুলিহে লিখিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত 'লক্ষ্মীনাথ বেজবৰুৱা, দি সাহিত্যৰথী অব্ আছাম' (১৯৭২ চনত প্ৰকাশিত) গ্ৰন্থত এই তথ্য তেখেতে উল্লেখ কৰিছিল৷ আনহাতে বেজবৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া কোনে আৰু কি প্ৰথাৰে কৰিছিল-সেই সম্পৰ্কেও নিৰ্ভৰযোগ্য তথ্য-পাতিৰ অভাৱ৷ বেজবৰুৱাৰ জীৱন আৰু কৰ্মৰাজি সন্দৰ্ভে চৰ্চা কৰা ত্ৰৈলোক্য ভট্টাচাৰ্যই ছাঁ-পোহৰত লক্ষ্মীনাথ বেজবৰুৱা শীৰ্ষক গ্ৰন্থত এইদৰে মন্তব্য কৰিছে৷ তেখেতৰ মত অনুসৰি,
বেজবৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া কৰোঁতা বুৰঞ্জীবিদ কাশীনাথ তামুলী ফুকনৰ প্ৰপৌত্ৰ আৰু সাহিত্যৰথীৰ বায়েকৰ নাতিনীয়েক শ্ৰীপুষ্পনাথ ফুকন আৰু ভায়েক ডা: শ্ৰী গণেশ চন্দ্ৰ ফুকনৰ পৰা পোৱা তথ্য আমি সংগ্ৰহ কৰি থৈছোঁ৷ (বাণীবদ্ধও)৷ এওঁলোকে সদৰি কৰিছে যে বেজবৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া হিন্দুধৰ্মৰ বিধান অনুযায়ী মুখাগ্নিৰ পৰা মৎস্যস্পৰ্শলৈ নিয়াৰিকৈ কৰা হৈছিল৷ ১৮৯১ চনত ব্ৰাহ্মধৰ্মত দীক্ষিত হৈ প্ৰজ্ঞাসুন্দৰীক বিয়া কৰোৱাৰ পাছত এইয়া হ'ল বেজবৰুৱাৰ হিন্দুধৰ্মলৈ শেষ প্ৰত্যাৱৰ্তন৷[42]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 সাৰথি (২৮ জুন ২০২১). "লক্ষ্মীনাথ বেজবৰুৱা – জীৱন আৰু কৰ্মৰাজি". সাৰথি. https://www.sarothiasom.in/2021/06/28/lakshminath-bezbarua-life-and-works/। আহৰণ কৰা হৈছে: 21 June 2022.
- ↑ ড° নগেন শইকীয়া (ডিচেম্বৰ, ২০১৪). লক্ষ্মীনাথ. প্ৰকাশক গুৱাহাটী: পাঞ্চজন্য বুক্ছ. পৃষ্ঠা. ৭১. ISBN ৯৭৮-৮১-৯২১৭৭৯-৭-৭.
- ↑ সম্পাদনা: ড° প্ৰাণ্জিৎ বৰা (ডিচেম্বৰ, ২০১৪). লক্ষ্মীনাথ. প্ৰকাশক গুৱাহাটী: পাঞ্চজন্য বুক্ছ. ISBN ৯৭৮-৮১-৯২১৭৭৯-৭-৭.
- ↑ বৰুৱা, শান্তনু কৌশিক (২০২১). অসম ইয়েৰ বুক ২০২২. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৯০৭. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
- ↑ 5.0 5.1 গগৈ, হৃদয়ানন্দ (২০১১). লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সমগ্ৰ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৫.
- ↑ "লক্ষ". https://devlibrary.in/lakshminath-bezbaroa-biography-assamese/। আহৰণ কৰা হৈছে: 27 June 2022.
- ↑ গগৈ, হৃদয়ানন্দ (২০১১). লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সমগ্ৰ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৩৩.
- ↑ গোহাঁই. হীৰেন (২০২১). শিল্প-সংস্কৃতিৰ ৰণাঙ্গন. প্ৰকাশক গোলাঘাট: ঐকান্তিক. পৃষ্ঠা. ৬৭. ISBN ৯৭৮-৮১-৯৫১৪৪৮-৪-৬.
- ↑ মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃষ্ঠা-৯-১১
- ↑ অসমীয়া প্ৰতিদিন, ২৭ অক্টোবৰ, ২০০৭
- ↑ বেজবৰুৱা গ্ৰন্থাৱলী, তৃতীয় খণ্ড, সাহিত্য প্ৰকাশন, পৃষ্ঠা-২৯৩০
- ↑ মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ আত্মজীৱনী
- ↑ মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা
- ↑ বৰা, দেবেন্দ্ৰ নাথ (২০১৯). শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা. প্ৰকাশক গুৱাহাটী: নন্দন প্ৰকাশন. পৃষ্ঠা. ২০-২৩.
- ↑ 15.0 15.1 বৰুৱা, কেশৱকান্ত (২০১৯). শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা. প্ৰকাশক গুৱাহাটী: নন্দন প্ৰকাশন. পৃষ্ঠা. ২৪-২৯.
- ↑ 16.0 16.1 16.2 16.3 "লক্ষ্মীনাথ বেজবৰুৱা – জীৱন আৰু কৰ্মৰাজি". সাৰথি. ২৮ জুন, ২০২১. https://www.sarothiasom.in/2021/06/28/lakshminath-bezbarua-life-and-works/। আহৰণ কৰা হৈছে: 21 June 2022.
- ↑ মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃষ্ঠা- ৯০, ৯২, ৯৩
- ↑ গগৈ, হৃদয়ানন্দ (২০১১). লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প-সমগ্ৰ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৩৩-৩৪. ISBN ৯৭৮-৮১-৯২১৮৮৭-৩-৭.
- ↑ মহন্ত, অমৃতজ্যোতি (ছেপ্টেম্বৰ, ২০১৪). "বেজবৰুৱাৰ চুটি-গল্প". সাহিত্য ডট অৰ্গ. https://xahitya.org/bezbarua_suti_golpo_amritjyotimahanta/। আহৰণ কৰা হৈছে: 22 June 2022.
- ↑ গগৈ, হৃদয়ানন্দ (২০১১). লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প-সমগ্ৰ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ১০-১৩. ISBN ৯৭৮-৮১-৯২১৮৮৭-৩-৭.
- ↑ বৰ্মন, মিতালী. "বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ত নাৰী". বিকাশপেডিয়া. https://as.vikaspedia.in/education/childrens-corner/9ac9c799c9ac9f09c19f19be9f0-20189ac9c19c0-9869879f0-9b89be9a79c120199a4-9a89be9f09c0। আহৰণ কৰা হৈছে: 22 June 2022.
- ↑ https://www.thehindu.com/features/and-the-river-flows-to-tell-the-tales-kothanodi/article8645138.ece
- ↑ Das, Gaurav (3 December 2013). "Four iconic fables to feature in film". Times of India (Guwahati). http://timesofindia.indiatimes.com/city/guwahati/Four-iconic-fables-to-feature-in-film/articleshow/26761372.cms.
- ↑ যুগসম্ৰাট সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, জীৱন আৰু সাহিত্য, বিপুল চন্দ্ৰ ভট্টাচাৰ্য্য, পৃ:নং;৫৬, কামধেনু প্ৰকাশন, ২০২১
- ↑ বেজবৰুৱা, লক্ষ্মীনাথ. "কদমকলি". আৰ্কাইভ. পৃষ্ঠাসমূহ: ৫. https://upload.wikimedia.org/wikipedia/commons/8/80/%E0%A6%95%E0%A6%A6%E0%A6%AE-%E0%A6%95%E0%A6%B2%E0%A6%BF_%E0%A6%AC%E0%A7%87%E0%A6%9C%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE.pdf। আহৰণ কৰা হৈছে: 22 June 2022.
- ↑ গোহাঁই, ড০ হীৰেন (২০০৭, ডিচেম্বৰ). নিৰ্বাচিত সমালোচনা. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৬৪-১৬৭.
- ↑ বৰুৱা, বিকাশজ্যোতি (২০০৬, নৱেম্বৰ). সাহিত্যৰথী. জ্যোতি প্ৰকাশন.
- ↑ "চক্ৰধ্বজ সিংহ". আৰ্কাইভ. https://commons.wikimedia.org/w/index.php?title=File:%E0%A6%9A%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A7%8D%E0%A6%AC%E0%A6%9C_%E0%A6%B8%E0%A6%BF%E0%A6%82%E0%A6%B9.djvu&page=2। আহৰণ কৰা হৈছে: 22 June 2022.
- ↑ গোহাঁই, ড০ হীৰেন (২০২১, ডিচেম্বৰ). শিল্প-সংস্কৃতিৰ ৰণাঙ্গন. প্ৰকাশক গুৱাহাটী: ঐকান্তিক প্ৰকাশন. পৃষ্ঠা. ৭৫-৭৭.
- ↑ S. L. Baruah (1993). Last Days of Ahom Monarchy. প্ৰকাশক New delhi: Munshiram Manoharlal Publishers Pvt Ltd. পৃষ্ঠা. 151.
- ↑ ছাজিদ,আব্দুজ (২০১৪, ছেপ্টেম্বৰ). "হাস্যৰসিক বেজবৰুৱা". সাহিত্য ডট অৰ্গ. https://xahitya.org/%E0%A6%B9%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%AF%E0%A7%B0%E0%A6%B8%E0%A6%BF%E0%A6%95-%E0%A6%AC%E0%A7%87%E0%A6%9C%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE-%E0%A6%86%E0%A6%AC%E0%A7%8D%E0%A6%A6/। আহৰণ কৰা হৈছে: 22 June 2022.
- ↑ বৰা, ড° লীলাৱতী শইকীয়া. "লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ ভাষা". বিকাশপেডিয়া. https://as.vikaspedia.in/education/9ac9bf9b69bf9b79cd99f-9ac9cd9af9959cd9a49bf9b89959b2/9b29959cd9b79cd9ae9c09a89be9a5-9ac9c799c9ac9f09c19f19be9f0-9b89be9b99bf9a49cd9af9f0-9ad9be9b79be। আহৰণ কৰা হৈছে: 22 June 2022.
- ↑ মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ আত্মজীৱনী, পৃষ্ঠা-১১৬, ১২৪
- ↑ গোহাঁই, ড০ হীৰেন (২০২১). শিল্ল-সংস্কৃতিৰ ৰণাঙ্গন. প্ৰকাশক গোলাঘাট: ঐকান্তিক. পৃষ্ঠা. ৬৮. ISBN ৯৭৮-৮১-৯৫১৪৪৮-৪-৬.
- ↑ বৰুৱা, শান্তনু কৌশিক (২০২১). অসম ইয়েৰ বুক ২০২২. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৪৩২. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
- ↑ 36.0 36.1 Amaresh Datta (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. পৃষ্ঠা. 273–. ISBN 978-81-260-1803-1. http://books.google.com/books?id=ObFCT5_taSgC&pg=PA273। আহৰণ কৰা হৈছে: 28 November 2012.
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ লক্ষ্মীনাথ বেজবৰুৱা – জীৱন আৰু কৰ্মৰাজি, আহৰণ: ১৮ জুন, ২০২২।
- ↑ লক্ষ্মীনাথ বেজবৰুৱা – জীৱন আৰু কৰ্মৰাজি, আহৰণ: ১৮ জুন, ২০২২।
- ↑ অসমীয়া প্ৰতিদিন, প্ৰবন্ধ: সাহিত্যৰথী : ভাষা সাহিত্যই যাৰ ব্ৰহ্মাস্ত্ৰ, লেখক: লক্ষ্মীনাথ তামুলী, তাৰিখ: ২৬-০৩-১৩ (ইং), পৃষ্ঠা: ৪
- ↑ লক্ষ্মীনাথ বেজবৰুৱা, অসম প্ৰকাশন পৰিষদ, প্ৰবন্ধ: বেজবৰুৱাৰ জীৱন-আলেখ্য, লেখক: নৱকান্ত বৰুৱা, পৃষ্ঠা: ১
- ↑ ভট্টাচাৰ্য, ত্ৰৈলোক্য (২০১৪). ছাঁ আৰু পোহৰত সাহিত্যৰথী বেজবৰুৱা আৰু অন্যান্য প্ৰসংগ. প্ৰকাশক তেজপুৰ: বি.বি.এচ পাব্লিকেচন. পৃষ্ঠা. ২২-২৩.
প্ৰসঙ্গ পুথি
[সম্পাদনা কৰক]- সাহিত্যৰথী, ড॰ প্ৰফুল্ল কটকী, জ্যোতি প্ৰকাশ, ২০০৬
- মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, বাণী মন্দিৰ, ২০০৬
- লক্ষ্মীনাথ বেজবৰুৱা, অসম প্ৰকাশন পৰিষদ, ১৯৬৪
- লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প-সমগ্ৰ, হৃদয়ানন্দ গগৈ, জ্যোতি প্ৰকাশন, ২০১১
ৱিকিউৎসত লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |