সমললৈ যাওক

মৌচুমী চহৰীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৌচুমী চহৰীয়া
জন্ম অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা কণ্ঠশিল্পী

মৌচুমী চহৰীয়া (ইংৰাজী: Mousumi Saharia) এগৰাকী অসমৰ সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। ১৯৯০ চনত মাত্ৰ ৫ বছৰ বয়সতে তেখেতৰ "ফাগুনৰ চেঁচাতে" নামৰ এটা এলবাম মুকলি কৰ। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ, ভিডিঅ’ এলবাম, আৰু বিভিন্ন চিডি আদিত কণ্ঠদান কৰিছে আৰু প্ৰায় ৮০ ৰ অধিক এলবামত গীত গাইছে।[1]

তেখেতৰ পিতৃৰ নাম হেমচন্দ্ৰ চহৰীয়া আৰু মাতৃৰ নাম কনকলতা চহৰীয়া। পঢ়া-শুনাৰ দিশতো তেখেত অত্যন্ত মেধাবী ছাত্ৰী হিচাপে সুনাম আছে। ১৯৯৮ চনৰ মেট্ৰিক পৰীক্ষাত ৯৩% নম্বৰ পাই অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।[1]

একক কণ্ঠৰ এলবাম

[সম্পাদনা কৰক]
  • মই মৌচুমী
  • তুমি মৌচুমী
  • মৰমী মৌচুমী
  • যৌৱন
  • মন নাচে উলাহত
  • ৰংমন
  • নাচে নাচে লাগে মন
  • কঁকালৰে গাগৰি
  • হিয়াৰ মৰম
  • দেবী মন্ত্ৰ
  • আকাশী গংগা আদি। [1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Mousumi Saharia: A musical career in brief …". Posoowa. http://www.posoowa.org/story/mousumi-saharia-musical-career-brief-%E2%80%A6। আহৰণ কৰা হৈছে: 2013-02-03. [সংযোগবিহীন উৎস]