সমললৈ যাওক

কাশ্মীৰি শইকীয়া বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কাশ্মীৰি শইকীয়াৰ পৰা পুনঃনিৰ্দেশিত)
কাশ্মীৰি শইকীয়া বৰুৱা
জন্ম কাশ্মীৰি শইকীয়া
মঙলদৈ, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা
  • অভিনেত্ৰী
  • কণ্ঠশিল্পী
  • বাতৰি পঢ়ুৱৈ
উচ্চতা ৫.৪
ধৰ্ম হিন্দু

কাশ্মীৰি শইকীয়া বৰুৱা (ইংৰাজী: Kashmiri Saikia Baruah) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু কণ্ঠশিল্পী। অসমমঙলদৈত ৩০ নৱেম্বৰ তাৰিখে তেওঁৰ জন্ম হৈছিল। মংলদৈত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত ১৯৮১ চনত কটন কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। চলচ্চিত্ৰৰ উপৰিও তেখেতে ভালেমান দিন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বাতৰি পৰিবেশক হিচাপে কাম কৰিছিল। তেওঁ দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানত আঁতধৰোঁতাৰ (anchor) কামো কৰিছে।[1]

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

গৃহনগৰ মঙ্গলদৈতে তেওঁৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল। ১৯৮১ চনত তেওঁ গুৱাহাটীকটন কলেজৰ স্নাতক ডিগ্ৰী লয়।[2] তেওঁ অৰণ্য (১৯৭১) ছবিৰ এই পূৰ্ণিমা ৰাতি শীৰ্ষক এটা বিখ্যাত গীতৰ দৃশ্যত এজনী নৃত্যশিল্পী হিচাপে প্ৰথম ভুমুকি মাৰে। মূল নাৰী চৰিত্ৰত অভিনয় কৰা তেওঁৰ প্ৰথম চিনেমা সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত পুতলা ঘৰ (১৯৭৬) মুক্তি পাওঁতে তেওঁ এজনী স্কুলীয়া ছাত্ৰী। এবছৰ পিছত ভাৰতীয়া পেনোৰামত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সন্ধ্যাৰাগত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। '৮০ৰ দশকটো তেওঁৰ অভিনয় জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। এই সময়চোৱাতে তেওঁ 'অগ্নিস্নান' (১৯৮৫), 'ময়ুৰী' (১৯৮৬), 'এণ্টনী মোৰ নাম' (১৯৮৬), 'এই দেশ মোৰ দেশ' (১৯৮৬) আৰু পিছলৈ 'সাগৰলৈ বহুদূৰ'ত (১৯৯৫) অভিনয় কৰে। [3]

'৯০ৰ দশকত তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাতৰি পঢ়ুৱৈ হিচাপে জড়িত হৈ পৰিছিল। তেওঁক দূৰদৰ্শনৰ বহুতো কাৰ্যসূচী বা টকশ্ব'তো আঁতধৰোঁতা বা অংশগ্ৰহণকাৰী হিচাপে দেখা গৈছে।

অভিনীত চলচ্চিত্ৰ

[সম্পাদনা কৰক]
ক্ৰমিক
নং
ছবিৰ নামবৰ্ষপৰিচালকচৰিত্ৰ
অৰণ্য১৯৭১সমৰেন্দ্ৰ নাৰায়ণ দেৱনৃত্যশিল্পী
পুতলা ঘৰ১৯৭৬সমৰেন্দ্ৰ নাৰায়ণ দেৱমূল নাৰী চৰিত্ৰ বেউলা
নতুন আশা১৯৭৭প্ৰবীৰ মিত্ৰ
সন্ধ্যাৰাগ১৯৭৭ভবেন্দ্ৰ নাথ শইকীয়া
অগ্নিস্নান১৯৮৫ভবেন্দ্ৰ নাথ শইকীয়া
ময়ুৰী১৯৮৬শিৱপ্ৰসাদ ঠাকুৰ
এণ্টনী মোৰ নাম১৯৮৬নিপ বৰুৱা
এই দেশ মোৰ দেশ[4]১৯৮৬শিৱপ্ৰসাদ ঠাকুৰ
সাগৰলৈ বহু দূৰ১৯৯৫জাহ্নু বৰুৱা
১০প্ৰেমগীত২০০২ আশীষ শইকীয়া
১১চেনাই মোৰ ঢুলীয়া২০০৫চন্দ্ৰ মূদৈ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Rajadhyaksha, Ashish; Willemen, Paul (2014-07-10) (en ভাষাত). Encyclopedia of Indian Cinema. Routledge. ISBN 9781135943189. https://books.google.com/books?id=SLkABAAAQBAJ.
  2. "Kashmiri Saikia Baruah Actors Celebrities official contact website for booking/artistebooking.com". www.artistebooking.co.in. Archived from the original on 2020-07-26. https://web.archive.org/web/20200726222523/http://www.artistebooking.co.in/Kashmiri-Saikia-Baruah-Actors_Celebrities আহৰণ কৰা হৈছে: 2016-04-30.
  3. Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati.
  4. "Kashmiri Saikia's flimography". imdb.com. http://www.imdb.com/name/nm0756522 আহৰণ কৰা হৈছে: February 26, 2013.