চন্দ্ৰপ্ৰভা শইকীয়ানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
চন্দ্ৰপ্ৰভা শইকীয়ানী
জন্ম ১৬ মাৰ্চ, ১৯০১
দৈশিঙৰী গাঁও, বজালী, বৰপেটা জিলা
মৃত্যু ১৬ মাৰ্চ, ১৯৭২
পেচা সহিত্যসেৱী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজী ভাৰতৰ স্বাধীনতা আন্দোলন
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী বঁটা

চন্দ্ৰপ্ৰভা শইকীয়ানী (ইংৰাজী: Chandraprabha Saikiani) (জ. ১৬ মাৰ্চ, ১৯০১ - মৃ. ১৬ মাৰ্চ, ১৯৭২) এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। অসমীয়া সমাজত নাৰীৰ সন্মান তথা মৰ্যদা ৰক্ষাৰ বাবে আগভাগ লৈছিল। 'অসম মহিলা সমিতি'ৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম।[1] পদ্মশ্ৰী বিজয়িনী।

চমু জীৱনী[সম্পাদনা কৰক]

বৰ্তমানৰ বৰপেটা জিলাবজালী অঞ্চলৰ দৈশিঙৰী গাঁৱত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল। পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম আছিল গংগাপুৰীয়া। জন্মৰ পাছত তেখেতৰ নাম আছিল চন্দ্ৰপ্ৰিয়া। ৰামেশ্বৰী আছিল চন্দ্ৰপ্ৰিয়াৰ ভনীয়েক।[2]

শিক্ষা[সম্পাদনা কৰক]

দুই ভনীয়েকক ভালুকী গাঁওৰ মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক বিদ্যালয়ৰ পঢ়া-শুনা কৰিবলৈ দিয়া হৈছিল। ১১ বছৰ বয়সত চন্দ্ৰপ্ৰিয়াই ৰূপকৰ পদকেৰে সন্মানিত হৈ প্ৰথমিক পঢ়া শেষ কৰিছিল।ইয়াৰ পাছত মজলীয়া বিদ্যালয়ৰ পঢ়াৰ বাবে কঁঠালমূৰী এম.ভি. স্কুলত নাম লিখাইছিল। বহু দূৰ বাট কুৰি বাই স্কুললৈ আহিবলগীয়া হৈছিল। দুই ভনীয়েকে এম.ভি. পাছ কৰে। সেই সময়তে স্কুলৰ উপপৰিদৰ্শক নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ পঢ়াৰ প্ৰতি থকা ধাউতি দেখি বৃত্তি দিয়াই নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিয়ে।[2]

নগাঁও মিছন স্কুলত চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ নাম সলনি কৰি ক্ৰমে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা কৰা হয়।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

পঢ়া সাং কৰি চন্দ্ৰপ্ৰভাই নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়তে প্ৰথমে কাম কৰে। ইয়াৰ পাছত তেজপুৰৰ এখন মজলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নিযুক্ত হয়।[2]

তেজপুৰত থকা কালতে গন্ধৰ্ব প্ৰথা মতে চন্দ্ৰপ্ৰভাৰ বিয়া হৈছিল সাহিত্যিক দণ্ডিনাথ কলিতাৰ লগত। কিন্তু সমাজে এই বিয়াক স্বীকৃতি দিয়া নাছিল। একমাত্ৰ পুত্ৰ অতুলৰ জন্মৰ পাছত তেওঁ সংসাৰ ত্যাগ কৰি ঘৰলৈ উভতি আহে আৰু ঘৰৰপৰা চাৰিমাইল আঁতৰৰ কালজিৰাপাৰাৰ ছোৱালী প্ৰাইমেৰী স্কুলত কাম কৰিবলৈ আৰম্ভ কৰে। দূৰণিৰ কামলৈ অহা-যোৱাৰ সুবিধাৰ বাবে চন্দ্ৰপ্ৰভাই চাইকেলত অহা-যোৱা কৰিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী চাইকেল চলোৱা অসমৰ প্ৰথম মহিলা আছিল।[2]

এইখিনি সময়ৰেপৰাই চন্দ্ৰপ্ৰভাই বিভিন্ন সামাজিক কামত মনোযোগ দিবলৈ আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ লগতে এখেতে নাৰী জাগৰণৰ বাবে কাম কৰিছিল। এখেতে অসমত মহিলা সমিতি পাতি মহিলাৰ সামাজিক মৰ্য্যদা আৰু সন্মানৰ বাবে সংগঠিত ৰূপত কাম কৰিবলৈ আৰম্ভ কৰিছিল।[2] অসম মহিলা সমিতিৰ সম্পাদিকা হিচাপে সাত বছৰ কাৰ্য্যভাৰ গ্ৰহন কৰিছিল।[3]

ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৩ চনত এবাৰ আৰু ১৯৪৩ চনত দুবাৰ জেইল খাটিছিল। কিছুকাল কৃষক সভাৰো সভানেত্ৰী আছিল।[3] ১৯৬৯ চনৰপৰা স্বাস্থ্য পৰি অহাত এখেতে সামাজিক কাৰ্য্যৰপৰা অব্যাহতি লয়।[3]

মৃত্যু[সম্পাদনা কৰক]

১৯৭২ চনৰ ১৬ মাৰ্চ তাৰিখে ৰোগজনিত কাৰণত এখেতে মৃত্যু সাৱটি লয়।[2]

তথ্য উৎস[সম্পাদনা কৰক]

  1. পৰিশিষ্ট ৯, পৰিচয়জ্ঞাপক তালিকা, শৰাইঘাট অভিধান, প্ৰথম প্ৰকাশ: দ্বিতীয় মুদ্ৰণ (নৱেম্বৰ, ২০১১), শৰাইঘাট প্ৰকাশন, পৃ: ১২১৪
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 যামিনী দেৱী, বজালীৰ গৌৰৱ পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী, স্মৃতিগ্ৰন্থ: পাঠশালা ছোৱালী হাইস্কুল, (২০১২), পৃ: ৫১-৫৩
  3. 3.0 3.1 3.2 শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, (১৯৯২), ছ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা:লি:, পৃষ্ঠা: ৮৯-৯০