হৰেকৃষ্ণ ডেকা
হৰেকৃষ্ণ ডেকা | |
---|---|
জন্ম | ১৯৪৩ |
পেচা | আৰক্ষী বিষয়া, সাহিত্যিক |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সাহিত্য অকাডেমি বঁটা (১৯৮৭) অসম উপত্যকা সাহিত্য বঁটা (২০১০) |
হৰেকৃষ্ণ ডেকা (১৯৪৩ -) এগৰাকী কবি, চুটি গল্প লেখক, প্ৰবন্ধ লেখক, ঔপন্যাসিক, কবিতাৰ সমালোচক আৰু অধ্যাপক। ছাত্ৰাৱস্থাৰ পৰাই কবিতা আৰু গল্প লিখাত মনোনিবেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল।[1] ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ মহাপ্ৰধান (DGP) হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।[2] সাহিত্য বিষয়ক আলোচনী 'গৰীয়সী' আৰু ইংৰাজী দৈনিক কাকত 'দ্যা ছেণ্টিনেল'ৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। বৰ্তমানেও সাহিত্য জগতৰ লগত তেখেত জড়িত হৈ আছে।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]হৰেকৃষ্ণ ডেকাৰ জন্ম হৈছিল ১৯৪৩ চনত। পৈতৃক ঘৰ আছিল বৰ্তমানৰ নলবাৰী জিলাৰ সৰ্থেবাৰী অঞ্চলত।[3] কিন্তু তেখেতৰ শৈশৱ অতিবাহিত হৈছিল তিনিচুকীয়াত। তাতেই তেখেতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।[2] উচ্চ শিক্ষাৰ বাবে প্ৰথমে কটন কলেজ আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লয়। ১৯৬৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৬৫ চনৰ মাজভাগৰপৰা ১৯৬৮ চনলৈ গুৱাহাটীৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে।[2] ১৯৬৮ চনত 'ভাৰতীয় আৰক্ষী সেৱা'ৰ অসম-মেঘালয় কেডাৰত যোগ দিয়ে। আৰক্ষী সেৱাৰ পৰা অসম আৰক্ষীৰ মহাপ্ৰধান হিচাপে ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে।[2] ২০০৮ চনৰ ডিচেম্বৰ মাহৰপৰা ২০১০ চনৰ নৱেম্বৰ মাহলৈ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা সমিতিৰ (National Security Advisory Board) সদস্য ৰূপে কাৰ্য নিৰ্বাহ কৰে॥[2] চাকৰিৰ পৰা অৱসৰৰ পাছত ডেকাই 'The Sentinel' কাকতৰ সম্পাদক ৰূপে কম সময়ৰ বাবে যোগ দি পাছলৈ সাহিত্য আলোচনী 'গৰীয়সী'ৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰে।[2]
সাহিত্য কৰ্ম[2]
[সম্পাদনা কৰক]- কবিতা পুথি
- স্বৰেবাৰ
- ৰাতিৰ শোভাযাত্ৰা, ১৯৭৮
- আন এজন, (বঙালী আৰু উড়িয়া ভাষালৈ অনূদিত)
- সানমিহলি বৰ্ণমালা
- সয়ম্বৰ, ১৯৭২
- কবিতা ১৯৬০-১৯৮০, ২০০২
- ভালপোৱাৰ বাবে এষাৰ, ২০০৩
- সানমিহলি বৰ্ণমালা, ২০১০
- সময় শব্দ জীৱন আৰু অন্যান্য
- অন্য সেতুবন্ধ
- খিৰিকীখনত নিলিখিবা আৰু ল'কডাউনৰ কবিতা
- তিনিশৰীয়া কবিতা
- স্বনিৰ্বাচিত কবিতা।
- অনুদিত কবিতা পুথি
- Sea-Scare (ইংৰাজীলৈ অনূদিত কবিতা), ২০০১
- প্ৰতিসাৰিত ৰশ্মি, ১৯৯২ (ছেইণ্টজন পাৰ্ছি, য়ানিছ ৰিছট'ছ, ভাস্ক' পোপা আৰু জেৰোস্লাভ ছিফাৰ্টৰ কবিতাৰ অনুবাদ)
- চুটি-গল্প সংগ্ৰহ
- প্ৰাকৃতিক আৰু অন্যান্য, ১৯৮৫
- মধূসূদনৰ দলং, ১৯৯২
- বন্দীয়াৰ, ১৯৯৬ (উড়িয়া ভাষালৈ অনূদিত)
- পোষ্টমডাৰ্ণ অথবা গল্প, ২০০১
- মৃত্যুদণ্ড, ২০০৬
- গল্প আৰু কল্প (Story and Fiction), ২০০৯
- স্বৰ্ণবৃষ্টি
- পাঁচৰ পিঠিত শূণ্য (নিৰ্বাচিত ৫০টা গল্প)
- স্বনিৰ্বাচিত ২৫টা গল্প
- সাহিত্য সমালোচনা
- আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ, ১৯৯৮
- বীক্ষণ আৰু সন্ধান, ২০০০
- সৃষ্টি আৰু দৃষ্টি, ২০০৬
- আধুনিক কবিতা,
- নীলমনি ফুকনঃ কবি আৰু কবিতা, ২০১০
- অৱলোকন,
- উপন্যাস
- আগন্তুক, ২০০৮
- যাত্ৰাঃ এখন অসম্পূৰ্ণ উপন্যাসৰ বাৰটা অধ্যায়
- ডিটেকটিভঃ দুখন ৰহস্য উপন্যাস
- সম্পাদিত কিতাপ
- তৰুণ প্ৰজন্মৰ কবিতা, ২০০৫
- সামাজিক বিশ্লেষণ
- প্ৰব্ৰজন আৰু অণুপ্ৰবেশ, ২০১০
- সাৰ্বভৌমত্ব, সন্ত্ৰাসবাদ আৰু নাগৰিক সমাজ, ২০১০
- এই সময়,
- স্মৃতিকথা
- চোতালৰ আঁক-বাক
- ইংৰাজীলৈ অনুদিত কবিতা
- One Hundred Poems of Harekrishna Deka.অনুবাদক: ছাদিকুল ইছলাম
- Guilt and Other Stories. অনুবাদক: মিত্ৰা ফুকন
স্বীকৃতি আৰু সন্মান
[সম্পাদনা কৰক]- ১৯৮৭: সাহিত্য অকাডেমি বঁটা, (আন এজন কবিতা পুথিৰ বাবে)[4]
- ১৯৯৬: কথা পুৰস্কাৰ, বন্দীয়াৰ গল্প সংকলনৰ বাবে
- ২০১০: অসম উপত্যকা সাহিত্য বঁটা[2][1][3]
- পদ্মনাথ বিদ্যাবিনোদ সাহিত্য পুৰস্কাৰ, ২০১৫
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 http://indianreview.in/the-assam-valley-literary-award-harekrishna-deka-2010/ আহৰণ কৰা তাৰিখঃ ৫ জানুৱাৰী, ২০১২
- ↑ 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 "হৰেকৃষ্ণ ডেকাৰ ৱেবছাইট, আহৰণ কৰা তাৰিখ: ৫ জানুৱাৰী, ২০১২". Archived from the original on 2019-10-02. https://web.archive.org/web/20191002063314/http://hkdeka.com/। আহৰণ কৰা হৈছে: 2012-01-04.
- ↑ 3.0 3.1 http://my-guwahati.blogspot.com/2006/03/interview-with-harekrishna-deka-poet.html Archived 2010-08-07 at the Wayback Machine আহৰণ কৰা তাৰিখঃ ৫ জানুৱাৰী, ২০১২
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Indian Review: Harekrishna Deka Wins the Assam Valley Literary Award, 2010
- An Interview with the Poet: Harekrishna Deka
- An Introduction to Harekrisha Deka’s Poetry by Prabhat Bora
- Harekrishna Deka: In discussion with Uddipana Goswami[সংযোগবিহীন উৎস]
- INTERVIEW WITH HAREKRISHNA DEKA, POET AND RETIRED POLICE OFFICER, BY UDDIPANA GOSWAMI ON 20TH MARCH, 2006. Archived 2010-08-07 at the Wayback Machine
- Harekrishna Deka's Poems in Kavitayan[সংযোগবিহীন উৎস]
- The Prisoner - short story
- The Dawn (An Assamese Poem of Harekrishna Deka in Translation Archived 2013-02-03 at Archive.today
|
|