হীৰেন গোহাঁই
হীৰেন গোহাঁই | |
---|---|
জন্ম | ১৯৩৯ চনৰ এপ্ৰিল মাহত গোলাঘাট, অসম |
পেচা | সমালোচক, বিশিষ্ট চিন্তাবিদ, সাংবাদিক, শিক্ষাবিদ, অধ্যাপক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা কীৰ্তন পুথিৰ ৰস-বিচাৰ |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৮৯)[1] |
হীৰেন গোহাঁই (ইংৰাজী: Hiren Gohain; জন্ম: ১৯৩৯) অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সাহিত্যিক আৰু সমালোচক।[2] ইয়াৰ উপৰিও তেওঁ এগৰাকী কবি,[3] সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেওঁ ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহণ কৰিছিল। গোহাঁইৰ পিতৃ মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল।[4] উত্তৰ গুৱাহাটীত তেখেতৰ পৈতৃক ঘৰ আছিল। ড॰ গোহাঁয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি কিছুবছৰ পূৰ্বে অৱসৰ লৈছে। তেখেতৰ জ্যেষ্ঠা ভগ্নী কমলা গোহাঁই চল্লিছৰ দশকৰ এগৰাকী অসমীয়া মহিলা চিকিৎসক আছিল।[5]
শিক্ষা
[সম্পাদনা কৰক]- ১৯৫৫ চনত তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰতে দ্বিতীয় স্থান (ইংৰাজী আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
- ড॰ গোহাঁয়ে ১৯৫৭ চনত কটন কলেজৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে তৃতীয় স্থান লভি আই-এ লাভ কৰে।
- কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা ইংৰাজী সাহিত্যত সন্মানসহ দ্বিতীয় শ্ৰেণীৰ স্নাতক সন্মান লাভ কৰে।
- ১৯৬১ চনত তেওঁ ক্ৰিষ্টফাৰ মৰিছৰ তত্ত্বাবধানত ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি উপাধি লাভ কৰে। তেওঁ মিল্টনৰ বিষয়ে গৱেষণা কৰিছিল।
- ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত প্ৰথম স্থান লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ড॰ গোহাঁই এজন কৃতী ছাত্ৰ আছিল।[4]
সাহিত্যকৃতি
[সম্পাদনা কৰক]ড॰ হীৰেন গোহাঁয়ে ছাত্ৰ অৱস্থাৰে পৰাই সাহিত্য চৰ্চা কৰিছিল।[4] ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সম্পাদনা কৰা আলোচনী ৰামধেনুত তেখেতৰ কেইবাটাও কবিতা প্ৰকাশ হৈছিল।[4]
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- সাহিত্যৰ সত্য (১৯৭০)
- সমাজ আৰু সমালোচনা (১৯৭২)[6]
- বাস্তৱৰ স্বপ্ন (১৯৭২)[6]
- সাহিত্য আৰু চেতনা (১৯৭৬)
- কাল ভ্ৰমৰ (১৯৭৮)
- কীৰ্তন পুথিৰ ৰস-বিচাৰ (১৯৮৩)
- বিশ্বায়তন (১৯৮৪)
- তেজৰ আখৰে লেখা (১৯৮৪)
- উপন্যাসৰ আধুনিক পাশ্চাত্য সমালোচনা (১৯৮৪)
- অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা (১৯৮৭)
- বন্দৰৰ কাল (১৯৮৭)
- আঞ্চলিকতাবাদ আৰু অসম, (১৯৯০)
- উত্তৰণৰ সাধনা (১৯৯২)
- কেৱল মানুহৰ আছে গান, তৰা আৰু বোকা (১৯৯৩)
- কালস্ৰোত আৰু কাণ্ডাৰী (১৯৯৫)
- ইমান তিতা সাগৰৰ পানী (২০১১)[7] (আত্মজীৱনী)
- বতাহত ক’ৰ গধূলি গোপাল (আত্মজীৱনী)
- সাহিত্য, সত্তা আৰু সাধনা (২০০০)
- হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী (আত্মজীৱনী)
- সপোনৰ দিকচৌ বনত (আত্মজীৱনী)
- ৰণশিঙা খংশিঙা (১৯৬০) [8]
- সমাজ আৰু সমালোচনা (১৯৭২)[8]
- সৃষ্টি আৰু যুক্তি (১৯৭২)[8]
- কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা (১৯৮৬)[8]
- বন্দৰৰ কাল (১৯৮৭)[8]
- কেৰ্বেৰাচ আৰু নৰকৰ প্ৰহৰী (১৯৮৭)[8]
- সাক্ষাৎকাৰত সাফল্য লাভৰ উপায় (১৯৮৭)[8]
- অদৃষ্ট আৰু অসম (১৯৮৮)[8]
- উপন্যাসৰ আধুনিক সমালোচনা ২য় খণ্ড (১৯৮৮)[8]
- স্বাধীনতাৰ সপোন আৰু দিঠক (১৯৯১) [8]
- পট পৰিৱৰ্তন (১৯৯২)[8]
- ঐতিহ্যৰ ৰূপান্তৰ আৰু অন্যান্য প্ৰবন্ধ(১৯৯৩)[8]
- এগছ বন্তিৰ এন্ধাৰ (১৯৯৩)[8]
- উত্তৰণৰ সাধনা (লয়াৰ্ছ বুক ষ্টল, ১৯৯৩)[8]
- যোগাযোগ (ভষ্টক, ১৯৯৩)[8]
- গণতন্ত্ৰৰ নৱজীৱন (জানকী প্ৰকাশন, ১৯৯৪)[8]
- কালস্ৰোত আৰু কাণ্ডাৰী (লয়াৰ্ছ বুক ষ্টল, ১৯৯৫)[8]
- অবিনাশী অসমীয়া (বুক এম্পৰিয়াম, ১৯৯৬)[8]
- লস্ত লাগিজ্ (বুক এম্পৰিয়াম, ১৯৯৬)[8]
- শব্দভেদী বাণ (ষ্টুডেণ্টছ্ এম্পৰিয়াম, ১৯৯৬)[8]
- সন্ধিক্ষণ (লয়াৰ্ছ বুক ষ্টল, ১৯৯৭)[8]
- ভাৰতৰ স্বাধীনতা আন্দোলনত বিপ্লৱবাদীসকলৰ অৱদান, (নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া,১৯৯৮)[8]
- উৰণীয়া হাঁহৰ মাত, (বুক হাইভ, ১৯৯৮)[8]
- নৈৰাজ্য আৰু নিৰ্মাণ, (লয়াৰ্ছ বুক ষ্টল, ১৯৯৮)[8]
- মানৱতাৰ সন্ধানত, (জ্যোতি প্ৰকাশন, ২০০১)[8]
- কুঁৱলী ফালি পোহৰ, (চন্দ্ৰ প্ৰকাশ, ২০০২)[8]
- কিয় লিখোঁ, (এফ, এছ শইকীয়া, মিৰনেট, ২০০৩)[8]
- ভাবীকালৰ খনিকৰ, (জ্যোতি প্ৰকাশন, ২০০৩)[8]
- জাতিসত্তা আৰু মানৱসত্তা, (অনন্যা প্ৰকাশন, ২০০৪)[8]
- মাজুলীৰ জিলিঙনি, (পদাতিক প্ৰকাশন, ২০০৫)[8]
- নিৰ্বাচিত সমালোচনা, (অসম প্ৰকাশন পৰিষদ, ২০০৭)[8]
- আখ্যানৰ আঁৰৰ আমেৰিকা, (পদাতিক প্ৰকাশন, ২০০৭)[8]
- সূৰ্যোদয়ৰ প্ৰতীক্ষাত, (অশোক বুক ষ্টল, ২০০৮)[8]
- অগ্নিগৰ্ভ অসম আৰু শুভ উত্তৰণৰ প্ৰচেষ্টা, (অশোক বুক ষ্টল, ২০১০)[8]
- বৃহৎ নদীবান্ধ আৰু অসমৰ বিপৰ্যয়, (আঁক-বাক প্ৰকাশন, ২০১০)[8]
- আত্মবিস্মৃত ইছলাম আৰু অন্যান্য প্ৰবন্ধ, (অশোক বুক ষ্টল, ২০১১)[8]
- কালান্তৰৰ দোমোজাত, (শান্তি, ২০১৩)[8]
- শংকৰদেৱ সন্দৰ্শন, (শান্তি প্ৰকাশন, ২০১৩)[8]
- স্থবিৰতা বনাম প্ৰগতি, (চন্দ্ৰ প্ৰকাশ, ২০১৪)[8]
- প্ৰগতিৰ সংগ্ৰাম আৰু অস্তিত্বৰ ছন্দ, (বনলতা, ২০১৪)[8]
- গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ আৰু সন্ত্ৰাস, (শান্তি প্ৰকাশন, ২০১৪)[8]
- পৰম্পৰা আৰু আধুনিকতা, (বনলতা, ২০১৫)[8]
- গতিপথ আৰু গন্তব্য, (পদাতিক, ২০১৬)[8]
- চলচ্চিত্ৰ আৰু বাস্তৱতা, (পদাতিক, ২০১৬)[8]
- পৰিৱৰ্তনৰ স্বপ্ন আৰু দুঃস্বপ্ন, (পৃথিৱী প্ৰকাশন, ২০১৭)[8]
- সমাগত সংকট, (মুক্ত চিন্তা প্ৰকাশন, ২০১৭)[8]
- শিল্প সংস্কৃতিৰ ৰণাঙ্গন, (কথাৰ সহযোগত গোলাঘাটৰ ঐকান্তিকৰ দ্বাৰা প্ৰকাশিত, ২০২১)[8]
- ইংৰাজী
- Tradition and Paradise Lost (১৯৭৬)
- On the Present Movement in Assam (১৯৮০)
- Assam: A Burning Question (১৯৮৪)
- Nature and Art in Shakespeare (১৯৮৮)
- Aspects of Early 19th century Bengalee Culture (১৯৯০)
- The Magic Plant (১৯৯২)
- Struggling in a time warp(২০১৯,ভৱানী পাব্লিছিং)
- The Idea of Popular Culture in the Early Nineteenth Century Bengal, 1991 (K.P.Bagchi & co., 1991)[8]
সমালোচক
[সম্পাদনা কৰক]ড॰ হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সুপ্ৰতিষ্ঠিত সমলোচক। তেওঁৰ তীক্ষ্ণধী সমালোচনাই অসমৰ সাহিত্য, ৰাজনীতি, সমাজনীতি আৰু সাংস্কৃতিক দিশলৈ নতুন গতিধাৰা আৰু চেতনাবোধ আনিছে। বৰ্তমান ইয়াৰ প্ৰতিটো দিশতে তেওঁ এগৰাকী কাণ্ডাৰীৰ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু প্ৰকৃত গণতন্ত্ৰৰ মূল্যবোধক প্ৰমূল্য দিয়া এগৰাকী প্ৰকৃত গণতান্ত্ৰিক ব্যক্তিৰূপেও তেওঁ অসমৰ সমাজ জীৱনত আখ্যায়িত হৈছে।[4]
“এদলে অসমীয়া নপঢ়ে; ইংৰাজী পঢ়ে, ফলত অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত একো অৱদান যোগাব নোৱাৰে, আন দলে আকৌ কেৱল অসমীয়াহে পঢ়ে, ইংৰাজী নপঢ়ে; ফলত বিদেশৰ লগত আদান-প্ৰদানত যথেষ্ট বাধাৰ সন্মুখীন হয়।”[4]
সাংবাদিকৰূপে হীৰেন গোহাঁই
[সম্পাদনা কৰক]ড॰ হীৰেন গোহাঁই সংবাদ সেৱাৰ লগতো জড়িত আছিল। বিভিন্ন বাতৰি কাকত আৰু আলোচনীৰ লগত তেখেত জড়িত। তেখেতে নতুন পৃথিৱী (১৯১৭-১৯৭৩), পদাতিক (১৯৭৪-১৯৭৭), কলাখাৰ (১৯৭৯-১৯৮২), সংকেত প্ৰভৃতি কেইবাখনো আলোচনী আৰু বাতৰি কাকত সম্পাদনা কৰিছিল।[4]
অন্যান্য কৰ্মৰাজি
[সম্পাদনা কৰক]- Frontier (কলকাতা), The Telegraph (কলকাতা), Economic and Political Weekly (মুম্বাই), Secular Democracy (দিল্লী), Mainsream (দিল্লী) আদি বাতৰি কাকতত বহুতো প্ৰবন্ধ প্ৰকাশ কৰি আহিছে। তেওঁ বিভিন্ন ছেমিনাৰসমূহত পাঠ কৰা কিছুমান পেপাৰ (ছিমলা) আৰু নেহৰু মেম’ৰিয়েল মিউজিয়ামৰ কাৰ্য-বিৱৰণীত প্ৰকাশিত হৈছে।
- ১৯৭৪ চনত কলিকতাত অমল ভট্টাচাৰ্য স্মৃতি বক্তৃতা প্ৰদান কৰিছিল।
- ১৯৯১ চনত তেওঁ কলিকতাত Centre for Studies in Social Science-ত সখাৰাম গণেশ দেউক্ৰৰ স্মাৰক বক্তৃতা প্ৰদান কৰে।
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]ড॰ হীৰেন গোহাঁই ৰাজনীতিৰ লগতো জড়িত। তেওঁ ১৯৭০-৭৩ চনলৈ আৰু ১৯৭৯-৮২ চনলৈ চি.পি.আই (এম)ৰ লগতো বিশেষ বিশেষ বিষয়ত সহযোগিতা ৰক্ষা কৰিছে। সম্প্ৰতি আঞ্চলিকতাবাদ ৰাজনৈতি দৰ্শনক এক জনমুখী আৰু গণতান্ত্ৰিক ৰূপ দিয়াত তেওঁ আত্মনিয়োগ কৰিছে।[4]
বঁটা
[সম্পাদনা কৰক]- কমল কুমাৰী ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰদান কৰা কমল কুমাৰী বঁটা লাভ[9]।
- "অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা" শীৰ্ষক গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।[10] উল্লিখিত গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ "Assamese Intellectuals Angry Over 'Injustice' to Gohain". Outlook (magazine). 23 February 2010. Archived from the original on 14 June 2012. https://web.archive.org/web/20120614062653/http://news.outlookindia.com/items.aspx?artid=675108। আহৰণ কৰা হৈছে: 1 December 2011.
- ↑ Jotwani, Motilal Wadhumal (1979). Contemporary Indian literature and society. প্ৰকাশক New Delhi: Heritage. পৃষ্ঠা. 6. OCLC 5898943.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 সমীন কলিতা (২০০৮). সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া. পৃষ্ঠা. ১৩৭.
- ↑ "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020.
- ↑ 6.0 6.1 শোণিত বিজয় দাস, মুনীন বায়ন, ed (২০০৯). "আগকথা". হীৰেন গোহাঁইৰ ৰচনাৱলী: প্ৰথম খণ্ড-বিষয় সাহিত্য. কথা প্ৰকাশন. ISBN ৮১-৮৯১৪৮-১৮-৪.
- ↑ "ইমান তিতা সাগৰৰ পানী গ্ৰন্থৰ তথ্য". Archived from the original on 2012-02-01. https://web.archive.org/web/20120201130146/http://books.jamini.co.in/%E0%A6%87%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%80/। আহৰণ কৰা হৈছে: 2012-03-22.
- ↑ 8.00 8.01 8.02 8.03 8.04 8.05 8.06 8.07 8.08 8.09 8.10 8.11 8.12 8.13 8.14 8.15 8.16 8.17 8.18 8.19 8.20 8.21 8.22 8.23 8.24 8.25 8.26 8.27 8.28 8.29 8.30 8.31 8.32 8.33 8.34 8.35 8.36 8.37 8.38 8.39 8.40 8.41 8.42 8.43 8.44 8.45 8.46 8.47 দাস, শোণিত বিজয়-বায়ন, মুনীন (সম্পাদনা) (২০২২). হীৰেন গোঁহাই ৰচনাৱলী (তৃতীয় খণ্ড). কথা. ISBN 978-81-89148-88-1.
- ↑ "কমল কুমাৰী বঁটা". Archived from the original on January 21, 2012. https://web.archive.org/web/20120121175156/http://www.bipuljyoti.in/authors/hirengohain.html। আহৰণ কৰা হৈছে: December 05, 2011.
- ↑ শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). "হীৰেন গোহাঁই". কথা বৰেন্য. কথা প্ৰকাশন. পৃষ্ঠা. ৯৯.
ৱিকিউদ্ধৃতিত হীৰেন গোহাঁই বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
|