চ্যু-কা-ফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছ্যু-কা-ফাৰ পৰা পুনঃনিৰ্দেশিত)
চাও-লুং চ্যু-কা-ফা
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜀𑜡 𑜇𑜡
চাও-লুং চ্যু-কা-ফাৰ প্ৰতিমূৰ্তি
অসম ৰাজ্য বা মু'ঙ দুন চুন খামৰ প্ৰথমজন চাওফা তথা চীনদেহ'ঙৰ(ᥖᥬᥳ ᥑᥨᥒᥰ/德宏州) ৰাজকোঁৱৰ
ৰাজত্ব ১২২৮ – ১২৬৮
অভিষেক অসম দিৱস (২ ডিচেম্বৰ, ১২২৮)
উত্তৰসূৰী চ্যু-তেও-ফা
নাঙ-লুং (কুঁৱৰী) আই-মে' চাও-লু
চেন-চুম-ফা
য়িলো-কে-চি-চুম-ফা
সম্পূৰ্ণ নাম
চাও-লুং চ্যু-কা-ফা
বাসগৃহ ছ্যু ফৈদ
মাতৃ ব্ল'ক খাম-ছেন
পিতৃ চাং-ন্যেও
জন্ম চীনদেশদেহ'ঙ (মধ্যযুগৰ মু'ঙ মাও)
সমাধিস্থল চ্যু-কা-ফা মৈ-দাম,চ্যু-কা-ফা হাবি গাঁও, ছে ৰাই দ'য়, অসম
ধৰ্ম আহোম ধৰ্ম (তাও ধৰ্মৰ এটা শাখা)
আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

চাও-লুং চ্যু-কা-ফা (আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜀𑜡 𑜇𑜡ইংৰাজী: Chao-Lüng Siu-Ka-Fa, ৰাজত্বকাল: ১২২৮-১২৬৮) অসম ৰাজ্য বা মু'ঙ দুন চুন খামৰ প্ৰথমজন চাওফা তথা চীনদেহ'ঙৰ (মধ্যযুগৰ মু'ঙ মাওৰ; ᥖᥬᥳ ᥑᥨᥒᥰ/德宏州) ৰাজকোঁৱৰ আছিল,[1] আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল।[2] চ্যু-কা-ফাই ১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত অসম ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চে ৰাই দ'য়ত স্থায়ীকৈ ৰাজধানী পাতে। চ্যু-কা-ফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে। সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চ্যু-কা-ফাৰ অৱদান সৰ্বস্ব। এনে কাৰণতে তেওঁৰ নামৰ আগত চাও-লুং (চাও: ঈশ্বৰ, লুং: মহান) ব্যৱহাৰ হ'বলৈ ধৰে।

জীৱনবৃত্ত[সম্পাদনা কৰক]

মং মাওত থকাৰ সময়[সম্পাদনা কৰক]

খ্ৰীষ্টীয় অষ্টম শতিকাৰ আৰম্ভণিতে টাই যুৱৰাজ পি-লকুৱে ছখন ক্ষুদ্ৰ ৰাজ্য জয় কৰি একত্ৰিত কৰে। ফলত টাই ৰাজ্য মূঙ নান-চাও (南詔) বৃহৎ সাম্ৰাজ্যত পৰিণত হয়। এই সাম্ৰাজ্যৰ পৰিধি ভাৰতৰ মগধ পৰ্যন্ত বিস্তৃত আছিল। লগতে ব্ৰহ্মদেশৰ উত্তৰ ভাগ আৰু কামৰূপৰ কিছু অংশত এই সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল। এই সাম্ৰাজ্য কালক্ৰমত ভাগি পুনগঠিত হৈ মুঙ-ৰি-মুং-ৰামৰাজ্যত পৰিণত হয়। চীনদেশৰ য়ুন্নান প্ৰদেশৰ দক্ষিণ-পশ্চিমৰ কিছু অংশ, ওপৰৰ ব্ৰহ্মদেশ আৰু থাইলেণ্ডৰ কিছু অংশ সামৰি এই ৰাজ্য গঠিত হৈছিল। পূৰ্বতে এই ঠাই জনশূন্য আছিল। এই জনশূন্য ঠাইলৈ প্ৰব্ৰজন কৰি অহা টাই মংগোলীয়সকলৰ নায়ক আছিল খুনলুং আৰু খুনলাই নামৰ দুজন ভাই-ককাই। খুনলুঙে ভায়েকক মুঙ-খু-মঙ্-য়াও নামৰ পৃথক ৰাজ্য এখন প্ৰতিষ্ঠা কৰি দি নিজে মুঙ-ৰি-মুং-ৰামৰ ৰজা হয়।

খুনলাই প্ৰতিষ্ঠা কৰা মুঙ-ৰি-মুং-ৰাম ৰাজ্যৰে চাও চাং-মুনৰ পুত্ৰ চাও-চাং-ন্যেউৱে দক্ষিণ দিশৰ ৰাজ্য মাও-লুং জয় কৰিবলৈ যুদ্ধ যাত্ৰা কৰে। কিন্তু যুদ্ধৰ বাবে প্ৰস্তুত নথকাত মাও-লুঙৰ ৰজা খুন-পাং-খামে নিজ ভনীয়েক নাং-ম'ঙ ব্ল'ক-খাম-ছেনক চাও-চাং-ন্যেউলৈ বিয়া দি সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। পিছত চাও-চাং-ন্যেউক মাও-লুঙৰ কৰতলীয়া ৰজা পাতি চাও-ফা (ৰজা) উপাধি দিয়ে। নাং-ম'ঙ ব্লক-খাম-ছেনক গৰ্ভত চাও-চাং-ন্যেউৰ তিনি সন্তানৰ জন্ম হয়। চ্যু-জৎ-ফা, চ্যু-খাম-ফা আৰু কনিষ্ঠ চ্যু-কা-ফা। চ্যু-কা-ফাৰ জন্মৰ আগতে মাক আহি পিতৃগৃহত আছিল বাবে প'-থাওয়েকৰ ঘৰতে চ্যু-কা-ফাৰ জন্ম হৈছিল। চ্যু-কা-ফাই ১৯ বছৰ কাল নিছায়েক খুন-পাং-খামৰ ঘৰত আছিল আৰু জন্মৰ পৰা চফল ডেকা বয়সলৈকে পিতৃৰ ৰাজ্যলৈ যোৱা নাছিল। ১২২০ চনত খুন-পাং-খামৰ মৃত্যু হোৱাত তেওঁৰ দুই পুত্ৰই পেহাক চাও-চাং-ন্যেউৰ ৰাজ্য অধিকাৰ কৰে। এই যুদ্ধত চ্যু-কা-ফাৰ ডাঙৰ ককায়েক ছুজৎ ফাক বধ কৰা হয়। পিছত মাও-লুংৰ ৰজাই চ্যু-কা-ফাক ম'ঙ-মিৎ-কুপ-ক্লি-নয়ৰ ৰজা নিয়োগ কৰে। এনেদৰে তলতীয়া ৰজা হিচাপে ১৮ বছৰ কাল থকাৰ পিছত এখন স্বাধীন ৰাজ্যৰ কথা ভাবি চ্যু-কা-ফাই গোপনে জা-যোগাৰ আৰম্ভ কৰে। এই সময়তে জুন-লুং নামৰ আন এখন ৰাজ্য জয় কৰিবৰ বাবে মাও-লুঙৰ ৰজা ছু-খান-ফাই চ্যু-কা-ফাক সহায় কৰিবলৈ আমন্ত্ৰণ জনালে। কিন্তু চ্যু-কা-ফাই সহায় নকৰাত তেওঁক বন্দী কৰিবলৈ আগবাঢ়ি আহিল। কিন্তু চ্যু-কা-ফাই নিজৰ মাতুল পক্ষীয় ভাইৰ লগত যুদ্ধ নকৰি ৰাজ্য ম'ঙ-মিৎ-কুপ-ক্লি-নয় পৰিত্যাগ কৰে আৰু নতুন ঠাইৰ সন্ধানত যাত্ৰা কৰে।[3]

অসমলৈ আগমন[সম্পাদনা কৰক]

চ্যু-কা-ফাই নতুন ৰাজ্যৰ সন্ধানত যাত্ৰা কৰাৰ সময়ত প্ৰথম অৱস্থাত সৰু ককায়েক ছু-খাম-ফাৰ নৰা ৰাজ্যত কিছুদিন আশ্ৰয় লয়। স্বৰাজ্য এৰি অহাৰ সময়ত চ্যু-কা-ফাই লগত ইষ্টদেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী- আই মে চাও লো, নাংচেন-চুম-ফা আৰু য়িলো-কে-চি-চুম-ফা, দুজন পাত্ৰ মন্ত্ৰী, পাঁচজন কোঁৱৰ,, চাৰিজন ৰাজপুৰোহিত, দুজন বাইলুং আহিছিল। লগতে ১০৮০ সৈনিক, ৩০০ ঘোঁৰা, খাম, পেং নামৰ এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী। ককায়েক ছু-খাম-ফাই চ্যু-কা-ফাক নৰা ৰাজ্যৰ দক্ষিণ-পশ্চিম দিশে থকা দেশখন জয় কৰিবলৈ পৰামৰ্শ দিয়ে। চ্যু-কা-ফাই মাকৰ লগত নিছায়েকৰ ৰাজ্যত থাকোঁতেই নিছায়েকৰ পুত্ৰ কোঁৱৰ চাম-লুং-ফাই সৌমৰপীঠলৈ যুদ্ধাভিযান চলাই ১২১৫ খ্ৰীষ্টাব্দত মণিপুৰ আৰু কাছাৰৰ কিছু অংশ অধিকাৰ কৰিছিল। এই অভিযানৰ বিষয়ে চ্যু-কা-ফাই সকলোখিনি জানিছিল। সেয়ে তেওঁ সৌমাৰ বা মুহ-দুন-চুন-খাম জয় কৰাটোকে নিশ্চিত কৰে। সেয়ে চ্যু-কা-ফাই নৰা ৰাজ্যৰ পৰা হংকং উপত্যাকাৰে পাটকাই পৰ্বত পাৰ হৈ আহে।

১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চ্যু-কা-ফাই সৌমাৰপীঠৰ টি-পাম (টি-ঠাই, পাম-চাপৰি)ত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰে। আহোম সকলৰ প্ৰথম ৰাজধানী খামজাং নামৰ ঠাইত পাতিছিল। আহোম গণনা অনুসৰি লাকনি তে কাও চন্দ্ৰবৰ্ষত (Lunaryear) উক্ত ঠাইত ৰাজধানী পাতিছিল। দ্বিতীয় ৰাজধানী নামৰূপত পাতিছিল আৰু দাপ ৰাও চন্দ্ৰবৰ্ষত (Lunaryear) নামৰূপ এৰিছিল। মৌঙ ক্লাঙ খ্ৰূ (অসমীয়াত অভয়পুৰত) প্ৰায় পাঁচবছৰ ৰাজধানী পাতি আছিল। তাত খুঁত চি ঙা , ৰাংমুত , তাওছা , কা ৰাও , কাপ মিত মুঠ পাঁচটা চন্দ্ৰবৰ্ষ (Lunaryear) ৰাজধানী হিচাপে থাকে। পঞ্চমখন ৰাজধানী আছিল হা-বুঙ , তাতে দাপ কাও, ৰাই-ছেও , মুঙ প্লাও আদি চন্দ্ৰবৰ্ষ (Lunaryear) ৰাজধানী হৈ থাকে। হাবুঙত বানপানীয়ে আমনি দিয়াত দিহিং নৈৰে ভটিয়াই গৈ দিখৌমুখ পায় আৰু ইয়াৰ পৰা দিখৌ নৈৰে উজাই দৰিকা আৰু নামদাং নৈ অতিক্ৰম কৰি চন্তকত উপস্থিত হয়। চন্তকত দুবছৰ থাকি পুনৰ দিখৌৰে ভটিয়াই শিমলুগুৰি পালেগৈ। ইয়াত কিছু দিন থাকি চ্যু-কা-ফাই কাষৰীয়া অঞ্চলবোৰ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ লগত সহৃদয়তা স্থাপন কৰি নিজৰ ৰাজ্যৰ সীমা বহলাই নিয়ে। পিছত শিমলুগুৰিৰ পৰা অলপ দূৰত থকা পাহাৰীয়া ওখ ঠাইত ৰাজধানী পাতি থিতাপি লয়। এই ওখ ৰাজধানীখনৰ নাম দিয়ে চে-ৰাই-দয় (চে- নগৰ, ৰাই- জিলিকি থকা, দয়- পৰ্বত) অৰ্থাত পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ। পিছলৈ মুখ বাগৰি চে-ৰাই-দয় চৰাইদেউত পৰিণত হয়। অতি বীৰত্ব আৰু বিচক্ষণতাৰে চ্যু-কা-ফাই ৩৯ বছৰ ৪ মাহ ১৪ দিন ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্যৰ পাতনি মেলে।[3]

তি-পাম[4][সম্পাদনা কৰক]

দৈ-কাও-ৰাং বা পাটকাই পৰ্বত পাৰ হৈ আহি সৌমাৰপীঠত ছৗ-কা-ফাই আহোম ৰাজত্বৰ প্ৰথম ৰাজকাৰ্য আৰম্ভ কৰিছিল। প্ৰথমে ছৗ-কা-ফাই তি-পামত তিনিবছৰ কটালে। তেখেতে তি-পামত খেতি কৰি ভঁৰাল বান্ধিলে।

উল্লেখযোগ্য যে সেই সময়ত এই মুলুকৰ মানুহে কেৱল আহু খেতি হে কৰিব জানিছিল। ছৗ-কা-ফাই উন্নত কৃষি পদ্ধতিৰে বিপ্লৱ সূচনা কৰিলে। এই ঠাইৰ বাসিন্দা সকলে কঠীয়া নপৰাকৈ বাম মাটিত আহু কৰিছিল। ছৗ-কা-ফাই সাপ- বেঙৰ ৰাজ্য হৈ পৰি থকা পিটনি গেৰেকণি চাফা কৰি দ মাটিত শালি খেতি কৰিলে। দ পিটনি গুচাই কৰা শালি খেতি নদন বদন হৈছিল। তাকে দেখি বাকী মানুহবোৰে তবধ মানিলে। ছৗ-কা-ফাই সূচনা কৰা এই কৃষি পদ্ধতিয়ে অৰ্থনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিলে। তাই সকলৰ এই 'কৃষি অৰ্থনীতি'য়ে এখন ৰাজ্য প্ৰতিষ্ঠা কৰাত তাইসকলক ব্যাপকভাবে সহায় কৰিলে। কাৰণ তাইসকলৰ এই চমৎকাৰ কাৰ্যই সেই সময়ৰ খিলঞ্জীয়া মানুহখিনিক বাৰুকৈয়ে আকৃষ্ট কৰিলে আৰু কালক্ৰমত তেওঁলোকে তাই মানুহৰ 'তলত' কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। এইবোৰৰ লগতে ছৗ-কা-ফাৰ 'সাম্য আৰু মৈত্ৰী নীতি'য়েও বহু পৰিমাণে প্ৰভুত্ব স্বীকাৰ কৰি লোৱাত বিশেষভাৱে অৰিহণা যোগালে। বৰাহীসকলৰ বহুতেই এনেদৰে কোৱা-মেলা কৰিলে যে " এই ৰজা প্ৰজাখন আহি আমাক ছলেৰে ৰণুৱা কৰি লোৱা স্বতেও আমাৰ বেয়া লগা নাই বৰং এইদৰে খাটি-লুটি অহা যোৱাকৈ থাকিবৰহে মন যায়। "

ছৗ-কা-ফাৰ  আগৰ অভিযানকাৰী ছাম-লুং-ফাই এই মুলুকত জয় কৰি যোৱা অঞ্চলসমূহৰ প্ৰজাসকলৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল। নগা, মৰাণ, বৰাহী,  চুতীয়া আদি প্ৰজাসকলৰ পৰা কৰ আদায় কৰিবলৈ ছাম-লুং-ফাই ইয়াত তিনিজন কৰতোলা বিষয়া পাতি থৈ গৈছিল। তেওঁলোকে নিয়মিয়াকৈ মাওছান ৰাজ্যলৈ কৰ পঠিয়াই আছিল। কিন্তু ছৗ-কা-ফা অহাত বিষয়া সকলে ছৗ-কা-ফাকে কৰ শোধাবলৈ ল'লে। ছৗ-কা-ফাই তেতিয়া তেওঁলোকক যথাযোগ্য উপাধি প্ৰদান কৰিলে। পুৰণি বিষয়াই ছৗ-কা-ফাই সহায় কৰিলত তেখেতে বিষয়া কৰ্মচাৰী নিয়োগ কৰি অসমত আহোম ৰাজত্বৰ সূচনা কৰিলে।

অভয়াপুৰ-হাবুং[4][সম্পাদনা কৰক]

তিপামত তিনি বছৰ কাল থকাৰ পাছত দিহিং নৈৰ বানপানীয়ে আমনি কৰাত ছৗ-কা-ফা অভয়াপুৰলৈ ভটিয়াই গ'ল। অভয়াপুৰত তিনি বছৰ  থাকি সুচল নাপাই শালগুৰিলৈ ভটিয়ালে। ইয়াৰ পিছতে ভটিয়ালে হাবুঙলৈ। তেতিয়া দিহিং আৰু লুইতৰ মাজৰ অঞ্চলটোৱেই আছিল হাবুং। বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ ঠাইখিনিয়েই হাবুং। বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ ঠাইখিনিয়েই হাবুং। হাবুঙত চাৰি পাচঁ বছৰ থাকি লুইতৰ বানপানীৰ অত্যাচাৰত ছৗ-কা-ফা দিখৌ নদী পালেহি। তেখেতে দিখৌ নাম দিলে খে-নাম-চাউ অৰ্থাৎ নিৰ্মল পানীৰ নৈ। সেই সময়ত দিখৌ লুইতত পৰাৰ সলনি দিহিঙতহে পৰিছিল। দিখৌৰ পাৰতো সুচল নেদেখি ছৗ-কা-ফাই দিখৌৱেদি উজাই দিলিহ নৈৰ মুখ পালেহি

দিলিহৰ ঘোদা পানী দেখি নাম থ'লে নাম-খুন অৰ্থাৎ ঘোলা পানীৰ নৈ। দিলিহৰ পৰাও উজাই গৈ নাম-দাং অৰ্থাৎ ৰঙচুৱা পানীৰ নৈৰ মুখ পালেগৈ। নাম-দাঙত ছৗ-কা-ফা নৰ'ল। কাৰণ এই ঠাইৰ আশে-পাশে অনেক জনবসতি। অচিন ঠাইত বিপদৰ সম্ভাৱনাও বেছি। তেখেতৰ নাম-দাঙেদি নগৈ পুনৰ দিখৌৱেদি উজাই গৈ ছং-টক (বৰ্তমান চণ্টক) পালেগৈ। ইয়াত ছৗ-কা-ফা চাৰি বছৰ থাকি এখন প্ৰদেশ পাতি তা-খুন লাকক শাসনকৰ্তা নিয়োগ কৰিলে। তাৰ পিছত সদলবলে শিমলুগুৰিৰ ফালে ভটিয়াই ফালে ভটিয়াই গৈ তাতে ৰৈ অঞ্চলটো কিছুদিন ধৰি পৰ্যবেক্ষণ কৰিলে।

শিমলুগুৰত থাকোঁতে ছৗ-কা-ফাই মৰাণ আৰু বৰাহী জাতিৰ মানুহক লগ পাইছিল।

চৰাইদেউ বা চে-ৰাই-দৈ[4][সম্পাদনা কৰক]

এওঁলোকৰ পৰা কোনোধৰণৰ আসৈ নাপাই শিমলুগুৰিৰ ভিতৰুৱা অঞ্চলবোৰলৈ সোমাই গৈ পৰ্যবেক্ষন কৰিলে। তাতে এটা পাহাৰ দেখি আগুৱাই গৈ পাহাৰটোত ১২৫৩ খ্ৰীষ্টাব্দত নুনি গছৰ তলত দুটা ঘোঁৰা বলি দি দেওধাই পণ্ডিতৰ হতুৱাই পূজা কৰোৱাই স্থায়ী ৰাজধানী পাতিলে। এই ৰাজধানীয়েই চৰাইদেউ অৰ্থাৎ পৰ্বতত জিলিকি থকা নগৰ। এই চৰাইদেউ বা চে-ৰাই-দৈ হৈছে আহোমৰ প্ৰথম ৰাজধানী। অসম আৰু অসমীয়া জাতিৰ প্ৰথমজন অসমীয়াই স্থাপন কৰা ইতিহাসৰ জীয়া সাক্ষী।

চ্যু-কা-ফাৰ অৱদান[সম্পাদনা কৰক]

স্বৰ্গদেউ চ্যু-কা-ফাই টাই মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘ্টাত উৎসাহ যোগাইছিল। এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল। চ্যু-কা-ফাৰ আন এক বৃহৎ অৱদান হ'ল বুৰঞ্জী ৰচনা। স্বৰ্গদেউ চ্যু-কা-ফাই তেওঁৰ যাত্ৰা-পথত হোৱা সকলো ঘ্টনা আৰু দেউধাই-মহন-বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব পাৰি।[3] তেওঁ সমসাময়িক অসমত বসবাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি-জনগোষ্ঠীকে একত্ৰিত কৰি পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল। লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্যশাসনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি দিছিল। যাৰ ফলত অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, লালুং, কোচ সকলোৱে এই উপাধি লাভ কৰিছিল। সাতৰাজ মাৰি একৰাজ কৰা চাও-লুং চ্যু-কা-ফাই হ'ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক।

মৃত্যু[সম্পাদনা কৰক]

১২৬৮ চনত চ্যু-কা-ফাৰ মৃত্যু হয়।

স্মৃতি ৰক্ষা[সম্পাদনা কৰক]

চ্যু-কা-ফা দিৱস[সম্পাদনা কৰক]

বৰ-অসম গঢ়াৰ ক্ষেত্ৰত চ্যু-কা-ফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা 'অসম দিৱস' বা 'চ্যু-কা-ফা দিৱস' হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাও-লুং চ্যুকাফাপাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি হয়।[5]

নামকৰণ[সম্পাদনা কৰক]

অসমৰ বিভিন্ন অনুষ্ঠান তেখেতৰ স্মৃতিত নামকৰণ কৰা হৈছে উদাহৰণ :-

বিশ্ববিদ্যালয়ত :-
  1. চ্যু-কা-ফা আসন, বুৰঞ্জী বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয় [6]
চিকিৎসালয়ত :-
  1. চ্যু-কা-ফা মালটিস্পেচিয়েলিতি চিকিৎসালয়, শিৱসাগৰ
সংগ্ৰহাল়য়ত :-
  1. স্বৰ্গদেউ চাওলুং চ্যু-কা-ফা সমন্বয় ক্ষেত্ৰ, যোৰহাট (Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra) [7]
ক্ৰীড়া ক্ষেত্ৰত :-
  1. চাওলুং চ্যু-কা-ফা ইনদ'ৰ ষ্টেডিয়াম, ফুকন নগৰ, শিৱসাগৰ, অসম 785640
  2. চ্যু-কা-ফা কাপ, শদিয়া
বটা :-
  1. চ্যু-কা-ফা বঁটা (২০০৯ ত ৰংবং তেৰাঙে লাভ কৰিছিল) [8]
চৰকাৰী ব্যৱহাৰ :-
  1. চ্যু-কা-ফা দিৱস (অসম দিৱসৰ চৰকাৰী নাম)
  2. চাওলুং চ্যু-কা-ফাৰ মূৰ্তি স্থাপন কাৰ্য্যসূচী, জনতা ভবন
  3. ৰাইজৰ বাতৰি - চৰকাৰী আলোচনী (গৃহ নং ১, দ্বিতীয় মহলা, দ্বাৰকা পথ, মহাপুৰুষ হৰিদেৱ পথ, হাতীগাঁও, গুৱাহাটী : ৭৮১০৩৮)
পথ নামকৰণ :-
  1. চ্যু-কা-ফা পথ, জয়পুৰ, অসম 785640

চিত্ৰ-বীথিকা[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Chaolung Sukaphaa". Assam info.com. http://www.assaminfo.com/famous-people/50/chaolung-sukapha.htm। আহৰণ কৰা হৈছে: 2012-11-25. 
  2. He, Ping (2004). 德宏傣族的西迁与印度阿洪姆人的形成 [The Westward Immigration of Dai People from Dehong and the Coming-into-Being of the Ahoms in Northeastern India]. Social Sciences in Yunnan (in Simplified Chinese) (2): 76–81. doi:10.3969/j.issn.1000-8691.2004.02.019
  3. 3.0 3.1 3.2 গণ অধিকাৰ, প্ৰবন্ধ- অসমীয়া জাতিৰ জনক চ্যু-কা-ফাৰ প্ৰাসংগিকতা, অমল নাৰায়ণ পাটোৱাৰী, ১২ অক্টোবৰ ২০১১
  4. 4.0 4.1 4.2 ছৗ কা ফাৰ অসম আগমন আৰু আহোম ৰাজত্বৰ আৰম্ভণি ...চাও নবীন বুঢ়াগোঁহাই
  5. অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১
  6. Siukapha Chair at Dibrugarh University - The Assam Tribune DIBRUGARH, Jan 6
  7. SWARGADEO CHAOULUNG SIU-KA-PHA SAMANWAY KSHETRA
  8. Siu-Ka-Pha Award presented to noted writer Yeshe Dorjee Thongchi

বাহ্যিক সংযোগ[সম্পাদনা কৰক]