১০ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আগষ্ট ১০ৰ পৰা পুনঃনিৰ্দেশিত)

১০ আগষ্ট দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২২ তম (অধিবৰ্ষত ২২৩ তম) দিন। বছৰটো শেষ হ’বলৈ এইপৰা মুঠ ১৪৩ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৮৯৪ চনৰ এই দিনটোতে ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি ভাৰত-ৰত্ন ‘‘বৰাহগিৰি বেংকটগিৰি’’ৰ জন্ম হৈছিল ৷
  2. ১৯৬৩ চনৰ এই দিনটোতে ভাৰতীয় লোকসভাৰ সাংসদ ; একালৰ দস্যু ৰাণী ফুলন দেৱীৰ জন্ম হৈছিল ৷
  3. ১৮৬০ চনৰ এই দিনটোতে ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোঁতা বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ জন্ম হয় ।
  4. ১৮৭০ চনৰ এই দিনটোত ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম হয় । তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰিছিল ১৯০৮ চনত।

মৃত্যু[সম্পাদনা কৰক]

  1. ২০১০ চনৰ এই দিনটোতে অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, নতুন অসমীয়া দৈনিক কাকতৰ উপ সম্পাদক অতুল বৰদলৈৰ মৃত্যু হৈছিল ৷

অনান্য[সম্পাদনা কৰক]

  1. ১৯৭৯ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপন কৰা হয় । পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ ২২ মিটাৰ আৰু ওজন ১৭ টন । উল্লেখ্য যে উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতে ই ধ্বংসপ্ৰাপ্ত হয় ।
  2. ‘‘আছফ হল’’ৰ দ্বাৰা মংগল গ্ৰহৰ উপগ্ৰহ ‘‘ডেইমছ’’ আৱিষ্কৃত হৈছিল ১৯৭৭ চনৰ এই দিনটোতে ৷
  3. ‘ৰুডলফ ডিজেল’’ৰ দ্বাৰা প্ৰথমটো ডিজেল চালিত ইঞ্জিন প্ৰদৰ্শিত হৈছিল ১৮৯৩ চনৰ এই দিনটোতে ৷
  4. আজি ইকুৱাডৰ স্বাধীনতা দিৱস ৷

বাহ্যিক সংযোগ[সম্পাদনা কৰক]