২০ নৱেম্বৰ (ইংৰাজী : 20 November ) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰ ৰ ৩২৪ তম (অধিবৰ্ষ ত ৩২৫ তম) দিন ৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪১ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৭৫০ চনৰ আজিৰ দিনটোতে মহীশূৰৰ চুলতান টিপু চুলতান ৰ জন্ম হৈছিল।
ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলা ই মহাকাশলৈ যাত্ৰা কৰে ১৯৯৭ চনৰ আজিৰ দিনটোতে । মহাকাশলৈ যোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা ।
ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ১৯৮০ চনৰ আজিৰ দিনটোতে।
প্ৰখ্যাত ৰুছ কথা সাহিত্যিক লিঅ’ টলষ্টয় ৰ মৃত্যু হয় ১৯১০ চনৰ আজিৰ দিনটোতে।
১৯২৩ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ লেখিকা নাদিন গাৰ্ডিমাৰ ৰ জন্ম হয়।
ভয়েজাৰ-১ ৷ বহিঃসৌৰজগত অধ্যয়ন কৰিবলৈ ১৯৭৭ চনত নাছাই উৎক্ষেপণ কৰা এই যানখনে ১৯৭৯ চনত বৃহস্পতি গ্ৰহ-প্ৰণালী আৰু ১৯৮০ চনত শনি গ্ৰহ-প্ৰণালীৰ অনুসন্ধান কৰাৰ পিছত ১৯৮০ চনৰ আজিৰ দিনটোতে ইয়াৰ অভিযান সমাপ্ত হয় ৷