৪ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(০৪ আগষ্টৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৪ আগষ্ট (ইংৰাজী: 4 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৬তম (অধিবৰ্ষত ২১৭তম) দিন। বছৰ শেষ হ'বলৈ ১৪৯ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৭৯২ চনৰ এই দিনটোতে ইংৰাজ ৰোমাণ্টিক কবি শ্বেলীৰ জন্ম হয়। তেওঁৰ সম্পূ্ৰ্ণ নাম আছিল পাৰ্চী বিছি শ্বেলী
  2. ১৮৫৯ চনৰ এই দিনটোত নৰৱেৰ ঔপন্যাসিক ন্যুট পেডাৰছন হামছুনৰ জন্ম হয়। ১৯২০ চনত হামছুনে লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা। তেওঁৰ বিখ্যাত উপন্যাস হ’ল ‘হাংগাৰ’।
  3. ১৯২৯ চনৰ এই দিনটোত বিখ্যাত ভাৰতীয় গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, পৰিচালক আৰু চিত্ৰ নাট্যকাৰ কিশোৰ কুমাৰৰ জন্ম হয়।
  4. ১৯৭৫ চনৰ এই দিনটোতে অসমৰ এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালিকা তৰালী শৰ্মাৰ জন্ম হয়।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৮৭৫ চনৰ এইদিনটোত ডেনমাৰ্কৰ কবি আৰু আৰু ৰূপকথাকাৰ হানছ এণ্ডাৰছনৰ মৃত্যু হয়। তেওঁৰ সম্পূৰ্ণ নাম হানছ ক্ৰিষ্টিয়ান এণ্ডাৰছন।

অনান্য[সম্পাদনা কৰক]

  1. ১৯১৪ চনৰ এই দিনটোতে জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ যুদ্ধ ঘোষণা কৰে। আৰম্ভ হয় প্ৰথম মহাসমৰৰ।
  2. ১৯৩৯ চনৰ এই দিনটোত ডিব্ৰুগড়ৰপৰা ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন সাপ্তাহিক ৰূপে প্ৰকাশিত হয়। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন
  3. ১৯৬৫ চনৰ এই দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত ‘‘দৈনিক বাতৰি কাকত’’ প্ৰকাশিত হয়। এই কাকত সম্পাদনা কৰিছিল কীৰ্তিনাথ হাজৰিকাই।
  4. এই দিনটোতে ট্ৰম্বেত ভাৰতৰ প্ৰথমটো নিউক্লীয় ৰিয়েক্টৰ ‘‘অপ্সৰা’’ কাৰ্যক্ষম কৰা হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]