৭ আগষ্ট
অৱয়ব
(০৭ আগষ্টৰ পৰা পুনঃনিৰ্দেশিত)
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৪ |
৭ আগষ্ট (ইংৰাজী: 7 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৯তম (অধিবৰ্ষত ২২০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৬টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
উল্লেখযোগ্য ঘটনাৱলী
[সম্পাদনা কৰক]- ১৪৬১ - মিং ৰাজবংশৰ আৰু চীনা সৈন্য়বাহিনীৰ সেনাপতি চাও কীনে চিয়ানচান সাম্ৰাজ্য়ৰ বিৰুদ্ধে থিয় দিয়ে।
- ১৮৬৯ - আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল।
- ১৯০৫ - বংগ বিভাজন ঘটিছিল।
- ১৯০৫ - ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে ব্ৰিটিছ বস্তু বহিষ্কাৰৰ আহ্বান জনায়।
- ১৯৫৯ - লুণা-৩ৰ দ্বাৰা চন্দ্ৰৰ অদৃশ্য ফালটোৰ ফটো লোৱা হৈছিল।
- ১৯৬০ - পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী কষ্টে স্বাধীনতা লাভ কৰে।
- ১৯৯৬ - নাছাই মংগল গ্ৰহত জীৱ থকা আৰু বসবাস কৰিব পৰা সম্ভাৱনা ব্যক্ত কৰে।
- ২০০৭ - শ্যাম বেনেগাললৈ ২০০৫ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
- ২০২১ - নীৰজ চোপ্ৰাই '২০২০-গ্ৰীষ্মকালীন অলিম্পক'ত এথলেটিকছৰ পুৰুষৰ জেভলীন দলিওৱাত সোণৰ পদক পাই প্ৰথম ভাৰতীয় হিচাপে ইতিহাস সৃষ্টি কৰে। তেওঁ ২০২০ টকিঅ' অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলীন দলিয়াই সোণৰ পদক লাভ কৰিছিল।
জন্ম
[সম্পাদনা কৰক]- ১৮৭৬ - মাতা হাৰি (ইংঃ Mata Hari), প্ৰকৃত নাম মাৰ্গাৰেটা গিৰট্ৰুইডা (গ্ৰিইৎজ) মেকলিঅ'ড জেলে এজনী নেডাৰলেণ্ডৰ নৰ্তকী আৰু গুপ্তচৰ। প্ৰথম বিশ্ব যুদ্ধত জাৰ্মানীৰ হৈ গুপ্তচৰ কৰা অভিযোগত ফ্ৰান্সে মৃত্যুদণ্ড প্ৰদান কৰিছিল।
- ১৮৯৯ - ডিম্বেশ্বৰ নেওগ, প্ৰথিতযশা অসমীয়া সাহিত্যিক।
- ১৯২৫ - এম এছ স্বামীনাথন, ভাৰতীয় কৃষি বিজ্ঞানী আৰু ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃপুৰুষ।
- ১৯৬৬ - জিম্মী ৱেলছ, আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী।
মৃত্যু
[সম্পাদনা কৰক]- ১১০৬ - চতুৰ্থ হেনৰী, জাৰ্মানীৰ সম্ৰাট।
- ১৮৪৮ - জনজ জেকব বাৰ্জেলিয়াছ, ছুইডেনৰ ৰসায়ন বিজ্ঞানী।
- ১৯৪১ - কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, সাহিত্যত ন'বেল বঁটা বিজয়ী ভাৰতীয় সাহিত্যিক।
- ১৯৫৭ - অলিভাৰ হাৰ্ডি, আমেৰিকান কৌতুক অভিনেতা, 'ল'ৰেল এণ্ড হাৰ্ডি' কথাছবিৰ বাবে জনাজাত।
- ২০১৮ - এম কৰুণানিধি, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
দিৱস
[সম্পাদনা কৰক]- গণতন্ত্ৰ দিৱস (আইভৰী ক’ষ্ট)
- বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ সপ্তম তথা অন্তিম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৭ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|