২৪ জুন (ইংৰাজী : 24 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৭৫তম (অধিবৰ্ষ ত ১৭৬তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯০টা দিন বাকী থাকে।
১২০৬ - কটুবুদ্দিন দিল্লীৰ চুলতান হয়। দিল্লীত চুলতানী শাসনৰ সূচনা হয়। উল্লেখ্য যে জীৱনৰ প্ৰথমচোৱা কুটুবুদ্দিন আছিল মহম্মদ ঘোৰী ৰ ক্ৰীতদাস।
১৯৬৩ - ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ হয়।
১৯৭৬ - ভিয়েটনাম যুদ্ধৰ অৱসান হয়। উত্তৰ আৰু দক্ষিণ ভিয়েটনাম লগ হৈ গঠন ছ’চিয়েলিষ্ট ৰিপাব্লিক অৱ ভিয়েটনাম বা ভিয়েটনাম ৰাষ্ট্ৰ।
১৯৮৪ - কানাড়া সাহিত্যিক মাস্তি ভেংকটেশ আয়েংগাৰ লৈ ১৯৮৩ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
২০১১ - ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ৰ কাৰ্যালয়ত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় আৰু বহুতো নথি পত্ৰ জুইত জাহ যায়।
২০১১ - দেশৰ নতুন গৃহ সচিব ৰূপে আৰ কে সিঙে দায়িত্ব লয়।
২০১২ - উজনি অসমত বানৰ তাণ্ডৱত ১০জন লোকৰ মৃত্যু হৈছিল।
২০১২ - শিৱসাগৰ জিলা ত এনকেফেলাইটিছ ৰোগ ৰ ভয়াবহ আক্ৰমণৰ ফলত ৫ জনৰ মৃত্যু আৰু বহু লোক আক্ৰান্ত হয়।
২০১২ - এনকেফেলাইটিছ ৰোগত অসমৰ লগতে বিহাৰ আৰু উত্তৰপ্ৰদেশ তো ২০০ তকৈও অধিকলোকৰ মৃত্যু হয়।
২০২৪ - ৰিয়ান পৰাগ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া পুৰুষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। [ 1]
১৮৬৯ - দামোদৰ হৰি ছাপেৰকাৰ , ভাৰতীয় সশস্ত্ৰ বিপ্লৱী।
১৮৮৫ - তাৰা সিং , ভাৰতীয় শিখ ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা।
১৮৯৩ - ৰয় ডিজনী , আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী।
১৮৯৭ - ওঙ্কাৰনাথ ঠাকুৰ , ভাৰতীয় সংগীত শিল্পী।
১৯৩৭ - অনিতা দেশাই বা অনিতা মজুমদাৰ, ভাৰতীয় ঔপন্যাসিকা আৰু মাচাচুচেট্ছ ইন্ষ্টিটিউট অৱ টেক্ন'ল'জীৰ হিউমেনিটী বিষয়ৰ এমাৰিটাজন ই বুৰ্চাৰ্ড অধ্যাপিকা, ১৯৭৮ চনত Fire on the Mountain উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, The Village by the Sea উপন্যাসৰ বাবে ব্ৰিটিছ গাৰ্ডিয়ান বঁটা লাভ কৰিছিল।
১৯৬৬ - বিজয়াশান্তি , ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ।
১৯৮৭- লিঅ'নেল মেছি , আৰ্জেণ্টিনা ৰ ফুটবল খেলুৱৈ।