১৭ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আগষ্ট ১৭ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

১৭ আগষ্ট (ইংৰাজী17 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৯তম (অধিবৰ্ষত ২৩০তম) দিন। বছৰ শেষ হ'বলৈ ১৩৬ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৭৬১ চনৰ আজিৰ দিনটোতে ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ জন্ম হয়।
  2. ১৯৩২ চনৰ আজিৰ দিনটোতে নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক ভি. এচ্. নাইপলৰ জন্ম হয়।
  3. ১৯৪২ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ খগেন মহন্তৰ জন্ম হৈছিল।
  4. ১৯৬০ চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা (‘‘মাকাম’’ৰ স্ৰষ্টা) ড° ৰীতা চৌধুৰীৰ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৬৯ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী অটষ্টাৰ্নৰ মৃত্যু হৈছিল ।
  2. ১৯৮৮ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ৰাষ্ট্ৰপতি জিয়াউল হকৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়।

অনান্য[সম্পাদনা কৰক]

  1. ১৯৪৭ চনৰ আজিৰ দিনটোতে জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
  2. ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়াৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে।
  3. তুৰস্কত হোৱা এক প্ৰচণ্ড ভূমিকম্পৰ ফলত চৰকাৰী তথ্যমতে ১২,০০০ লোক নিহত, ছয় লাখ লোক গৃহহীন হয়। সেই দিনটো আছিল ১৯৯৯ চনৰ ১৭ আগষ্ট।

দিৱস[সম্পাদনা কৰক]

  1. আজি ইন্দোনেছিয়াৰ স্বাধীনতা দিৱস।
  2. আজি গেবন]]ৰ স্বাধীনতা দিৱস, ১৯৬০ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে।


বাহ্যিক সংযোগ[সম্পাদনা কৰক]