২২ আগষ্ট
অৱয়ব
(আগষ্ট ২২ৰ পৰা পুনঃনিৰ্দেশিত)
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৪ |
২২ আগষ্ট (ইংৰাজী: 22 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৪তম (অধিবৰ্ষত ২৩৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৬৩৯ - ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তামিলনাডুৰ ৰাজধানী মাদ্ৰাছ (চেন্নাই) স্থাপন কৰে।
- ১৮১৯ - আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰাৰ উদ্দেশ্যে প্ৰথম বাষ্পচালিত জাহাজ ‘‘ছাভানা’’ই যাত্ৰা আৰম্ভ কৰিছিল।
- ১৮৫৯ - অষ্ট্ৰিয়াই ইটালিৰ ভেনিচ চহৰত বিশ্বৰ প্ৰথম চালক বিহীন বেলুন (বিমান) আক্ৰমণ চলাই।
জন্ম
[সম্পাদনা কৰক]- ১৮৭৭ - আনন্দ কুমাৰস্বামী, ভাৰতীয় দাৰ্শনিক।
- ১৯০৪ - ডেং জিয়াওপিং, চীনৰ ৰাজনেতা, আধুনিক চীনৰ নিৰ্মাতা।
- ১৯১৯ - গিৰিজা কুমাৰ মাথুৰ, ভাৰতৰ এগৰাকী কবি আৰু নাট্যকাৰ।
- ১৯২২ - কীৰ্তিনাথ হাজৰিকা, গোলাঘাটত জন্ম হৈছিল। সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ।
- ১৯২৪ - হৰিশংকৰ পৰসাঈ, হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ।
- ১৯২৯ - মহেন্দ্ৰ বৰা, ডিব্ৰুগড় জিলাৰ টিংখাঙত জন্ম হৈছিল। প্ৰসিদ্ধ কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
- ১৯৫৫ - চিৰঞ্জিৱী, তেলুগু চলচ্চিত্ৰ অভিনেতা।
- ১৯৭৩ - ক্ৰিষ্টেন ৱিগ, হলীউডৰ অভিনেত্ৰী।
- ১৯৯০ - দেৱলিনা ভট্টাচাৰ্য, অভিনেত্ৰী, টেলিভিছনৰ 'চাথ নিভানা চাথিয়া' ধাৰবাহিকৰ গোপী বহু চৰিত্ৰৰ বাবে বিখ্য়াত, অসমৰ শিৱসাগৰত জন্ম হয়।
- ১৯৯৫ - ডুৱা লিপা, জনপ্ৰিয় ব্ৰিটিছ গায়িকা আৰু মডেল।
মৃত্যু
[সম্পাদনা কৰক]- ১৩৫৮ - ফ্ৰান্সৰ ইছাবেলা, ইংলেণ্ডৰ ৰাণী।
- ১৪৮৫ - ৰিচাৰ্ড - তৃতীয়, ইংলেণ্ডৰ ৰজা।
- ১৬০২ - আবুল ফজল, প্ৰসিদ্ধ মোগল ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী। তেওঁক আততায়ীয়ে হত্যা কৰে।
- ১৮১৮ - ৱাৰেন হেষ্টিংছ, ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল।
- ১৯২২ - মাইকেল কলিন্স, আয়াৰলেণ্ডৰ সংগ্ৰামী নেতা, সৈনিক আৰু ৰাজনীতিবিদ।
- ১৯৭৮ - জ'ম' কেনিয়াটা, কেনিয়াৰ জাতিৰ পিতা, প্ৰথম প্ৰধানমন্ত্ৰী।
- ১৯৮২ - একনাথ ৰামকৃষ্ণ ৰানাদে, ভাৰতীয় সমাজকৰ্মী আৰু নেতা।
- ২০১৪ - ইউ আৰ অনন্তমূৰ্তি, জ্ঞানপীঠ বটা বিজয়ী লেখক।
দিৱস
[সম্পাদনা কৰক]- মাদ্ৰাছ দিৱস।
- ধৰ্ম বা বিশ্বাসৰ উপৰত ভিত্তি কৰি হোৱা হিংসা কাৰ্যত চিকাৰ হোৱা সকলক স্মৰণৰ বাবে আন্তৰ্জাতিক দিৱস।
- ৰাছিয়াৰ পতাকা দিৱস।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ২২ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|