১১ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আগষ্ট ১১ৰ পৰা পুনঃনিৰ্দেশিত)

১১ আগষ্ট দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২৩ তম (অধিবৰ্ষত ২২৪ তম) দিন। বছৰটো শেষ হ’বলৈ এইপৰা মুঠ ১৪২ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. বিশিষ্ট চিকিৎসা বিজ্ঞানী খ্ৰীষ্টিয়ান আইজেকমেনৰ নেদাৰলেণ্ডত জন্ম হয় এই দিনটোতে । ১৯২৯ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল ।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৯৯ চনৰ এই দিনটোতেই সাহিত্যচাৰ্য সত্যেন্দ্ৰনাথ শৰ্মাই মৃত্যুক আঁকোৱালি লৈছিল।
  2. ১৯৪৫ চনৰ এই দিনটোতে ত্যাগবীৰ হেম বৰুৱাৰ গুৱাহাটীত মৃত্যু হয়৷
  3. সংগীত পৰিচালক পাৰ্থপ্ৰতীম চৌধুৰীৰ মৃত্যু হয় ২০০৫ চনৰ এই দিনটোতে।
  4. প্ৰাক্তন টেষ্ট খেলুৱৈ ৰমানাথ পাৰ্কাৰৰ মৃত্যু হয় ১৯৯৯ চনৰ এই দিনটোতে।
  5. ক্ষুধিৰাম বসুৰ বিনা বিচাৰে ফাঁচী হৈছিল ১৯০৮ চনৰ এই দিনটোতে ৷

অনান্য[সম্পাদনা কৰক]

  1. ১৯৯৮ চনৰ এই দিনটোতে নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰত বিস্ফোৰণ ঘটি বিস্তৰ ক্ষতিসাধন হয়।
  2. ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীয়ে শপত গ্ৰহণ কৰে ২০০৭ চনৰ এই দিনটোতে।
  3. ১৮৬০ চনত এই দিনটোতে আলাউদ্দিনৰ বাহমণি সাম্ৰাজ্য প্ৰতিষ্ঠ হয় ।
  4. ১৯৬১ চনৰ এই দিনটোতে দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰত কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।
  5. ১৯৯৯ চনৰ এই দিনটোতেই ঘটিছিল পূৰ্ণাগ্ৰাহ সূৰ্য গ্ৰহণ ৷

বাহ্যিক সংযোগ[সম্পাদনা কৰক]