২৮ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আগষ্ট ২৮ৰ পৰা পুনঃনিৰ্দেশিত)
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

২৮ আগষ্ট (ইংৰাজী: 28 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪০তম (অধিবৰ্ষত ২৪১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৬০৯ - ইংৰাজ অভিযাত্ৰী হেনৰী হাডছনে ডেলাৱেৰ বে' আৱিষ্কাৰ কৰিছিল। [1]
  • ১৭৮৯ - ৱিলিয়াম হাৰ্ছেলৰ দ্বাৰা শনি গ্ৰহৰ ষষ্ঠটো উপগ্ৰহ এনেচলাডুছ (Enceladus) আৱিষ্কাৰ হয়।
  • ১৮৩৩ - ব্ৰিটেইনৰ সংসদত ব্ৰিটিছ ঔপনিবেশিক অঞ্চলত দাস প্ৰথা বিলুপ্তি কৰিবলৈ আইন গৃহীত হয়।
  • ১৯০৪ - কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হয়।
  • ১৯১১ - এলমাৰ এ স্পেৰিৰ দ্বাৰা জাইৰ’ কম্পাছ নিৰ্মাণ হয়।
  • ১৯৭২ - ভাৰতৰ সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
  • ১৯৯০ - কুৱেইটক ইৰাকৰ ১৯তম প্ৰদেশ ৰূপে ঘোষণা কৰা হয়।
  • ২০০২ - অসমৰ ৰাজ্যপাল ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যপাল এছ. কে. সিনহাক মনোনীত কৰা হয়।
  • ২০০২ - দেশৰ ভিতৰতে প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৭৪৯ - জ'হান ৱল্ফগাং ভন গ'থে (ইং:Johann Wolfgang von Goethe [2] জাৰ্মান: [ˈjoːhan ˈvɔlfɡaŋ fɔn ˈɡøːtə] ( শুনক)), জাৰ্মান সাহিত্যিক।
  • ১৮৫৫ - স্বৰ্ণকুমাৰী দেৱী, ভাৰতৰ বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷
  • ১৮৯৬ - ফিৰাক গোৰখপুৰী, উৰ্দু কবি।
  • ১৯১১ - বীণা দাস, ভাৰতীয় জাতীয়তাবাদী বিপ্লৱী নেতা।
  • ১৯২৮ - এম জি কে মেনন, ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু মহাকাশ অনুসন্ধান সংগঠনৰ ভূতপূৰ্ব অধ্যক্ষ।
  • ১৯২৮ - বিলায়ত খান (খাঁ), ভাৰতৰ প্ৰসিদ্ধ চেতাৰবাদক।
  • ১৯৫২ - জগদীশ সিং খেহৰ, ভাৰতৰ ৪৪তম মুখ্য ন্যায়াধীশ।
  • ১৯৬১ - দীপক তিজুৰী, বলীউডৰ অভিনেতা।
  • ১৯৬৯ - শ্বেৰিল কাৰা ছেণ্ডবাৰ্গ, আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, বিলিয়নাৰ আৰু সমাজসেৱক।
  • ১৯৮৩ - লাচিথ মালিংগা, শ্ৰীলংকাৰ জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ।
  • ১৯৯৬ - আঁচল ঠাকুৰ, ভাৰতীয় মহিলা আলপাইন স্কিয়াৰ।
  • ১৯৯৯ - জিতুমণি কলিতা, অসমৰ এজন নৃত্যশিল্পী। জি. টিভি. (Zee TV)ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, (Dance India Dance Li'l Masters) ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।

মৃত্যু[সম্পাদনা কৰক]

  • ৪৩০ - চেইণ্ট আগাষ্টিন বা আগাষ্টিন অৱ হিপ্প', নামিবিয়াৰ দাৰ্শনিক।
  • ১৬৬৭ - জয় সিংহ - প্ৰথম, অম্বৰৰ ৰজা (মিৰ্জা ৰজা) তথা মোগল সেনাপতি আছিল।
  • ১৮৩৯ - ৱিলিয়াম স্মিথ, ইংৰাজ ভূ-তত্ত্ববিদ।
  • ১৮৬৩ - আইলহাৰ্ড মিটছাৰলিক (Eilhard Mitscherlich), জাৰ্মান ৰসায়ন বিজ্ঞনী।
  • ২০২০ - চেডৱিক ব'ছমেন, হলীউডৰ অভিনেতা।

দিৱস[সম্পাদনা কৰক]

  • ৰাষ্ট্ৰীয় পিতামহ দিৱস (মেক্সিকো)।

অন্যান্য[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



পাদটীকা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]