২৩ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছেপ্টেম্বৰ ২৩ৰ পৰা পুনঃনিৰ্দেশিত)
  1. ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হয় ১৯৬৫ চনৰ আজিৰ দিনটোতে।
  2. ১৯৯৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ক্ষেপণাস্ত্ৰ পৃথ্বীৰ সফল পৰীক্ষণ হয়।
  3. ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ হয় ২০০১ চনৰ আজিৰ দিনটোতে।
  4. অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডৰ জন্ম হয় ১৮৩৯ চনৰ আজিৰ দিনটোত।
  5. আজিৰ দিনটোতে ১৮৪৬ চনত ফৰাচী বিজ্ঞানী, গণিতজ্ঞ জে গেলী আৰু এইচ. ডি. এৰেষ্টৰদ্বাৰা নেপচুন গ্ৰহ আৱিষ্কাৰ হয় ।
  6. চেকোশ্লোবাকিয়াৰ যশস্বী কবি ইয়াৰোশ্লাভ ছাইফাৰ্টৰ জন্ম হয় ১৯০১ চনৰ আজিৰ দিনটোতে। তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে। উল্লেখ্য যে তেৱেই চেকোশ্লোভাকিয়াৰ প্ৰথম ব্যক্য়ি যিজনে নোবেল লাভ কৰিছিল।
  7. ছোভিয়েট ৰাছিয়াৰ প্ৰথম পাৰমাণৱিক বোমা বিষ্ফোৰণ হয় ১৯৪৯ চনৰ আজিৰ দিনটোতে।
  8. আজিৰ দিনটোতে ১৯৭২ চনত বিশিষ্ট কবি পাবলো নেৰুডাৰ মৃত্যু হয় । তেওঁৰ প্ৰকৃত নাম আছিল কেফতালি ৰিকাৰ্ডো ৰেইছ বাছোৱালটো।
  9. গোটেই বছৰৰ দিন আৰু ৰাতি সমান হয় আজিৰ এই দিনটোত।
  10. ১৮৬২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনীতিবিদ শ্ৰীনিৱাস শাস্ত্ৰীৰ জন্ম হয়।