সমললৈ যাওক

২৬ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছেপ্টেম্বৰ ২৬ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২৬ ছেপ্টেম্বৰ (ইংৰাজী: 26 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৯তম (অধিবৰ্ষত ২৭০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৬টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৫৮০ - ইংৰাজ নৌ অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকে (Francis Drake) পৃথিৱী পৰিক্ৰমা সম্পূৰ্ণ কৰে।
  • ১৯৪২ - ভাৰতৰ বিজ্ঞান গৱেষণাৰ উন্নতি সাধন, পৰামৰ্শ তথা সংযোগ ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ গঠন কৰা হয়।
  • ১৯৭৯ - চৌধুৰী চৰণ সিং-ক সভাপতি আৰু ৰাজ নাৰায়ণক কাৰ্যকৰী সভাপতি ৰূপে লৈ নতুন ৰাজনৈতিক দল লোকদল গঠন কৰা হয়।
  • ১৮২০ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, উনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল। প্ৰকৃত নাম ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে জীৱনৰ প্ৰথমচোৱাতে বিদ্যাসাগৰ উপাধি লাভ কৰে। সংস্কৃতৰ বাদেও বঙালী আৰু ইংৰাজী ভাষাত বিশেষ ব্যুৎপত্তি আছিল। তেওঁই প্ৰথম বঙালী লিপি সংস্কাৰ কৰে ইয়াক যুক্তিবহ কৰে তোলে।
  • ১৮৪৯ - আইভান পাভল'ভ পেট্ৰোভিচ (ইংঃ Ivan Petrovich Pavlov, অন্য় তথ্য় সূত্ৰ মতে জন্ম তাৰিখ ১৪ ছেপ্টেম্বৰ), ৰাছিয়াৰ জীৱ আৰু চিকিৎসা বিজ্ঞানী, তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৮৮৮ - টি এছ ইলিয়ট, আমেৰিকান কবি, সমালোচক, নাট্যকাৰ।
  • ১৮৮৯ - মাৰ্টিন হেইডেগাৰ (Martin Heidegger), জাৰ্মান দাৰ্শনিক।
  • ১৮৯১ - চাৰ্লছ মাঞ্চ (Charles Munch), আন্তৰ্জাতিক খ্যাতি সম্পন্ন বেহেলা বাদক।
  • ১৯২৩ - দেৱ আনন্দ, বিখ্য়াত ভাৰতীয় অভিনেতা আৰু পৰিচালক।
  • ১৯৩২ - ড॰ মনমোহন সিং, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ১৯৪৬ - জন্‌ছ মহলীয়া, অসমৰ চলচ্চিত্ৰ নিৰ্মাতা।
  • ১৯৮১ - ছেৰেনা ৱিলিয়ামছ, পেছাদাৰী মহিলা টেনিছ খেলুৱৈ।
  • ৰাষ্ট্ৰীয় পতাকা দিৱস (ইকুৱেডৰ)।
  • আন্তঃৰাষ্ট্ৰীয় সম্পূৰ্ণ পাৰমানৱিক অস্ত্ৰ নিৰ্মূল দিৱস। (International Day for the Total Elimination of Nuclear Weapons)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য় সূত্ৰ

[সম্পাদনা কৰক]