৫ জুলাই
অৱয়ব
(জুলাই ৫ৰ পৰা পুনঃনিৰ্দেশিত)
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
৫ জুলাই (ইংৰাজী: 5 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৬তম (অধিবৰ্ষত ১৮৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৯টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৮১১ - স্পেইনৰ পৰা ভেনিজুৱেলাই স্বাধীনতা লাভ কৰে।
- ১৯৪৭ - ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল।
- ১৯৫৪ - অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় গঠন কৰা হয়।
- ১৯৬২ - আলজেৰিয়াই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৭৫ - পৰ্তুগালৰ পৰা কেপ ভাৰ্দেয়ে স্বাধীনতা লাভ কৰে।
- ১৯৭৭ - পাকিস্তানত সামৰিক অভ্যুত্থান ঘটাই জিয়াউল হক নতুন ৰাষ্ট্ৰপতি হয় আৰু ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোক গ্ৰেপ্তাৰ কৰা হয়।
- ১৯৯৯ - ঢাকা-কলকাতাৰ মাজত প্ৰথম বাছ চলাচল হয়।
- ২০০৪ - উইম্বলডন চেম্পিয়ন খিতাপ লাভ কৰা ৰ'জাৰ ফেডেৰাৰ ১৫ তম গ্ৰেণ্ডশ্লাম অৰ্জন কৰি বিশ্ব ৰেকৰ্ড কৰে।
জন্ম
[সম্পাদনা কৰক]- ১৮৮৮ - হাৰ্বাট স্পেনছাৰ গাছাৰ, আমেৰিকান শৰীৰবিদ তথা চিকিৎসক স্পেনছাৰে, ১৯৪৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯২৭ - ৰাভুৰি ভৰদ্বাজ, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক
- ১৯৪৬ - ৰাম বিলাস পাছৱান, বিহাৰৰ ৰাজনেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী।
- ১৯৫৫ - সুৰেশ শৰ্মা, অসমীয়া লেখক, সাহিত্যিক আৰু কবি।
- ১৯৫৮ - বিল ওৱাটাৰছন্, আমেৰিকাৰ ব্যংগচিত্ৰ শিল্পী।
- ১৯৬০ - অনুপমা বসুমতাৰী, অসমীয়া লেখক, সাহিত্যিক আৰু কবি।
- ১৯৭৩ - গীতা কাপুৰ, ভাৰতীয় নৃত্য পৰিচালক, কৰিঅ'গ্ৰাফাৰ আৰু টেলিভিছন ব্যক্তিত্ব৷
- ১৯৯৫ - পি. ভি. সিন্ধু, সম্পূৰ্ণ নাম পুচৰলা ভেংকটা সিন্ধু, ৰিঅ' ডি জেনেইৰ'ত অনুষ্ঠিত ২০১৬ চনৰ গ্ৰীষ্মকালিন অলিম্পিকৰ মহিলাৰ একক বেডমিণ্টনত ৰূপৰ পদক বিজয়ী।
মৃত্যু
[সম্পাদনা কৰক]- ১৮২৬ - যোছেফ লুই প্ৰুষ্ট, ফ্ৰান্সৰ ৰসায়ন বিজ্ঞানী।
- ১৯২৭ - এলব্ৰেষ্ট ক'ছেল, নোবেল বঁটা বিজয়ী জাৰ্মান পদাৰ্থ বিজ্ঞানী।
- ১৯৬৪ - যতীন্দ্ৰনাথ দুৱৰা (যদু), বনফুলৰ কবি হিচাপে খ্যাত। তেখেতৰ দেহাৱসান ঘটে শিৱসাগৰৰ নিজ বাসভৱনত। তেখেত আছিল প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা বিজয়ী।
- ১৯৬৪ - ড॰ সূৰ্যকুমাৰ ভূঞা (ভানুনন্দন), লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া ডি লিট, বুৰঞ্জীবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, ৰায়বাহাদুৰ।
- ১৯৭৯ - এলিজাবেথ ৰায়েন, টেনিছ তাৰকা।
- ২০২১ - ষ্টেন স্বামী, ভাৰতীয় কেথলিক ধৰ্মযাজক।
- ২০২১ - দিদি কণ্ট্ৰেক্টৰ, আমেৰিকান স্থপতিবিদ।
দিৱস
[সম্পাদনা কৰক]- ভেনিজুৱেলাৰ স্বাধীনতা দিৱস।
- আলজেৰিয়াৰ স্বাধীনতা দিৱস।
- কেপ ভাৰ্দেৰ স্বাধীনতা দিৱস।
|