১৩ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নৱেম্বৰ ১৩ৰ পৰা পুনঃনিৰ্দেশিত)

১৩ নৱেম্বৰ (13 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৭ তম (অধিবৰ্ষত ৩১৮ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৮ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰ নাথ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ আজিৰ দিনটোতে ।
  2. আজিৰ দিনটোতে ২০০০ চনত সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰনাথ গোস্বামীৰ মৃত্যু হয়।
  3. যশস্বী কবি, সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাই পৰলোকলৈ গমন কৰে ১৯৯৮ চনৰ আজিৰ দিনটোতে ।
  4. অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ প্ৰাতঃস্মৰণীয় ব্যক্তি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীদেৱে ৰোগাক্ৰান্ত হৈ লক্ষীপুৰৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ১৯৪৭ চনৰ আজিৰ দিনটোতে ৷
  5. নাট্যকাৰ সাহিত্যিক ডঃ চন্দ্ৰধৰ চমুৱাই শেষ নিশ্বাস ত্যাগ কৰে ২০০৭ বৰ্ষৰ আজিৰ দিনটোতে ৷
  6. ১৭৮০ চনৰ আজিৰ দিনটোতে মহাৰাৰা ৰঞ্জিত সিংহৰ জন্ম হয়। তেওঁ পঞ্জাৱ কেশৰী নামে জনা যায়।
  7. আজিৰ দিনটোতে ১৯৩১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। নোবেল বঁটা লাভ কৰা এৱেঁই প্ৰথম ভাৰতীয়।
  8. স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ জন্ম হয় ১৮৩১ চনৰ আজিৰ দিনটোতে।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]