২৭ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নৱেম্বৰ ২৭ৰ পৰা পুনঃনিৰ্দেশিত)

২৭ নৱেম্বৰ (27 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩১ তম (অধিবৰ্ষত ৩৩২ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. শিল্পী বেণু মিশ্ৰৰ জন্ম হৈছিল ১৯৩৯ চনৰ আজিৰ দিনটোতে।
  2. আজিৰ দিনটোতে ১৯৪১ চনৰ কবি ভবেন বৰুৱাৰ জন্ম হৈছিল।
  3. ২০০১ চনৰ আজিৰ দিনটোতে ঘনকান্ত বৰবায়ন আৰু গিৰিশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা কৰা হয়।
  4. আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত শিৱপ্ৰসাদ বৰুৱাকমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।
  5. আজিৰ দিনটোতে আফগানিস্তানৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ।
  6. ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলছিয়াৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত।
  7. আলফেড নোবেলৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
  8. আজিৰ দিনটোতে ১৯৫৩ চনত নোবেল বঁটা বিজয়ী মাৰ্কিন নাট্যকাৰ ইউজিন অ’ নীলৰ মৃত্যু হৈছিল।
  9. আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী কবি হৰিবংশ ৰায় বচ্চনৰ জন্ম হৈছিল।
  10. ১৯৪০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা সমৰ কলাবিদ, প্ৰশিক্ষক, সমৰ কলা চলচ্চিত্ৰ অভিনেতা ব্ৰুছ লীৰ জন্ম হৈছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]