৪ মে' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰ ৰ ১২৪ তম (অধিবৰ্ষ ত ১২৫ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ২৪১ টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮২৫ চনৰ এই দিনটোতে ইংৰাজ জীৱবিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখক ‘থমাছ হেনৰি হাক্সলি ’য়ে জন্ম গ্ৰহণ কৰিছিল ।
১৯২৯ চনৰ আদিৰ দিনটোতেই অড্ৰী হেপ্বাৰ্ন (Audrey Hepburn) ৰ জন্ম হয় । এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু সমাজকৰ্মী আছিল।
১৭৯৯ চনত আজিৰ দিনটোত ব্ৰিটিছৰ লগত মহীশূৰৰ ৰাজপুত টিপু চুলতান ৰ লগত সংঘৰ্ষ হয় । এই যুদ্ধত টিপু চুলতানৰ মৃত্যু হয় ।
১৯৯৭ চনৰ ৪ মেত এলেন গিন্সবাৰ্গ ৰ মৃত্যু হয় । তেখেত আমেৰিকাৰ এজন বিখ্যাত কবি ।
১৮৫৪ চনৰ আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে প্ৰকাশ হয় প্ৰথমটো ভাৰতীয় ডাক টিকট ।
১৯৪২ চনৰ আজিৰ দিনটোতে ‘‘এন্দ্ৰিউ গৌড়লে' ক্ল'’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে । ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে ।
১৯৭৯ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ।
১৯৮৯ চনৰ আজিৰ দিনটোতে নাছা ৰ দ্বাৰা শুক্ৰ গ্ৰহ অভিমুখে স্বয়ংচালিত আন্তঃগ্ৰহ যান ‘মেগেলান’ উৎক্ষেপন কৰা হৈছিল ।
আজি বিশ্ব খনি শ্ৰমিক দিৱস ৷