২৯ মে' (ইংৰাজী: 29 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৯তম (অধিবৰ্ষত ১৫০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৬টা দিন বাকী থাকে।
- ১৩২৮ - পঞ্চম ফিলিপে ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰে।
- ১৪৫৩ - কনষ্টাণ্টিনোপল বিজয়: ছুলতান দ্বিতীয় মুহাম্মদৰ নেতৃত্বত উছমানী সেনাই ৫৩ দিন অবৰোধৰ পাছত বাইজেণ্টাইন ৰাজধানী কনষ্টাণ্টিনোপল জয় কৰে আৰু বাইজেণ্টাইন সাম্ৰাজ্যৰ সমাপ্তি ঘটে।
- ১৭২৭ - দ্বিতীয় পিটাৰ ৰাছিয়াৰ ৰজা হয়।
- ১৯৫৩ - টেনজিং নৰ্গে আৰু এণ্ডমান হিলাৰীয়ে যৌথভাবে পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ মাউণ্ট এভাৰেষ্ট জয় কৰে। দুয়োজনৰ ভিতৰত তেনজিং নৰগে প্ৰথমে শৃঙ্গত উঠিছিল।
- ১৯৬৮- মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবে ইউৰোপীয়ান কাপ জয় কৰে।
- ১৬৩০ - দ্বিতীয় চাৰ্লচ, ইংলেণ্ড, স্কটলেণ্ড আৰু আয়াৰলেণ্ডৰ ৰজা। (মৃত্য়ুঃ ১৬৮৫)
- ১৮৫৪ - এ কে গাৰ্নি, আমেৰিকান খৃষ্টান পাদুৰী।
- ১৮৬৩ - আৰ্থাৰ মোল্ড, ইংৰাজ ক্ৰিকেট খেলুৱৈ।
- ১৮৬৮ - দ্বিতীয় আব্দুল মজিদ, সৰ্বশেষ উছমানীয় খলিফা।
- ১৯১৪ - টেনজিং নৰ্গে, ভাৰতীয় পৰ্বতাৰোহী।
- ১৯১৬ - অতুল চন্দ্ৰ বৰুৱা, সাহিত্যিক আৰু সাহিত্য সমালোচক তথা এগৰাকী চৰকাৰী প্ৰশাসনিক বিষয়া আছিল। ১৯৭৯ চনত শুৱালকুছিত অনুষ্ঠিত হোৱা ৪৬ তম অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰিছিল। (মৃত্যু: ২০০১)
- ১৯১৭ - জন এফ. কেনেডি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৫তম ৰাষ্ট্ৰপতি।
- ১৯২৯ - দ্বিজেন শৰ্মা, বাংলাদেশী প্ৰকৃতিবিদ।
- ১৯৪১ - অৰুণাভ সৰকাৰ, বাংলাদেশী কবি, সাহিত্যক, সম্পাদক আৰু মুক্তিযোদ্ধা। (মৃত্যু ২০১৪ চন)
- ১৯৭৬ - সত্যকাম বৰঠাকুৰ, অসমীয়া কবি, প্ৰবন্ধাৰ, সম্পাদক, অধ্যাপক।
- ১৮২৯ - ছাৰ হামফ্ৰে ডেভি, ইংৰাজ আৱিষ্কাৰক আৰু প্ৰখ্যাত ৰসায়নবিদ, ডেভি চাকি (কাৰ্বন আৰ্ক লেম্প), কেলছিয়াম আৰু পটেছিয়ামৰ আৱিষ্কাৰক।
- ১৯৭২ - পৃথ্বীৰাজ কাপুৰ, ভাৰতীয় থিয়েটাৰ আৰু বোলছবিৰ অভিনেতা, ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠাতা। (জন্মঃ ০৩/১১/১৯০১)
- ১৯৭৭ - সুনীতি কুমাৰ চট্টোপাধ্যায়, বঙালী ভাষাতাত্ত্বিক পণ্ডিত, সাহিত্যিক আৰু শিক্ষাবিদ।
- ১৯৭৯ - মেৰী পিকফোৰ্ড, কানাডীয়-আমেৰিকান চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। (জন্ম: ১৮৯২ চন)
- ২০০৪ - আঞ্জু মান আৰা বেগম, একুশে পদক বিজয়ী বাংলাদেশী সঙ্গীতশিল্পী। (জন্ম: ১৯৪২ চন)
- ২০১৯ - বেণু মিশ্ৰ, ভাৰতীয় চিত্ৰশিল্পী।
- ২০২০ - বেজান দাৰুৱালা, ভাৰতীয় জ্যোতিষ স্তম্ভলেখক।
- ২০২২ - যাদৱসেন ডেকা, অসমৰ প্ৰথমখন মহিলা ভ্ৰাম্যমাণ থিয়েটাৰৰ (কল্পনা থিয়েটাৰ) জন্মদাতা, সাংবাদিক, সাহিত্যিক তথা শিক্ষাবিদ।
- ২০২২ - অন্নদা শইকীয়া, ভাৰতীয় সাহিত্যিক।