৮ জানুৱাৰী (ইংৰাজী: 8 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৭টা দিন (অধিবৰ্ষত ৩৫৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
১৮৭২ - হেমচন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। ১৯২৮ চনৰ ২ মে' তাৰিখে তেখেতৰ মৃত্যু হয়।
১৯০৮ - ফিয়েৰলেচ নাদিয়া, অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন।