২৭ নৱেম্বৰ (ইংৰাজী : 27 November ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ৩৩১তম (অধিবৰ্ষ ত ৩৩২তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৭০১ - এণ্ডাৰছ চেলছিয়া , ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক।
১৮৮৮ - গণেশ বাসুদেৱ মাৱলংকাৰ স্বাধীনতা সংগ্ৰামী, কেন্দ্ৰীয় বিধান সভাৰ সভাপতি (১৯৪৬ চনৰ পৰা ১৯৪৭ চনলৈ) ভাৰতৰ সংবিধান সভাৰ তেতিয়াৰ অধ্যক্ষ আৰু পিছলৈ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল । মৃত্যু ২৭ ফেব্ৰুৱাৰী , ১৯৫৬।
১৯০৭ - হৰিবংশ ৰায় বচ্চন , হিন্দী কবি আৰু বিংশ শতিকাৰ আৰম্ভণিৰ হিন্দী সাহিত্যৰ নতুন কবিতা সাহিত্য আন্দোলনৰ লেখক আছিল। তেওঁ, তেওঁৰ প্ৰাৰম্ভিক কাম মধুশালাৰ বাবে সৰ্বাধিক জনাজাত। মৃত্যু ১৮ জানুৱাৰী , ২০০৩।
১৯৩৯ - বেনু মিশ্ৰ অসমৰ চিত্ৰশিল্পী আৰু কলা-উপদেষ্টা। শিল্পীজনে ১৯৭৬ চনত গুৱাহাটী আৰ্টিষ্টচ্ গীল্ডৰ প্ৰতিষ্ঠা কৰে আৰু কিছুকাল ইয়াৰে প্ৰতিষ্ঠাপক সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে। কিছুদিন ধৰি বিভিন্ন ৰোগত ভুগি থকা শিল্পীজনে ২০১৯ চনৰ ২৯ মে' ৰ পুৱা গুৱাহাটীৰ নিজা বাসভৱনত মৃত্যুবৰণ কৰে।
১৯৪০ - ব্ৰুছ লী , বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা সমৰ কলা বিদ, প্ৰশিক্ষক, সমৰ কলা চলচ্চিত্ৰ অভিনেতা।
১৯৪১ - অসমীয়া বিশিষ্ট কবি, প্ৰৱন্ধকাৰ ভবেন বৰুৱা ৰ জন্ম। সোণালী জাহাজ কাব্যগ্ৰন্থৰ বাবে ১৯৭৮ চনত অসম প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
১৯৫৫ - অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ঔপন্যাসিক, চিকিৎসক ড° ধ্ৰুৱজ্যোতি বৰা ৰ জন্ম। কথা ৰত্নাকৰ গ্ৰন্থৰ বাবে ২০০৯ চনত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে বৰপেটাস্থিত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে ৷ বৰ্তমান তেখেতে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰ নতুন উপাচাৰ্য ৰূপে কাৰ্য নিৰ্বাহ কৰি আছে ৷
১৯৮৬ - সুৰেশ ৰাইনা ভাৰতীয় প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। মুখ্য অধিনায়কৰ অনুপস্থিতিৰ সময়ত তেওঁ মাজে মাজে ভাৰতীয় পুৰুষৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ ষ্টেণ্ড-ইন অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৫৩ - ইউজিন অ’ নীল, নোবেল বঁটা বিজয়ী আমেৰিকান নাট্যকাৰ।
২০০৮ - বিশ্বনাথ প্ৰতাপ সিং , চমুকৈ ভি. পি. সিং, এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ ২ ডিচেম্বৰ ১৯৮৯ চনৰ পৰা ১০ নৱেম্বৰ ১৯৯০ চনলৈ ভাৰতৰ ৭ম প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু মাণ্ডাৰ ৪১সংখ্যক ৰাজা বাহাদুৰ আছিল। তেওঁ ভাৰতৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যি প্ৰাক্তন ৰাজকীয় আছিল। জন্ম ২৫ জুন , ১৯৩১।