৮ আগষ্ট (ইংৰাজী : 8 August ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২২০তম (অধিবৰ্ষ ত ২২১তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৫টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৫০৯ - বিজয় নগৰৰ সম্ৰাট হিচাপে মহাৰাজ কৃষ্ণদেৱ ৰয়ৰ ৰাজ অভিশেষ।
১৮১৫ - ৱাৰ্টালু যুদ্ধ ত পৰাজিত আৰু বন্দী নেপোলিয়ন বোনাৰ্পাট ক ছেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল।
১৯৪২ - ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল।
১৯৫৫ - পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনভাত এখন আন্তৰ্জাতিক সন্মিলন আৰম্ভ হয়। এই সন্মিলনত প্ৰায় ৭২খন দেশৰ ১,২০০ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।
১৯৭৭ - ভাৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰতৰত্ন আৰু পদ্ম সন্মান প্ৰদান অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছিল।
১৯৮৫ - ট্ৰম্বেত ভাৰতৰ সৰ্ববৃহৎ গৱেষণাকেন্দ্ৰ নিউক্লিয় ৰিয়েক্টৰ ‘ধ্ৰুৱ’ কাৰ্যক্ষম কৰা হৈছিল।
১৮৬৫ - অবলা বসু , ভাৰতীয় সামাজিক কৰ্মী।
১৯০২ - পল এদ্ৰিয়েন মৰিছ ডিৰাক , 'কোৱাণ্টাম ইলেক্ট্ৰ'ডাইনেমিকছ'ৰ বাবে জনাজাত নোবেল বিজয়ী ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
১৯০৪ - ত্ৰিভুবন নাৰায়ণ সিং, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ।
১৯০৮ - সিদ্ধেশ্বৰী দেৱী, শাস্ত্ৰীয় সংগীতৰ গায়িকা।
১৯১৪ - সৰলা ঠকৰাল , প্ৰথম ভাৰতীয় মহিলা বৈমানিক।
১৯৩১ - ছাৰ ৰ'জাৰ পেনৰ'জ , ইংৰাজ গাণিতিক পদাৰ্থবিদ।
১৯৩৪ - সুদক্ষিণা শৰ্মা , অসমৰ এগৰাকী খ্যাতনামা গায়িকা।
১৯৪০ - দিলীপ ছাৰদেশাই, ভাৰতীয় ক্ৰিকেটাৰ।
১৯৪২ - শ্বেৰ চৌধুৰী , অসমৰ সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ।
১৯৪৮ - কপিল ছিব্বাল, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ।
১৯৫৫ - ইলিয়াছ আলি , অসমৰ এগৰাকী শল্য চিকিৎসক।
১৯৬২ - দেৱশ্ৰী ৰায় , ভাৰতীয় বঙালী অভিনেত্ৰী, নৃত্যশিল্পী।
১৯৯৪ - সাইখোম মীৰাবাই চানু , ভাৰতীয় ভাৰোত্তোলক।
১৯৮১ - ৰ'জাৰ ফেডেৰাৰ , টেনিছৰ ২০টা গ্ৰেণ্ড শ্লেম জিকা প্ৰথম টেনিছ খেলুৱৈ।
১৮২৭ - জৰ্জ কানিং, ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
১৯৪৮ - ইয়েল্লাপ্ৰগডা চুব্বাৰাও , কোষত এ টি পি অনু শক্তিৰ উৎস হিচাপে আৱিষ্কাৰ আৰু কেন্সাৰ নিৰাময়ৰ মেথ'ট্ৰেক্সজিৰ আৱিষ্কাৰ কৰা ভাৰতীয় জৈৱ-ৰসায়ন বিজ্ঞানী।
২০০০ - এছ নিজলিংগপ্পা, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ।
২০০৬ - চন্দ্ৰপ্ৰসাদ শইকীয়া , অসমীয়া সাহিত্য জগতৰ ‘‘মহাৰথী’’ সাহিত্য অকাডেমি বিজয়ী সাহিত্যিক।