৩ আগষ্ট (ইংৰাজী : 3 August ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২১৫তম (অধিবৰ্ষ ত ২১৬তম) দিন। বছৰ শেষ হ'বলৈ ১৫০ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৮৬ চনৰ আজিৰ তাৰিখতে হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্ত ৰ জন্ম হয়।
১৯৮৪ চনৰ আজিৰ তাৰিখতে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী ৰ জন্ম হৈছিল।
১৯৫৯ চনৰ আজিৰ তাৰিখতে কবি-দাৰ্শনিক ভবানন্দ দত্ত ৰ মৃত্যু হয়।
১৯৮০ চনৰ আজিৰ তাৰিখতে শিল্পী কমল নাৰায়ণ চৌধুৰী ৰ মৃত্যু হয়। তেখেত অসমত এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক আৰু অভিনেতা হিচাবে জনাজাত।
১৩৪৭ চনৰ আজিৰ তাৰিখতে আলাউদ্দিন হাছান ওৰফে জাফৰ খানৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হয়।
১৯৫৪ চনৰ আজিৰ তাৰিখতে ভাৰতৰ পাৰমাণৱিক শক্তি বিভাগ প্ৰতিষ্ঠা হয়।
১৮৮৫ চনৰ আজিৰ তাৰিখতে উমেশ চন্দ্ৰ বন্দোপাধায়ৰ সভাপতিত্বত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছ ৰ প্ৰথম অধিৱেশন আৰম্ভ হয়।
১৯১৪ চনৰ আজিৰ তাৰিখতে প্ৰথম মহাসমৰ ত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
১৯৬০ চনৰ আজিৰ তাৰিখতে নাইজাৰে স্বাধীনতা লাভ কৰে।
আজিৰ তাৰিখতে এংগোলো , মোজাম্বিক আৰু গিনি বিচাৱে স্বাধীনতা লাভ কৰে।
১৯৯৯ চনৰ আজিৰ তাৰিখতে নৰ্মদা বচাও আন্দোলন ত সাহিত্যিক অৰুন্ধতী ৰয়ে অংশগ্ৰহণ কৰে।
২০০৪ চনৰ আজিৰ তাৰিখতে বানপানীৰ সংহাৰী ৰূপত অসম ৰ সহস্ৰাধিক গাঁও জলমগ্ন, শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়।