৭ ছেপ্টেম্বৰ
অৱয়ব
(ছেপ্টেম্বৰ ০৭ৰ পৰা পুনঃনিৰ্দেশিত)
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৫ |
৭ ছেপ্টেম্বৰ (ইংৰাজী: 7 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫০তম (অধিবৰ্ষত ২৫১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৩১ - লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।
- ১৯৫৬ - তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।
- ১৯৮৮ - মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।
জন্ম
[সম্পাদনা কৰক]- ১৫৩৩ - প্ৰথম এলিজাবেথ, ইংলেণ্ডৰ ৰাণী।
- ১৭৯১ - উমাজী নাইক, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৮২৯ - আগষ্ট কেকুলে, জাৰ্মান ৰসায়ন বিজ্ঞানী।
- ১৯১৩ - আলবেয়াৰ কেমু, ফৰাচী ঔপন্যাসিক, নাট্যকাৰ আৰু অস্তিত্ববাদী দাৰ্শনিক।
- ১৯১৫ - মহেশ্বৰ নেওগ, বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি আৰু প্ৰাচ্যতত্ত্ববিদ। "অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনিছিল।
- ১৯১৭ - বানু জাহাংগীৰ কয়াজী, ভাৰতীয় চিকিৎসক।
- ১৯৩১ - মীনা খাদিকাৰ, ভাৰতীয় মাৰাঠী আৰু হিন্দী ভাষাৰ নেপথ্য কণ্ঠশিল্পী আৰু সুৰকাৰ।
- ১৯৩৩ - ইলা ৰমেশ ভাট, ভাৰতীয় সমাজকৰ্মী আৰু গান্ধীবাদী।
- ১৯৩৪ - সুনীল গঙ্গোপাধ্যায়, জনপ্ৰিয় বঙালী কবি।
- ১৯৫১ - মামুট্টি, টলীউডৰ অভিনেতা আৰু কথাছবি পৰিচালক।
- ১৯৬০ - অংশুলা কান্ত, ভাৰতীয় বেংকাৰ।
- ১৯৬৩ - নীৰজা ভানোট, অশোকচক্ৰ বিজিতা বিমান পৰিচালিকা।
- ১৯৮৫ - ৰাধিকা আপ্টে, ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯০৭ - ছালী প্ৰুধ্যোম, সাহিত্যত প্ৰথম নোবেল বঁটা বিজয়ী।
- ১৯১৫ - মাণিক চন্দ্ৰ বৰুৱা, অসমৰ সমাজ সেৱক, শিক্ষা সংগঠক আৰু ব্যৱসায়ী।
- ১৯৬৮ - ৰামবৃক্ষ বেণীপুৰী, স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু লেখক।
- ১৯৯০ - এ জে পি টেইলৰ, ইংৰাজ বুৰঞ্জীবিদ।
- ১৯৯১ - এডউইন মেটিছন মেকমিলান, নোবেল বঁটা বিজয়ী মাৰ্কিন পদাৰ্থবিজ্ঞানী।
- ২০১৮ - মেক মিলাৰ, আমেৰিকান ৰেপ্ গায়ক।
দিৱস
[সম্পাদনা কৰক]- সংবিধান দিৱস (ফিজি)।
- স্বাধীনতা দিৱস (ব্ৰাজিল)।
- বিজয় দিৱস (মোজাম্বিক)।
- ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ, অন্তিম দিন। (১ ছেপ্টেম্বৰ - ৭ ছেপ্টেম্বৰ)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৭ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|