৬ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নৱেম্বৰ ৬ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

৬ নৱেম্বৰ (6 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১০ তম (অধিবৰ্ষত ৩১১ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৫ টা দিন বাকী থাকে৷

ঘটনাৰাজী[সম্পাদনা কৰক]

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

  • আজি শিখ ধৰ্ম গুৰু নানকৰ আৰ্বিভাৱ তিথি। আজিৰ পৰা ৫৪৬ নানাকব্দ আৰম্ভ হ'ব।
  • ১৮২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ব্ৰিটিছ বিজ্ঞানী ছাৰ জন উইলিয়াম এলককৰ ইংলেণ্ডৰ মানচেষ্টাৰত জন্ম হয়। এলককেই বিশ্বৰ প্ৰথম বিমানেৰে আটলান্টিক মহাসাগৰ অতিক্ৰম কৰে।
  • ১৯২৫ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ শিষ্য তথা ভাৰতৰ খাদী আন্দোলনৰ সক্ৰিয় কৰ্মী ইংৰাজ মহিলা মীৰা বেন ভাৰতলৈ আহে।
  • ১৯৪৩ চনৰ আজিৰ দিনটোতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অধিকাৰ জাপানৰ পৰা আজাদ হিন্দ ফৌজলৈ হস্তান্তৰিত হয়।
  • ১৯৬২ চনৰ আআজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰা দক্ষিণ আফ্ৰিকাক বহিষ্কাৰ কৰা হয়।
  • ১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ জগতৰ শক্তিশালী অভিনেতা সঞ্জীৱ কুমাৰৰ মৃত্যু হয়। অভিনয় জীৱনত ১৩৫ খন ছবিত অভিনয় কৰি সঞ্জীৱ কুমাৰে চলচ্চিত্ৰ জগতত এক অনন্য অভিলেখ সৃষ্টি কৰি থৈ গৈছে।
  • ২০০১ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰ প্ৰকাশ আৰম্ভ হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]