৪ নৱেম্বৰ (ইংৰাজী : 4 November ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ৩০৮তম (অধিবৰ্ষ ত ৩০৯তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৯৫৪ - দাৰ্জিলিঙ ত হিমালয়ান মাউণ্টেনিয়াৰিং প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়।
১৯৯২ - বিল ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪২ তম ৰাষ্ট্ৰপতি হয়।
২০০৪ - মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী আৰু শাস্ত্ৰীয় সংগীত শিল্পী পাৰবীন চুলতানা লৈ সেই বছৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয়।
২০০৮ - হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ পুৰোধা ব্যক্তি , প্ৰখ্যাত সংগীত সাধক ভীমসেন যোশী লৈ ভাৰতৰ সব্বোৰ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়।
১৮৮৯ - যমনলাল বাজাজ , স্বাধীনতা সংগ্ৰামী তথা বাজাজ গ্ৰুপ অব্ ইণ্ডাষ্ট্ৰিজৰ অন্যতম প্ৰতিষ্ঠাপক।
১৯২৩ - তাৰিকুদ্দিন আহমেদ , অসমীয়া গায়ক আৰু সংগীত পৰিচালক।
১৯২৫ - ঋত্বিক ঘটক , ভাৰতীয় প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা।
১৯২৯ - শকুন্তলা দেৱী , মানৱ কম্পিউটাৰ নামে খ্যাত ভাৰতীয়।
১৯৪৪ - পদ্মাৱতী বন্দ্যোপাধ্যায় , ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত বিষয়া।
১৯৫২ - সনন্ত তাঁতী , অসমীয়া কবি।
১৯৫৪ - চেতনা দাস , অসমীয়া অভিনেত্ৰী।
১৯৫৫ - ডেভিদ জুলিয়াছ , আমেৰিকান শৰীৰতত্ত্ববিদ।
১৯৭১ - টবু , ভাৰতীয় অভিনেত্ৰী।
১৯৭৫ - অমৃত প্ৰীতম , ভাৰতীয় শব্দযন্ত্ৰী।
১৯৮৭ - জানকী অম্মল , ভাৰতীয় উদ্ভিদবিজ্ঞানী।
১৯৭০ - শম্ভু মহাৰাজ , ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত।
২০০২ - বীৰেণ বৰকটকী , সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
২০২২ - অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, অসম চৰকাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ভোলা কটকী ৰ মৃত্যু হয়। ১৯৩৫ চনৰ ২০ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা ভোলা কটকী, ১৯৮১ চনত ড° ভবেন্দ্ৰনাথ শইকীয়া ই নিৰ্মাণ কৰা "অৰ্নিবাণ" বোলছবিৰ মুখ্য চৰিত্ৰ "ৰজনী মাষ্টৰ" চৰিত্ৰত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে।