১১ জুন
অৱয়ব
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৪ |
১১ জুন (ইংৰাজী: 11 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬২তম (অধিবৰ্ষত ১৬৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৩টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৭৬০ - মহীশূৰৰ নবাৱ হাইদৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ।
- ১৯৭৭ - মহম্মদ ৰফিয়ে গ্ৰীনিজ বুক অৱ ৱাৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষলৈ সকলোতকৈ বেছি সংখ্যক গান ৰেকৰ্ড কৰাৰ অভিলেখৰ দাবী পত্ৰ প্ৰেৰণ কৰিছিল।
- ১৯৮৭ - অসম গণিত শিক্ষায়তন নামৰ অনুষ্ঠানটিয়ে পোন প্ৰথমবাৰৰ বাবে গণিত অলিম্পিয়াদ অনুষ্ঠিত কৰিছিল।
- ১৯৯৬ - দেবেশ চন্দ্ৰ চক্ৰৱৰ্তীদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল ত্যাগ কৰিছিল।
- ২০১০ - দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হয়।
জন্ম
[সম্পাদনা কৰক]- ১৯৩৭ - কনক ৰেলে, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, ক'ৰিয়'গ্ৰাফাৰ আৰু শিক্ষাবিদ।
- ১৯৪৭ - লালু প্ৰসাদ যাদৱ, বিহাৰৰ ৰাজনীতিবিদ।
- ১৯৫০ - অমূল্য কাকতি, অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক।
- ১৯৭১ - মিনাক্ষী শ্ৰীনিবাসন, ভাৰতীয় নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ।
- ১৯৭৮ - ডাৰিল টাফি, নিউজিলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
মৃত্যু
[সম্পাদনা কৰক]- খ্ৰীষ্টপূৰ্ব ৩২৩ - মহামতি আলেকজেণ্ডাৰ। (১০জুন বা ১১ জুন)
- ১৯৮৩ - ঘনশ্যাম দাস বিৰলা, বিশিষ্ট শিল্পপতি। লণ্ডনত মৃত্যু হয়। তেওঁ জি ডি বিৰলাৰ নামে পৰিচিত।
- ২০০০ - অজিত কুমাৰ শৰ্মা, শিক্ষাবিদ তথা ৰাজনীতিবিদ।
- ২০০১ - টিম'থি মেকভেই, আমেৰিকান সন্ত্ৰাসবাদী। (জ. ১৯৬৮)
- ২০১৩ - নগেন বৰা, অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক।
দিৱস
[সম্পাদনা কৰক]- হণ্ডোৰাছৰ শিক্ষাৰ্থী দিৱস।
- ব্ৰাজিলৰ নৌ সেনা দিৱস।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১১ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|