১৪ অক্টোবৰ (ইংৰাজী : 14 October ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৮৭তম (অধিবৰ্ষ ত ২৮৮তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৮টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১৯৮০ - শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰা হয়।
১৯৯৮ - ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেন লৈ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হয়।
২০০১ - আফগানিস্তানত মাৰ্কিন আক্ৰমণৰ পৰিণতিত নাইজেৰিয়াত হোৱা গোষ্ঠীগত সংঘৰ্ষত প্ৰায় দুশ লোকৰ মৃত্যু হয়, অসংখ্য মছজিদ, গীৰ্জা ধ্বংস হয়।
১৮৬৪ - লক্ষ্মীনাথ বেজবৰুৱা , আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।
১৯১৪ - লক্ষ্যধৰ চৌধুৰী , অসমীয়া অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ।
১৯২৪ - বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য , প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক।
১৯২৯ - শোভা ব্ৰহ্ম , ভাস্কৰ্য শিল্পী।
১৯৫০ - বিভূৰঞ্জন চৌধুৰী , অসমীয়া কণ্ঠশিল্পী তথা সংগীত পৰিচালক।
১৯৭২ - জয়া আখতাৰ , ভাৰতীয় চিনেমা পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
১৯৮১ - গৌতম গম্ভীৰ , ভাৰতীয় ক্ৰিকেটাৰ। ২০০৩ চনৰ পৰা এদিনীয়া আৰু ২০০৪ চনৰ পৰা টেষ্ট ক্ৰিকেটৰ ভাৰতীয় দলৰ সদস্য।