১৫ আগষ্ট
অৱয়ব
এই প্ৰবন্ধটো ইংৰাজী বৰ্ষপঞ্জীৰ তাৰিখটোৰ বিষয়ে। ভাৰতৰ স্বাধীনতা দিৱসৰ বাবে স্বাধীনতা দিৱস (ভাৰত) চাওক।
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৪ |
১৫ আগষ্ট (ইংৰাজী: 15 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৭তম (অধিবৰ্ষত ২২৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:
ঘটনাৱলী
[সম্পাদনা কৰক]- ১২৬১ - বাইজাণ্টিসকলৰ হাতত কনষ্টাণ্টিনোপলৰ পতন হয় আৰু অষ্টম মাইকেল বাইজাণ্টিয়াম সাম্ৰাজ্যৰ নতুন সম্ৰাট হয়।
- ১৯১৪ - পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হয়।
- ১৯৪৭ - লৰ্ড মাউণ্ট বেটেনে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰে।
- ১৯৫০ - অসমত হোৱা প্ৰবল ভূমিকম্পৰ ফলত ১৩৫০ জন লোক মৃত্যুমুখত পৰে আৰু বিস্তৰ ক্ষতি হয়।
- ১৯৬৫ - ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা কৰা হয়।
- ১৯৭২ - ভাৰতত ডাক সূচাংক সংখ্যা প্ৰৱৰ্তন কৰা হয়।
- ১৯৭৫ - বাংলাদেশৰ সেনা বিষয়াৰ এটা দলে ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা কৰে।
- ১৯৮২ - ভাৰতত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হয়।
- ১৯৮৫ - সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক অসম চুক্তি সম্পাদন কৰা হয়।
- ১৯৮৬ - অসমীয়া দৈনিক বাতৰিকাকত আজিৰ অসম প্ৰকাশ আৰম্ভ হয়। প্ৰতিষ্ঠাপক সম্পাদক ৰাধিকামোহন ভাগৱতী।
- ১৯৯৬ - আন্দামানৰ ৰোজ আইলেণ্ডক ৰাণী লক্ষ্মীবাই নামেৰে নামকৰণ কৰা হয়।
- ২০০৪ - ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটি শিশুকে ধৰি ১৩ জনৰ মৃত্যু হয় আৰু অৰ্ধ শতাধিক লোক আহত হয়।
জন্ম
[সম্পাদনা কৰক]- ১৭৬৯ - নেপোলিয়ন বোনাপাৰ্ট, ফ্ৰান্সৰ সম্ৰাট।
- ১৮৭২ - শ্ৰী অৰবিন্দ, ভাৰতীয় দাৰ্শনিক, কবি আৰু সাংবাদিক।
- ১৯৩৮ - প্ৰাণ কুমাৰ শৰ্মা, ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট। তেওঁক প্ৰধানকৈ জনপ্ৰিয় 'চাচা চৌধুৰী' নামৰ কমিকছ চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়। ২০১৪ চনৰ ৬ আগষ্টত ৭৫ বছৰ বয়সত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।
- ১৯৪৭ - ৰাখী গুলজাৰ, পদ্মশ্ৰী, হিন্দী আৰু বাংলা কথাছবিৰ অভিনেত্ৰী।
- ১৯৫১ - ইন্দ্ৰাণী বসু, ভাৰতীয় পদাৰ্থবিজ্ঞানী, কলকাতাৰ বসু ইনষ্টিটিউটৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক।
- ১৯৬১ - সুহাসিনী মণিৰত্নম, তেলুগু, মালয়ালম, তামিল আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৬৪ - মেলিণ্ডা গেট্ছ, আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক।
- ১৯৭১ - আদনান্ চামী, বলীউডৰ গায়ক।
মৃত্যু
[সম্পাদনা কৰক]- ১০৫৭ - মেকবেথ, স্কটলেণ্ডৰ ৰজা। সেক্সপিয়েৰৰ নাটক মেকবেথৰ মূল চৰিত্ৰটো তেখেতৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিল।
- ১৮৫২ - জ'হান গেড'লিন, ফিনলেণ্ডৰ ৰসায়ন বিজ্ঞানী।
- ১৯৭৫ - শ্বেখ মজিবুৰ ৰহমান, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ১৯৪২ - মহাদেৱ দেশাই, ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰবাদী লেখক।
- ২০০০ - টি. এ. সৰস্বতী আম্মা, ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ।
দিৱস
[সম্পাদনা কৰক]- ভাৰতৰ স্বাধীনতা দিৱস।
- ৰিপাব্লিক অৱ কংগোৰ স্বাধীনতা দিৱস।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৫ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|