২০ মে' (ইংৰাজী: 20 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪০তম (অধিবৰ্ষত ১৪১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৫টা দিন বাকী থাকে।
- ১২৯৩ - জাপানৰ কামাকুৰা ভূমিকম্পত ৩০,০০০ লোকৰ মৃত্যু হয়।
- ১৪৯৮ - ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজ ভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে ভাৰতত উপস্থিত হয়।
- ১৮৯৪ - চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী, ভাৰতীয় গুৰু।
- ১৯৩৯ - বালু মহেন্দ্ৰ, শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক।
- ১৯৬৪ - জয়ন্ত নাথ, অসমীয়া কণ্ঠশিল্পী।
- ১৯৮১ - ইকাৰ কাচিলাচ্, স্পেনিচ্ ফুটবলাৰ (গ'লকীপাৰ), ২০১০ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য়।
- ১৯৮২ - ইমৰাণ ফাৰহাত, পাকিস্তানী ক্ৰিকেটাৰ।
- ১৫০৬ - ক্ৰিষ্টোফাৰ কলম্বাছ, এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়।
- ১৯৩২ - বিপিন চন্দ্ৰ পাল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ২০১২ - লীলা দুবে, ভাৰতীয় শিক্ষাবিদ তথা মানৱবিজ্ঞানী।
- ২০২৪ - ইব্ৰাহিম ৰইছি, ইৰানৰ ৰাষ্ট্ৰপতি। ইৰানৰ চুবুৰীয়া ৰাষ্ট্ৰ আজাৰবাইজান সীমান্তৱৰ্তী দুৰ্গম পাৰ্বত্য অঞ্চল এটাত সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাটোত ৰাষ্ট্ৰপতি ৰইছিৰ সহিতে বৈদেশিক মন্ত্ৰী হোছেইন আমীৰাব্দুল্লহিয়ান আৰু অন্য সাতজন লোকৰ মৃত্যু হয়।