২৫ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অক্টোবৰ ২৫ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

২৫ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৯৮ তম (অধিবৰ্ষত ২৯৯ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৭ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

  • ১৪০০ খ্ৰীষ্টাব্দৰ এই দিনটোতে ইংৰাজ কবি জিঅ'ফ্ৰে চচাৰৰ মৃত্যু হয়।
  • ১৬৪৭ খ্ৰীষ্টাব্দৰ এই দিনটোতে ইটালীৰ পদাৰ্থবিদ ইভানজেলিষ্টা টৰিচেলিৰ মৃত্যু হয়।
  • ১৮৮১ খ্ৰীষ্টাব্দৰ এই দিনটোতে চিত্ৰশিল্পী পাব্‌ল' পিকাছ'ৰ জন্ম হয়।
  • ১৯৪৭ চনৰ এই দিনটোতে পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে কাশ্মীৰ আক্ৰমণ কৰে। কাশ্মীৰৰ মহাৰজা হৰি সিঙৰ সহায় প্ৰাৰ্থনা।
  • ১৯৫১ চনৰ এই দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন আৰম্ভ হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰ সামৰণি পৰে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত।
  • ১৯৭১ চনৰ এই দিনটোতে চীন ৰাষ্ট্ৰসংঘৰ সদস্য হয় আৰু টাইৱান বহিষ্কৃত হয়।
  • ১৯৭১ চনৰ এই দিনটোতে বাংলাদেশৰ নেতা শ্বেখ মজিবুৰ ৰহমান পাকিস্তানী সেনাৰ হাতত বন্দী হয়।
  • ১৯৯১ চনৰ এই দিনটোতে বিবাদমান অযোধ্যাৰ অধিগৃহীত মাটিত কোনো স্থায়ী নিৰ্মাণ যাতে নহয়, তাৰ ব্যৱস্থা ল'বলৈ উত্তৰ প্ৰদেশ চৰকাৰক এলাহাবাদ উচ্চ ন্যায়লয়ে নিৰ্দেশ দিয়ে।
  • ২০০৫ চনৰ এই দিনটোতে আলফাই আলোচনাৰ বাবে গঠন কৰি দিয়া পি চি জি আৰু কেন্দ্ৰৰ মাজত প্ৰথমলানি আলোচনা অনুষ্ঠিত হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]