৯ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আগষ্ট ৯ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮  ১৯  ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৯ আগষ্ট (ইংৰাজী9 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২১তম (অধিবৰ্ষত ২২২তম) দিন। বছৰ শেষ হ'বলৈ ১৪৪ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৯৭৩ চনৰ এই দিনটোতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল হুইটনী হাষ্টনৰ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৯১ চনৰ এই দিনটোতে অসমৰ প্ৰবীণ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু হয়।
  2. ১৯৬২ চনৰ এই দিনটোত কবি-ঔপন্যাসিক হেৰমান হেছৰ মৃত্যু হয়। ১৯৪৬ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা। লিখিত গ্ৰন্থ আছিল জীৱন-ভিত্তিক গ্ৰন্থ সিদ্ধাৰ্থ।

অনান্য[সম্পাদনা কৰক]

  1. ১৯০০ চনৰ এই দিনটোতে টেনিছৰ আটাইতকৈ পুৰণি প্ৰতিযোগিতা ডেভিছ কাপৰ প্ৰথম খেল বষ্টনত অনুষ্ঠিত হয়।
  2. ১৮১৯ চনৰ এই দিনটোতে দক্ষিণ আমেৰিকাৰ উত্তৰ-পূৱত দেশ কলম্বিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
  3. শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত চুক্তি স্বাক্ষৰিত হয় ১৯৭১ চনৰ এই দিনটোতে।
  4. ১৮৯৭ চনৰ এই দিনটোতে পুণেৰ প্লেগ আয়ুক্ত ৰেণ্ডক হত্যাৰ অভিযোগত বিপ্লৱী দামোদৰ ৰানাডেক গ্ৰেপ্তাৰ কৰা হয়। প্লেগ ৰোগ প্ৰতিৰোধৰ নামত ৰেণ্ডে স্থানীয় মহিলাসকলক নগ্ন কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল।
  5. ১৯৪২ চনৰ এই দিনটোতে মুম্বাইত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হয় আৰু ৯ আগষ্টৰ পৰা দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয় আৰু মহাত্মা গান্ধীসহ বহু কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ হয়।
  6. ১৯৪৫ চনৰ এই দিনটোতে জাপানৰ নাগাছাকিত আমেৰিকৰ পাৰমাণৱিক বোমাৰ বিষ্ফোৰণ হয়। আজি নাগাছাকি দিৱস
  7. ১৯৫০ চনৰ এই দিনটোতে বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
  8. ১৯৬৫ চনৰ এই দিনটোতে সাৰ্বভৌম, গণতান্ত্ৰিক স্বাধীন ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰে স্বীকৃতি লাভ কৰে।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]