১৫ ছেপ্টেম্বৰ
অৱয়ব
(ছেপ্টেম্বৰ ১৫ৰ পৰা পুনঃনিৰ্দেশিত)
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
১৫ ছেপ্টেম্বৰ (ইংৰাজী: 15 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৮তম (অধিবৰ্ষত ২৫৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৭টা দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনা
[সম্পাদনা কৰক]- ১৮৩০ - আনুষ্ঠানিক ভাৱে ৰে'ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা, জৰ্জ ষ্টিফেনছনে নিৰ্মাণ কৰা ৰকেট নামৰ ইঞ্জিনটোৱে টনা ভাপচালিত ৰে'লগাড়ীৰ চলাচল আৰম্ভ আৰু পথ পৰিবহণৰ ইতিহাসত এটা নতুন যুগৰ সূচনা।
- ১৯১৬ - প্ৰথম বিশ্বযুদ্ধৰ 'ফ্লেৰ্চ-কৰ্চেলেটৰ যুদ্ধত' যুদ্ধত প্ৰথম বাৰৰ বাবে ব্ৰিটিছ সেনাৰ দ্বাৰা টেংকৰ ব্যৱহাৰ।
- ১৯৫৩ - এছ বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অষ্টম সভাপতি আৰু প্ৰথম মহিলা সভাপতি হয়।
- ১৯৫৯ - ভাৰতৰ দিল্লীত পোন প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ।
- ১৯৮৯ - ব্ৰৰছন মেটকাফ নামৰ ধূমকেতু এটাৰ সূৰ্যৰ পৰা ৮৬০ লাখ কিঃমিঃ দূৰত অৱস্থান।
- ২০০১ - আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ৰূপে অভিযুক্ত ওছামা বিন লাডেন, তালিবান শাসিত আফগানিস্তানত আমেৰিকাই যুদ্ধ ঘোষণা।
- ২০০৮ - ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট ফেকিং নিউজ আৰম্ভ।
জন্ম
[সম্পাদনা কৰক]- ১২৫৪ - মাৰ্ক' প'ল' (Marco Polo), ইটালীৰ অভিযাত্ৰী বা পৰিব্ৰাজক, লেখক আৰু ব্যৱসায়ী।
- ১৮৬০ - মোক্ষগুণ্ডম বিশ্বেশ্বৰায়, আধুনিক কৰ্ণাটকৰ অন্যতম প্ৰতিষ্ঠাতা।
- ১৮৭৬ - শৰৎচন্দ্ৰ চট্টোপাধ্যায়, বাংলা সাহিত্যিক।
- ১৮৯০ - আগাথা ক্ৰিষ্টি, ৰহস্য সাহিত্যৰ কিংবদন্তি ইংৰাজ লেখিকা।
- ১৮৯৪ - ব্ৰজনাথ শৰ্মা, অসমৰ অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমাণ নাটকৰ জনক।
- ১৯০৩ - ৱাজিৰ আলী, ভাৰতৰ অলৰাউণ্ডাৰ ক্ৰিকেট খেলুৱৈ।
- ১৯০৯ - চি এন আন্নাডুৰাই, তামিলনাডুৰ প্ৰথম আৰু মাদ্ৰাজৰ অন্তিম মুখ্যমন্ত্ৰী।
- ১৯১৫ - কৰম সিং, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ১৯৩৯ - সুব্ৰমনিয়ান স্বামী, ৰাজনেতা আৰু অৰ্থনীতিবিদ।
- ১৯৭৭ - টম হাৰ্ডি (Tom Hardy), ইংৰাজ অভিনেতা। ব্লেক হ'ক ডাউন ( ইংঃ Black Hawk Down, ২০০১)আৰু মেড মেক্স: ফিউৰী ৰোড (ইংঃ Mad Max: Fury Road) কথাছবিৰ বাবে বিখ্যাত।
- ১৯৮৪ - ৰাজকুমাৰ হেৰী, ব্ৰিটেনৰ ৰাজকুমাৰ।
- ১৯৮৯ - স্বৰূপম পুৰকায়স্থ, অসমৰ ক্ৰিকেটাৰ।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৫৯ - ইছামবাৰ্ড কিংডম ব্ৰুনেল, ইংৰাজ অভিযন্তা, উদ্যোগ বিপ্লৱৰ অন্য়তম বাটকটীয়া সকলৰ এজন।
- ১৮৬৪ - জন হেনিং স্পেক (John Hanning Speke), ভাৰত আৰু আফ্ৰিকাৰ ইংৰাজ সেনা বিষয়া আৰু অভিয়াত্ৰী। নীল নদীৰ উৎস আৱিষ্কাৰ কৰোঁতা।
- ১৯০১ - হেৰী কেলডাৰ, দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ।
- ২০১৪ - নিকোলাছ ৰ'মানভ, ৰাছিয়াৰ ৰাজকুমাৰ।
দিৱস
[সম্পাদনা কৰক]- অভিযন্তা দিৱস। (ভাৰত)
- সঞ্চয়িকা দিৱস।
- গণতন্ত্ৰ দিৱস। (ৰাছিয়া)
- আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস। (আন্তঃৰাষ্ট্ৰীয়)
- বিশ্ব লিম্ফ'মা সজাগতা দিৱস। (আন্তঃৰাষ্ট্ৰীয়)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৫ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|