২৫ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছেপ্টেম্বৰ ২৫ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২৫ ছেপ্টেম্বৰ (ইংৰাজী25 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৮তম (অধিবৰ্ষত ২৬৯তম) দিন। বছৰ শেষ হ'বলৈ ৯৭ দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৫২৪ খ্ৰীষ্টাব্দৰ এই দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো দা গামাৰ তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতলৈ আহে।
  • ১৯৭৪ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত ৰূপ দিয়া হয়৷
  • ১৯৩০ এই দিনটোতে ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ জন্ম হয় ইংলেণ্ডত।
  • ভাৰতৰ নৱম প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হয় ১৯৩১ চনৰ এই দিনটোতে।
  • ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ১৯৭৫ চনৰ এই দিনটোত।
  • ১৯৭৬ চনৰ এই দিনটোত ভাৰতত বলৱৎ থকা অন্তৰ্ৱতীকালীন জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰা হয়।
  • এই দিনটোতে জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। ১৯৭৭ চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
  • ১৯৭০ চনৰ এই দিনটোতে প্ৰথম বিশ্বযুদ্ধৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু হয়।
  • ১৮৬৬ খ্ৰীষ্টাব্দৰ এই দিনটোতে মাৰ্কিন জীৱ বিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হয়। ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
  • ১৮৯৭ খ্ৰীষ্টাব্দৰ এই তাৰিখতে মাৰ্কিন উপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হয়।
  • এই দিনটোত ৰাছিয়া সমৰ্থিত উত্তৰ কোৰিয়া সেনাৰ দক্ষিণ কোৰিয়া আক্ৰমণ হয় ১৯৩২ চনৰ এই দিনটোতে।
  • আজি মোজাম্বিকৰ স্বাধীনতা দিৱস।