১৪ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুন ১৪ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


১৪ জুন গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ১৬৫ তম (অধিবৰ্ষত ১৬৬ তম) দিনবুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

জন্ম[সম্পাদনা কৰক]

  1. মহপুৰুষ মাধৱদেৱৰ জন্মজয়ন্তী ।
  2. ১৯৫৯ চনৰ ১৪ জুনত জন্ম গ্ৰহণ কৰিছিল আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ৷ জন্ম স্থান - ডিব্ৰুগড় জিলাৰ দুলীয়াজনৰ সমীপৰ বিজয় মাহামৰা সত্ৰ ।
  3. আজিৰ দিনটোতে ১৯০৯ চনত ই এম এছ নাম্বুডিৰিপদৰ কেৰেলাৰ পালঘাটত জন্ম হয় । তেখেতে ১৯৬৭ চনত কেৰেলাত প্ৰথমখন কমিউনিষ্ট চৰকাৰ গঠন কৰিছিল ৷

মৃত্যু[সম্পাদনা কৰক]

  1. অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা আৰু প্ৰযোজিকা ‘‘সুপ্ৰভা দেৱী’’য়ে বৃক্কৰোগত আক্ৰান্ত হৈ ২০১১ বৰ্ষৰ আজিৰ তাৰিখতে মৃত্যু বৰণ কৰে ৷ তেওঁ ‘নয়নমণি’ নামৰ কথাছবিখন পৰিচালনা কৰিছিল ৷
  2. টেলিভিছন আৱিষ্কাৰক ]]জন লোগি বেয়াৰ্ড]]ৰ মৃত্যু হৈছিল ১৯৪৬ চনৰ আজিৰ দিনটোতে।
  3. ১৯৬৮ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত কবি, সমালোচক নোবেল বিজয়ী ছালভাটোৰ কোৱাছিমডোৰ মৃত্যু হয়। তেওঁক ইটালীৰ কাব্য-সাহিত্যৰ মুকুট বিহীন সম্ৰাট ৰূপে অভিহত কৰা হয় ।

অনান্য[সম্পাদনা কৰক]

  1. চিম্পল গগৈৰ পৰিচালনাৰে, জিতুমণি টেৰণৰ প্ৰযোজনাৰে ‘‘তুমি যদি কোৱা’’নামৰ কথাছবিখন মুক্তি পাইছিল ২০১৩ বৰ্ষৰ আজিৰ দিনটোতে ৷
  2. ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে বাওঁ মৰ্চাৰ লক্ষ্মী ছেহগালৰ নাম প্ৰস্তাৱিত হয় ২০০২ চনৰ আজিৰ দিনটোতে।
  3. ৰুছদেশৰ মহাকাশযান ‘‘ভেনেৰা—১০’’ উৎক্ষেপন কৰা হৈছিল ১৯৭৫ চনৰ আজিৰ দিনটোতে ৷
  4. পৃথিৱীৰ বৃহত্তম দ্ৰুত ব্ৰিডাৰ নিউক্লিয় ৰিয়েক্টৰ ‘‘ছুপাৰহেমিক্স’’ কাৰ্যক্ষম কৰা হৈছিল ১৯২৬ বৰ্ষৰ আজিৰ দিনটোতে ৷
  5. ১৯৯১ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ঐতিহাসিক চহৰ লেলিনগ্ৰেডৰ নাম সলনি কৰি নতুন নাম ছেণ্ট পিটাৰ্ছৰ্বাগ দিয়া হয় ।
  6. ‘‘থাবো মবেকি’’ দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতি হয় ১৯৯৯ চনৰ আজিৰ দিনটোতে ।
  7. ফুটবল জগতৰ তাৰকা ডেভিদ বেকহামইংলেণ্ডৰ ৰাণীৰ ‘‘অৰ্ডাৰ অব ব্ৰিটিছ এম্পায়াৰ’’ সন্মান প্ৰদান কৰে ২০০৩ চনৰ আজিৰ দিনটোতে।
  8. হামিদ কাৰজা আফগানিস্তানৰ ৰাষ্ট্ৰপতি হয় ২০০২ চনৰ আজিৰ দিনটোতে।

দিৱস[সম্পাদনা কৰক]

  1. ‘‘মালগাছি’’ৰ স্বাধীনতা দিৱস ৷
  2. চিচিলিৰ জাতীয় দিৱস ৷
  3. বিশ্ব ৰক্তদান দিৱস ৷

বাহ্যিক সংযোগ[সম্পাদনা কৰক]