১৮ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুন ১৮ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search



১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১৮ জুন (ইংৰাজী18 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৯তম (অধিবৰ্ষত ১৭০তম) দিন। বছৰ শেষ হ'বলৈ ১৯৬ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -


(১) ভাৰতীয় জীৱন বীমা নিগমক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯৫৬ চনৰ ১৮ জুনত স্বীকৃতি প্ৰদান কৰে ৷ ই ভাৰত চৰকাৰৰ অধীনস্থ আৰু ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰছৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে।

(২) ১৫৭৬ চনৰ আজিৰ দিনটোত হলিঘাটতত মোগলৰ বিৰুদ্ধে ৰাজপুতৰ যুদ্ধ হয়। এই যুদ্ধত ৰাজপুত ৰজা ৰাণাপ্ৰতাপ সিংহ পৰাজিত হয়।

(৩) বিখ্যাত ‘ৱাটাৰ্লু যুদ্ধ’ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাৰ্পাট পৰাজিত হৈ বন্দী হয় ১৮৫৭ চনৰ আজিৰ দিনটোত।

(৪)১৮৫৮ চনত চিপাহী বিদ্ৰোহ তথা ইংৰাজৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধত ঝান্সীৰ ৰাণী লক্ষ্মীবাই শ্বহীদ হয়।

(৫) ১৯৮৬ চনত আজিৰ দিনটোত গোৱাত পৰ্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ হয়।

(৬) হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয় ১৯৫৬ চনৰ আজিৰ দিনটোত।

(৭) অভিনেত্ৰী নাছিম বানুৰ ৮১ বছৰ বয়সত মৃত্যু বৰণ কৰে ২০০২ চনৰ আজিৰ দিনটোত। তেওঁক হিন্দী চলচিত্ৰ জগতত চায়েৰা বানু নামেৰে জনাজাত।

(৮) ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ মৃত্যু হয় ১৯৩৬ চনৰ আজিৰ দিনটোত। তেওঁক এলেক্সি মেক্সিমভিচ পেছকভ নামেৰেও জনা যায়।

(৯) আজিৰ দিনটোত ১০৩৭ চনত পাৰস্য চিকিৎসক ইবন ছিনাৰ মৃত্যু হয়। ‘কেনন অব মেডিচিন’ হৈছে তেওঁৰ প্ৰসিদ্ধ সৃষ্টি।

(১০) ১৮ জুন বিশ্ব বনভোজ দিৱস


বাহ্যিক সংযোগ[সম্পাদনা কৰক]