১ ছেপ্টেম্বৰ
অৱয়ব
(০১ ছেপ্টেম্বৰৰ পৰা পুনঃনিৰ্দেশিত)
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
১ ছেপ্টেম্বৰ (ইংৰাজী: 1 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৪তম (অধিবৰ্ষত ২৪৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৪৭ - ভাৰতীয় মান সময় নিদ্ধাৰণ কৰা হৈছিল। [1]
- ১৯৫১ - এনজাছ (ANZUS) চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত স্বাক্ষৰিত হৈছিল।
- ১৯৫২ - 'ড্য অল্ড মেন এণ্ড ড্য ছি'ৰ উপন্যাসখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পায়। এই উপন্যাস খনৰ ৰচক আছিল আৰ্ণেষ্ট হেমিঙ্গৱে। 'ড্য অল্ড মেন এণ্ড ড্য ছি' য়ে পুলিটজাৰ বঁটাও লাভ কৰিছিল।
- ১৯৫৬ - চনৰ এই তাৰিখৰ পৰাই ভাৰতীয় জীৱন বীমা নিগমৰ কাম কাজ আৰম্ভ কৰা হৈছিল।
- ১৯৬১ - যুগুস্লেভিয়াৰ বেলগ্ৰেডত নন এলাইনড্(Non-Aligned) ৰাষ্ট্ৰসমূহৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল।
- ১৯৮০ - 'চয়-ক্যো-হাহ'ৰ ইস্তাফাৰ পাচতেই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় চ্চুন-দো-হোৱান।
- ১৯৮২ - যুক্তৰাষ্ট্ৰত এয়াৰ ফৰ্চ স্পেছ কমাণ্ডে (Air Force Space Command) প্ৰতিষ্ঠা লাভ কৰিছিল।
- ১৯৮৫ - সমুদ্ৰপৃষ্ঠত নিৰুদ্দিষ্ট টাইটানিক জাহাজৰ ছবি ৭৩ বছৰ পিছত পোহৰলৈ আহিছিল।
- ১৯৯১ - ছোভিয়েট ইউনিয়নৰ পৰা উজবেকিস্তানে স্বাধীনতা লাভ কৰিছিল।
জন্ম
[সম্পাদনা কৰক]- ১৮৫৬ - ছৰ্গেই ৱিনোগ্ৰাদস্কি (Sergei Winogradsky), ৰাছিয়ান পৰিৱেশ আৰু জীৱ বিজ্ঞানী, জৈৱ ভূ-ৰাসায়নিক চক্ৰৰ (Biogeochemical cycle) বাবে বিখ্য়াত।
- ১৮৫৮ - কাৰ্ল আউৱাৰ ভন ৱেলছবাখ (Carl Auer von Welsbach), অষ্ট্ৰিয়ান বিজ্ঞানী আৰু উদ্ভাৱক।
- ১৮৯৬ - শ্ৰীল প্ৰভুপাদ, ইছকনৰ (ISKCON) প্ৰতিষ্ঠাতা।
- ১৯২৩ - ৰকী মাৰ্ছিয়ান', আমেৰিকাৰ বক্সিং খেলুৱৈ, অপৰাজেয় হেভিৱেইট বক্সিং চেম্পিয়ন আছিল (১৯৫২-৫৬)। (মৃঃ ৩১ আগষ্ট, ১৯৬৯)
- ১৯২৪ - হাৱাৰ্ড থমাছ অ'ডাম, আমেৰিকাৰ পৰিৱেশ বিজ্ঞানী। (মৃঃ ১১ ছেপ্টেম্বৰ, ২০০২)
- ১৯২৯ - শুচিব্ৰতা ৰায়চৌধুৰী, অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া।
- ১৯৩৮ - নীলমণি দেৱী, ভাৰতীয় মৃৎ শিল্পী।
- ১৯৪০ - কামেশ্বৰ ব্ৰহ্ম, ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ।
- ১৯৪৫ - বসন্ত কুমাৰ শৰ্মা, অসমীয়া সাহিত্যিক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক।
- ১৯৫৪ - এলাম ইন্দিৰা দেৱী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য প্ৰশিক্ষক।
- ১৯৫৭ - অঞ্জলী গোপালন, ভাৰতীয় মানৱধিকাৰ আৰু পশু অধিকাৰ কৰ্মী।
- ১৯৯০ - জীতেন্দ্ৰ কুমাৰ, ভাৰতীয় অভিনেতা।
- ১৯৯৬ - জিন্দায়া, আমেৰিকাৰ অভিনেত্ৰী আৰু গায়িকা।
- ১৯৯৭ - জন জংকুক, দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় গায়ক।
মৃত্যু
[সম্পাদনা কৰক]- ১৫৫৭ - জ্যাঁক কাৰ্টিয়াৰ, ফ্ৰান্সৰ অভিযাত্ৰী।
- ১৫৭৪ - গুৰু অমৰ দাস, তৃতীয় শিখ গুৰু।
- ১৫৮১ - গুৰু ৰাম দাস, চতুৰ্থ শিখ গুৰু।
- ১৭১৫ - লুই চতুৰ্দশ, ফ্ৰান্সৰ ৰজা, দা চান কিং হিচাপে পৰিচিত, ফ্ৰান্সৰ সৰ্বাধিক সময় শাসন কৰ্তা।
- ১৮৩৮ - ৱিলিয়াম ক্লাৰ্ক, এজন আমেৰিকান অভিযাত্ৰী, সৈনিক, ভাৰতীয় এজেণ্ট আৰু আঞ্চলিক লাট। (জঃ ১ আগষ্ট, ১৭৭০)
- ১৯৬৬ - কামেশ্বৰ দাস, অসমৰ এজন গণিতজ্ঞ।
- ২০১৩ - টমি মৰিছন, আমেৰিকাৰ বক্সিং খেলুৱৈ আৰু ৰকি-৫ (Rocky V) বোলছবিৰ অভিনেতা।
- ২০১৪ - মায়া ৰাও, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ আৰু কথক নৃত্যৰ প্ৰশিক্ষক।
দিৱস
[সম্পাদনা কৰক]- উজবেকিস্তানৰ স্বাধীনতা দিৱস।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|