১৮ নৱেম্বৰ (ইংৰাজী : 18 November ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ৩২২তম (অধিবৰ্ষ ত ৩২৩তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৭২৭ - জয়পুৰ চহৰ প্ৰতিষ্ঠা হয়। এই চহৰৰ প্ৰধান স্থপিতবিদ আছিল বংগৰ বিদ্যাধৰ চক্ৰৱৰ্তী ।
১৯৭২ - বাঘ ক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখ্য যে ইয়াৰ আগতে ৰাষ্ট্ৰীয় পশু আছিল "সিংহ ।
১৯৮৫ - শান্তাৰাম বাপু, অন্যনাম শান্তাৰাম ৰাজাৰাম ভানকুৰ, ভাৰতীয় নিৰ্মাতা, প্ৰযোজক, অভিনেতা। তেঁও চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান "দাদাচাহেব ফাল্কে " বঁটা লাভ কৰিছিল। ১৯৯২ চনত মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ তেওঁলৈ আগবঢ়োৱা হয়। মৃত্যু ৩০ অক্টোবৰ ১৯৯০ চন।
১৯৫০ - জিতেন্দ্ৰনাথ গোস্বামী , ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান "চন্দ্ৰযান-১" ৰ মুখ্য বিজ্ঞানী।
১৯৫৪ - ৰঞ্জন গগৈ , ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ ৰ পদত অধিষ্ঠিত হয়। দেশৰ সৰ্বোচ্চ ন্যায়িক পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া হোৱাৰ লগতে উত্তৰ-পূৱ ভাৰত ৰো প্ৰথমগৰাকী ব্যক্তি।
১৯৬৯ - চন্দনা গোস্বামী , অসমীয়া ঔপন্যাসিক। ২০১২ চনত তেখেতে অসমীয়া ভাষাত "পাটকাই ইপাৰে মোৰ দেশ" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
১৯৭২ - জুবিন গাৰ্গ , অসমীয়া কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, কবি।
১৯৮২ - জাষ্টিন এন্থনি নেপ , ৱিকিপিডিয়া ব্যৱহাৰকাৰী।
১৯৮৪ - নয়নতাৰা বা ডায়েনা মৰিয়ম কুৰিয়ান, ভাৰতীয় অভিনেত্ৰী।
১৮৮৭ - গুস্তাভ ডিওডৰ ফেচনাৰ , জাৰ্মান পৰীক্ষামূলক মনোবিজ্ঞানী, দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী।
১৯২২ - মাৰ্চেল প্ৰুষ্ট , ফৰাচী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ।
১৯৪১ - ৱাল্টাৰ হেৰমান নাৰ্নষ্ট , খ্যাতনামা জাৰ্মান বিজ্ঞানী। ১৯২০ চনত তেওঁ ৰসায়ন বিজ্ঞান ৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৬২ - নীলছ ব’ৰ , ডেনমাৰ্কৰ পদাৰ্থ বিজ্ঞানী।
১৯৬৭ - ৰঘুনাথ চৌধাৰী , বিহগী কবি হিচাপে খ্যাত অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগ ৰ এগৰাকী বিশিষ্ট কবি। মূলতঃ প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত।