৩১ জানুৱাৰী (ইংৰাজী: 31 January) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪ দিন (অধিবৰ্ষত ৩৩৫ দিন) বাকী থাকে।
- ১৯৯৬ - শ্ৰীলঙ্কাৰ ৰাজধানী কলম্ব'ত অৱস্থিত এটা বেঙ্কত ভয়াবহ আত্মঘাটী আক্ৰমণত কমেও ৫০ জন লোকৰ মৃত্যু।
- ২০১৫ - অসম সাহিত্য সভাৰ ৭৩ সংখ্যক কলিয়াবৰ অধিৱেশনৰ আৰম্ভণি।
- ১৯০৯ - বিষ্ণুপ্ৰসাদ ৰাভা, অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু।
- ১৯২৩ - সোমনাথ শৰ্মা, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ১৯৭৫ - প্ৰীতি জিণ্টা, ভাৰতীয় অভিনেত্ৰী (বলিউড)।
- ১৯৭৬ - পবিত্ৰ ৰাভা, অসমীয়া অভিনেতা।
- ১৮৮৮ - জন বস্ক', জনপ্ৰিয় নাম ছেইণ্ট ডন বস্ক’, ইটালিয়ান ৰোমান কেথ’লিক ধৰ্মযাজক, লেখক আৰু শিক্ষাবিদ।
- ১৯৬১ – কৃষ্ণ সিং, ভাৰতীয় ৰাজনীতিক, বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী। (জন্ম. ১৯৮৭)
- ২০০৪ - সুৰাইয়া জামাল শ্বেখ, ভাৰতীয় অভিনেত্ৰী।
- ২০১৫ - লিজাবেথ স্কট, আমেৰিকান অভিনেত্ৰী।