৭ জুলাই
অৱয়ব
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৫ |
৭ জুলাই (ইংৰাজী: 7 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৮তম (অধিবৰ্ষত ১৮৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৭টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৭৬৩ - মীৰজাফৰে পুনৰ বংগৰ নবাব হিচাপে গাদী দখল কৰে।
- ১৮৯৬ - ভাৰতলৈ প্ৰথম চিনেমাৰ আগমণ ঘটে। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰদৰ্শিত হয় প্ৰথম চিনেমা।
- ১৯০৫ - লৰ্ড কাৰ্জনে বংগ বিভাজন কথা ঘোষণা কৰে।
- ১৯৯৬ - ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ হয়।
- ২০০৭ - ছাহজাহানৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মিত তাজমহলে বিশ্বৰ সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে।
- ২০০৮ - জাপানত জি-৮ সন্মিলন আৰম্ভ হৈছিল।
- ২০১১ - ইৰাকত ৯০০জন লোকৰ গণকবৰ উদ্ধাৰ কৰা হয়।
- ২০১১ - পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ নাম সলনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
- ২০১২ - কেন্দ্ৰীয় চৰকাৰে অসমত ‘‘মন' ৰে'ল সেৱা’’ প্ৰৱৰ্তন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।
- ২০১৩ - এগৰাকী ভাৰতীয় ৰাজনীতিবিদ ৰঞ্জিৎ শেখৰ মুছাহাৰীদেৱে মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্যকাল সামৰে।
- ২০২১ - অসম চৰকাৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথি ২৮ জুলাই ‘দেশভক্তি দিৱস’ আৰু গোপীনাথ বৰদলৈৰ মৃত্যু তিথি ৫ আগষ্ট ‘কৰ্মচাৰী দিৱস’ হিচাপে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে।
- ২০২১ - অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে যে সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতেৰে আৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সমাপ্ত কৰা হ’ব।[1]
দুৰ্ঘটনা
[সম্পাদনা কৰক]- ২০০৫ - লণ্ডনৰ সাত ঠাইত সংঘটিত বিস্ফোৰণত ৪৫জন লোক নিহত হয় আৰু সহস্ৰাধিক লোক আহত হয়।
- ২০০৮ - আফগানিস্থানৰ কাবুলত থকা ভাৰতীয় দূতাবাসত তালিবাণী উগ্ৰপন্থীয়ে আক্ৰমণ চলায়।
- ২০১২ - ৰাছিয়াত হোৱা প্ৰবল বানপানীৰ ফলত ১৪৪০জন লোকৰ মৃত্যু হয়।
জন্ম
[সম্পাদনা কৰক]- ১৯৩৪ - কেদাৰনাথ সিং, ভাৰতীয় কবি।
- ১৯৩৫ - প্ৰভাত শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক।
- ১৯৪৭ - জ্ঞানেন্দ্ৰ বীৰ বিক্ৰম শ্বাহ দেৱ, নেপালৰ ৰজা।
- ১৯৫৮ - বিন্নী য়াংগা, ভাৰতীয় সমাজ কৰ্মী।
- ১৯৬৬ - কল্পনা দাশ, ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী।
- ১৯৭৩ - কৈলাস খেৰ, বলিউডৰ গায়ক।
- ১৯৮১ - মহেন্দ্ৰ সিং ধোনি, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, মিড্ল-অৰ্ডাৰ বেট্ছমেন আৰু উইকেটৰক্ষক।
- ১৯৮৫ - শ্বেতা ত্ৰিপাঠী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৩০৭ - প্ৰথম এডৱাৰ্ড, ইংলেণ্ডৰ ৰজা।
- ১৯৩০ - ছাৰ আৰ্থাৰ কনান ডয়াল, ইংৰাজ ৰহস্য ঔপন্যাসিক।
- ১৯৯০ - লালডেংগা, মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষনেতা।
- ২০১৪ - আল্ফ্ৰেড' ডি ষ্টিফান', আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক।
- ২০২১ - ট্ৰেজেদী কিং দিলীপ কুমাৰ (মহম্মদ ইউচুফ খান), পদ্মভূষণ (১৯৯১), দাদাচাহেব ফাল্কে বঁটা (১৯৯৪) আৰু পদ্মবিভূষণ (২০১৫) আদিৰে বিভূষিত বলিউডৰ অভিনেতা।
দিৱস
[সম্পাদনা কৰক]- আন্তৰ্জাতিক সমবায় দিৱস।
- বিশ্ব চক্লেট দিৱস।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৭ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "ৰাজ্যিক কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত". NEWS 18 অসম. ৭ জুলাই, ২০২১. https://assam.news18.com/news/assam/every-yera-5-august-will-be-celebrate-at-employee-day-in-assam-tvbiju-hb-129361.html। আহৰণ কৰা হৈছে: ৭ জুলাই ২০২২.