৪ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডিচেম্বৰ ৪ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

৪ ডিচেম্বৰ (ইংৰাজী4 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৮ তম (অধিবৰ্ষত ৩৩৯ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. ১৯২১ চনৰ আজিৰ দিনটোতে কবি সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল।
  2. ২০০৬ বৰ্ষৰ আজিৰ দিনটোতে শিক্ষাবিদ আৰু অৰ্থনীতিবিদ,অসমীয়া ভাষাত অসমৰ অৰ্থনীতি বিষয়ক গ্ৰন্থ লিখা প্ৰথমজন ব্যক্তি ভৱানন্দ ডেকাই মৃত্যু বৰণ কৰিছিল।
  3. ২০১১ চনৰ আজিৰ দিনটোতে সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী, কামতা সাহিত্য ৰত্ন, অম্বিকাচৰণ চৌধুৰীৰ মৃত্য়ু হৈছিল।
  4. ২০১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ফুটবল খেলুৱৈ ৰবিন গুৰুঙ-এ কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অ' এন জি চি দলৰ হৈ ইষ্ট বেংগল দলৰ বিৰুদ্ধে নিজৰ পেছাদাৰী ফুটবল কেৰিয়াৰৰ পাতনি মেলে।
  5. ১৯৯৭ চনৰ আজিৰ দিনটোতে ভাৰত গণতন্ত্ৰৰ ১১শ লোকসভা ভঙ্গ কৰি দিয়া হয়।
  6. ১৮২৯ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত সতীদাহ প্ৰথা নিষিদ্ধ হৈছিল। আৰু ইয়াৰ প্ৰধান উদ্যোক্তা আছিল লৰ্ড বেণ্টিক।
  7. ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমণৰ জন্ম হয়।
  8. ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় টে'ষ্ট ক্ৰিকেটাৰ অমৰ সিঙৰ জন্ম হৈছিল।
  9. আজি ভাৰতৰ নৌ সেনা দিৱস।
  10. ইংৰাজ চিন্তাবিদ আৰু প্ৰসিদ্ধ সাহিত্যিক টমাছ কাৰ্লাইলৰ জন্ম হৈছিল আজিৰ দিনটোতে। তেওঁ ফ্ৰেন্স ৰিভিলিউচনৰ ৰচয়িতা ৰূপে বিখ্যাত আছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]