১১ জানুৱাৰী (ইংৰাজী : 11 January ) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰ ৰ ১১ তম দিন ৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৪ টা দিন (অধিবৰ্ষ ত ৩৫৫টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
১৬৯৩ - ইটালী ৰ ছিচিলীত মাউণ্ট এটনা অগ্নেয়গিড়ীৰ বিস্ফোৰণ ।
১৮৭৯ - দক্ষিণ আফ্ৰিকা ত এংলো-জুলু যুদ্ধৰ সূত্ৰপাত ।
১৭৯৩ - চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ , ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক। তেওঁক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ ভাতৃ ৰবাৰ্ট ব্ৰুছে ১৮২৩ চনত অসমত অসম চাহ আৱিষ্কাৰ কৰিছিল।
১৮৪২ - উইলিয়াম জেম্ছ , আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ।
১৯৫৪ - কৈলাস সত্যাৰ্থী , শান্তিৰ ন'বেল বঁটা বিজয়ী ভাৰতীয় শিশু অধিকাৰ কৰ্মী।
১৯৬২ - তপন দাস , অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক।
১৯৬৪ - বেঞ্জামিন লিষ্ট , জাৰ্মান ৰসায়নবিদ আৰু মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোল ৰিচাৰ্ছৰ সঞ্চালক।
১৯৭৩ - ৰাহুল দ্ৰাবিড় , “দ্য ৱাল” নামে খ্যাত ভাৰতীয় ক্ৰীকেট দলৰ প্ৰাক্তন অধিনায়ক।
১৯৯১ - শ্বেতা বাসু প্ৰসাদ , ভাৰতীয় কথাছবিৰ অভিনেত্ৰী।
১৯৯২ - ফাটিমা ছানা শ্বেইখ , ভাৰতীয় অভিনেত্ৰী।
১৯৯৬ - মনীষ কৌশিক , ভাৰতীয় বক্সাৰ।